এন টি এত ডাঙৰ পৰিৱৰ্তন কৰিবলৈ সাজু চৰকাৰে; সলনি হ’ব সমগ্ৰ গাঁথনি
নীট প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা সংস্কাৰ সন্দৰ্ভত ‘ককৰোচ জনতা পাৰ্টি’ৰ আন্দোলন অব্যাহত আছে। তাৰ পিছতে এন টি এত ডাঙৰ পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে চৰকাৰ।
শিক্ষাৰ সংস্কাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰদৰ্শনক লৈ অতিশয় গম্ভীৰ হৈ পৰা মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়া ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এনটিএ (NTA)-ত ডাঙৰ পৰিৱৰ্তনৰ প্ৰস্তুতি চলাইছে। এতিয়া চৰকাৰে ইয়াৰ গাথঁনিগত পৰিৱৰ্তন কৰিবলৈ সাজু হৈছে।
সূত্ৰৰ উদ্ধৃতিৰে জনোৱা হৈছে যে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এনটিএত এক বৃহৎ সালসলনি হ’ব। সমগ্ৰ গাথঁনিটো সলনি কৰা হ’ব। বহু লোকক এন টি এৰ পৰা আঁতৰোৱা হ’ব। চৰকাৰে ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে।
অহা মাহৰ ভিতৰত এনটিএৰ পুনৰ্গঠন (Restructuring) কৰা হ’ব। সংস্থাটোৱে যিদৰে আউটচ’ৰ্চিং (Outsourcing) কৰে, সেই পদ্ধতি সলনি কৰা হ’ব। বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ ভিত্তিত এই পৰিৱৰ্তনসমূহ কৰা হ’ব।
এটা ‘লিক-প্ৰুফ’ (Leak-proof) ব্যৱস্থা গঢ়ি তোলা হ’ব। এনটিএয়ে নীটকে ধৰি বহুতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰে। চৰকাৰে এনটিএৰ সামগ্ৰিক সংস্কাৰ কৰিবলৈ ওলাইছে। এন টি এত বৃহৎ পৰ্যায়ৰ পৰিৱৰ্তনৰ প্ৰস্তুতি আৰম্ভ হৈছে। চৰকাৰী সূত্ৰ অনুসৰি, সংস্থাটোৰ পৰা প্ৰায় ৪৭ জন বিষয়া আৰু কৰ্মচাৰীক আঁতৰোৱা হ’ব, আনহাতে ইয়াৰে কিছুমানৰ বিৰুদ্ধে ব্যৱস্থাও গ্ৰহণ কৰা হ’ব।
অহা এটা মাহৰ ভিতৰত সংস্থাটোৰ সমগ্ৰ গাথঁনি সংস্কাৰ কৰা হ’ব, যাতে পৰীক্ষা ব্যৱস্থা অধিক স্বচ্ছ আৰু সুৰক্ষিত কৰি তুলিব পৰা যায়। চৰকাৰৰ লক্ষ্য কেৱল কৰ্মচাৰী সলনি কৰাতে সীমিত নাথাকিব, বৰঞ্চ এনটিএৰ কাৰ্যপ্ৰণালীত ব্যাপক সংস্কাৰ সাধন কৰা হ’ব। বিশেষকৈ সংস্থাটোৱে যিদৰে আউটচ’ৰ্চিং জৰিয়তে পৰীক্ষাসমূহ পৰিচালনা কৰে, তাত ডাঙৰ সালসলনিৰ প্ৰস্তুতি চলোৱা হৈছে।
সূত্ৰসমূহে প্ৰকাশ কৰা মতে, বিশেষজ্ঞ সমিতিৰ পৰামৰ্শৰ আধাৰত এই সকলোবোৰ সিদ্ধান্ত লোৱা হৈছে। চৰকাৰে এনে এক ‘লিক-প্ৰুফ’ পৰীক্ষা ব্যৱস্থা গঢ়ি তুলিব বিচাৰে, যাতে প্ৰশ্নকাকত ফাদিল (Paper Leak)ৰ দৰে ঘটনাসমূহ ফলপ্ৰসূভাৱে প্ৰতিৰোধ কৰিব পৰা যায়।
উল্লেখযোগ্য যে, এনটিএয়ে প্ৰতিবছৰে ১৫ ৰ পৰা ২০ টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰে। ইয়াৰ ভিতৰত NEET, JEE, CUET কে ধৰি কেইবাটাও মুখ্য প্ৰৱেশ পৰীক্ষা অন্তৰ্ভুক্ত হৈ আছে। সম্প্ৰতি যোৱা কেইটামান মাহত প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষাৰ অনিয়মক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত চৰকাৰে এই সংস্থাটোৰ ব্যাপক সংস্কাৰৰ দিশত কাম কৰি আছে।
লগতে পঢ়ক: ‘পদত্যাগ সমস্যাৰ সমাধান নহয়’; ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক খাৰিজ চৰকাৰৰ