আলিয়া ভাটে সঁচাকৈয়ে কপি কৰিছিল নেকি কাঁৰ লুক? দৰ্শকে কৰিলে ট্ৰল

আলিয়া ভাটে

আলিয়া ভাটে চলচ্চিত্ৰ জগতত এক বৃহৎ স্থান অৰ্জন কৰিছে। অতি কম বয়সতে তেওঁ উদ্যোগটোত আৰু অনুৰাগীৰ মাজত নিজৰ নাম উজলাই তুলিছে ।

এতিয়া তেওঁ বলীউডৰ অন্যতম শীৰ্ষ অভিনেত্ৰী, যি মেট গালা আৰু কাঁৰ দৰে ডাঙৰ ডাঙৰ অনুষ্ঠানৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।শেহতীয়াকৈ আলিয়াই কান ২০২৫ত ব্লকবাষ্টাৰ অভিষেক ঘটায়।

আলিয়াৰ ৰেড কাৰ্পেট লুক দেখি পাগল হৈ পৰিল অনুৰাগীসকল। অৱশ্যে এনে কিছুমান ছবি ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে, য’ত তেওঁৰ লুকটো কপি কৰা বুলি কৈছে।

এইবাৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত আটাইতকৈ বেছি চৰ্চিত নাম আছিল মাত্ৰ দুটা – ঐশ্বৰ্য ৰায় আৰু আলিয়া ভাট।মেট গালাৰ গ্লেমাৰাছ লুকটোৰ পিছত অনুৰাগীসকলে আশা কৰিছিল যে কাপুৰ পৰিয়ালৰ বোৱাৰী আলিয়াইও কানত বিশেষ কিবা এটা কৰিব।

ইয়াৰ পূৰ্বে আলিয়াই ৰেড কাৰ্পেটত অভিষেক ঘটাব বুলি খবৰ আহিছিল যদিও তাৰ পিছত তেওঁ অস্বীকাৰ কৰিছিল।কিন্তু কাঁ চলচ্চিত্ৰ মহোৎসৱত শেষ হোৱাৰ মাত্ৰ এদিন আগতে আলিয়াই নিজৰ গ্ৰেণ্ড এণ্ট্ৰিৰে সকলোকে আচৰিত কৰি তুলিছিল আৰু নিজৰ লুকেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

কাঁত আলিয়া ভাটে এটা অতি বিশেষ ভিনটেজ ষ্টাইলৰ গাউন পিন্ধিছিল য’ত তেওঁক এবছল্ট ড্ৰিম গাৰ্লৰ দৰে দেখা গৈছিল।সামাজতে সামাজিক মাধ্যমত অভিনেত্ৰী গৰাকীৰ এই লুক এতিয়া ভাইৰেল হৈ পৰিছে।

কিন্তু তাৰ মাজতে বহু লোকে আলিয়া ভাটে এই লুকচ কপি কৰিছে বুলি ট্ৰল কৰিছে। ভাইৰেল হোৱা ফটোবোৰত আলিয়াৰ দৰে সাজ-পোছাক পিন্ধা আন এগৰাকী মডেলক দেখা গৈছে।

কাপুৰৰ পৰা হেয়াৰ ষ্টাইললৈকে দুয়োকে দেখাত প্ৰায় একেই লাগিছে।কেৱল এয়াই নহয়, দুয়োগৰাকীয়ে গহনা নোহোৱাকৈয়ে নিজৰ লুকটো ৰাখিছিল। দুয়োৰে সাজ-পোচাকৰ ৰঙো একেই আছিল।

মডেল গৰাকীক কপি কৰাৰ বাবেই এতিয়া অনুৰাগী সকলে বলীউডৰ অভিনেত্ৰীসকলৰ নিজস্বতা নাই বুলি সমালোচনা কৰিছে।

লগতে পঢ়ক: ‘বাংলাদেশত কাম কৰা মোৰ বাবে সম্ভৱ নহয়’; শান্তি নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ পদত্যাগ!

