আৰ্শদীপ ইন, কুলদীপ আউট…; নেদাৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্লেয়িং ১১ ত ডাঙৰ সালসলনি
আজি ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। নেদাৰলেণ্ডৰ বিৰুদ্ধে এই মেচখনত ভাৰতীয় দলৰ প্লেয়িং ১১ত পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।
আইচিচি টি-২০ বিশ্বকাপ ২০২৬ত টিম ইণ্ডিয়াৰ বিজয় অভিযান অব্যাহত আছে। ভাৰতীয় দলটোৱে আজি গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেল নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে ভাৰতে আজি খেলপথাৰত নামিব। কিন্তু এই খেলখনৰ বাবে ভাৰতীয় দলৰ প্লেয়িং ১১ত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে।
ছুপাৰ-৮ত প্ৰৱেশ কৰা টিম ইণ্ডিয়াই নেদাৰলেণ্ডৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শন কৰিব বিচাৰিছে।এনে পৰিস্থিতিত কুলদীপ যাদৱ আৰু অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক জিৰণি দিয়াৰ লগতে আৰ্শদীপ সিং আৰু মহম্মদ চিৰাজক সুযোগ দিয়াটো সম্ভৱনা আছে।
অৰ্শদীপে চলিত বিশ্বকাপৰ প্ৰথম দুখন টি২০ মেচত খেলিছিল, কিন্তু পাকিস্তানৰ বিৰুদ্ধে মেচত ভাৰতীয় দলত সুযোগ পোৱা নাছিল।
সংবাদমেলত বেটিং প্ৰশিক্ষকে বুমৰাহৰ খেল নিশ্চিত কৰাৰ বাবে ছিৰাজে ঘূৰি আহিব বুলি আশা কৰা হৈছে।এনে পৰিস্থিতিত আৰ্শদীপ প্লেয়িং ১১ত অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত।
অন্তিম মেচখন ভাৰতীয় দলৰ বাবে গুৰুত্বহীন, কাৰণ ইতিমধ্যেই ভাৰতীয় দলটো ছুপাৰ-৮ত উপনীত হৈছে। সেয়ে এইবাৰ ভাৰতীয় দলৰ পৰা অভিষেক শৰ্মাক বিশ্ৰাম দিয়া হ’ব পাৰে ।ইয়াৰ লগতে বিশ্বৰ শ্ৰেষ্ঠ টি-২০ বলাৰ বৰুণ চক্ৰৱৰ্তী আৰু অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াকো বিশ্ৰাম দিব পাৰে। ।
লগতে পঢ়ক: ৰোমাঞ্চকৰ হৈ উঠিছে টি-২০ বিশ্বকাপ ২০২৬ : বাহিৰ হ’ল এই ৩টা দল, আন ৫টা দলৰ মৰণপণ যুঁজ