মহানগৰীত নৃশংস হত্যাকাণ্ড; পত্নীক হত্যা কৰি আত্মসমৰ্পন স্বামীৰ

মহানগৰীৰ উলুবাৰীত‌ এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে।স্বামীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক ।হত্যাকাৰী স্বামীৰ নাম ৰুবুল শৰ্মা ।মৃত মহিলা গৰাকীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য্য শৰ্মা ।

পাৰিবাৰিক কন্দলৰ বাবেই এডাল লোহাৰ ৰডেৰে মৰিয়াই পত্নীক হত্যা কৰাৰ সন্দেহ কৰা হৈছে। ৰুবুল শৰ্মা আৰু শ্ৰেয়া ভট্টাচাৰ্য্য শৰ্মাৰ এটি দুবছৰীয়া কন্যা সন্তানো‌ আছে।

পত্নীক হত্যা কৰি পল্টন বজাৰ থানাত আত্মসমৰ্পন স্বামী ৰুবুল শৰ্মাৰ। কি কাৰণত স্বামী ৰুবুল শৰ্মাই পত্নীক হত্যা কৰিলে  তাৰ প্ৰকৃত এতিয়াও জানিব পৰা হোৱা‌ নাই ।

ইতিমধ্যে ফৰেনচিকৰ এটা দল ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পাৰিবাৰিক কন্দলৰ বাবে ৰদৰে মৰিয়াই মৰিয়াই হত্যা কৰা কথা স্বীকাৰ স্বামীৰ ।