বিবাহপাশত আৱদ্ধ হ’ল আদৰ জৈন আৰু আলেখা আদৱানী; আনন্দত আত্মহাৰা আলিয়া, ৰণবীৰ, কৰিণা

ৰাজ কাপুৰৰ নাতি আদৰ জৈনে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত আলেখা আদৱানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। বলিউডৰ কাপুৰ পৰিয়াল বৰ্তমান আনন্দত নিমজ্জিত হৈ আছে।

গোটেই কাপুৰ পৰিয়ালটোক আদৰৰ বিয়াত এক বিশেষ শৈলীত দেখা গৈছিল।বিবাহ অনুষ্ঠানটো মুম্বাইৰ তাজমহল প্ৰাসাদত অনুষ্ঠিত হৈছিল, য’ত বলীউডৰ বিশিষ্ট তাৰকাসকলক উপস্থিত থকা দেখা গৈছিল।

বিবাহৰ অনুষ্ঠানত কৰিশ্মা কাপুৰ, নীতু কাপুৰ, ৰণবীৰ কাপুৰ, আলিয়া ভাট, কৰীণা কাপুৰ আৰু ৰিদ্ধিমা কাপুৰ চাহনীও উপস্থিত আছিল।

কাপুৰ পৰিয়ালৰ বোৱাৰী আলিয়া ভাট, কাপুৰ পৰিয়ালৰ জীয়ৰী কৰিশ্মা আৰু কৰীণা কাপুৰে তেওঁলোকৰ ষ্টাইলৰ বাবে সকলোকে প্ৰভাৱিত কৰা দেখা গৈছিল।

আলিয়া ভাটে তেওঁৰ দেওৰেক আদৰ জৈনৰ বিশাল বিবাহত ধুনীয়াকৈ পোছাক পিন্ধি উপস্থিত হৈছিল।আলিয়া ভাটে গোলাপী চেকুইন যুক্ত এখন শাৰী পিন্ধি তেওঁৰ সৌন্দৰ্য আৰু আকৰ্ষণ প্ৰদৰ্শন কৰিছিল।

আলিয়া ভাটে তেওঁৰ স্বামী ৰণবীৰ কাপুৰৰ সৈতে দেওৰেক আদৰ জৈনৰ বিয়াত কেইবাবাৰো ফটোৰ প’জ দিছিল।ৰণবীৰক তেওঁৰ ভায়েকৰ বিয়াত এটা সেউজীয়া ইণ্ডো-ৱেষ্টাৰ্ণ পোছাকত দেখা গৈছিল।

ইফালে বলীউডৰ কুইন বেবকো যথেষ্ট ষ্টাইলিছ দেখা গৈছিল। কৰীণাই তেওঁৰ সৰু ভায়েক আদৰ জৈনৰ বিয়াতো অনন্য শৈলীৰে অনুষ্ঠানটোত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল।

কৰীণাই এখন উজ্জ্বল ৰঙা শাৰী পৰিধান কৰিছিল।অভিনেত্ৰীগৰাকীয়ে তেওঁৰ শাৰীৰ সৈতে সেউজীয়া দুটা স্তৰৰ হীৰাৰ নেকলেস পিন্ধিছিল।

ষ্টাইলিছ অমৃত কৌৰে কাপুৰ পৰিয়ালৰ মহিলাসকলৰ প্ৰদৰ্শনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত নীতু কাপুৰ, ৰিদ্ধিমা কাপুৰ চাহনী, কৰিশ্মা কাপুৰ, আনিছা মালহোত্ৰা আৰু দৰাৰ মাতৃ ৰীমা জৈনে নৃত্য কৰিছে।

ক্লিপটোত কৰিশ্মাৰ ২০০১ চনত মুক্তি পোৱা “জুবেদা”ৰ “মেহেন্দি হে ৰচনে ৱালী” গানটো নৃত্য কৰা দেখিবলৈ পোৱা গৈছে।  ভিডিঅ’ টো সামাজিক মাধ্যমত ইতিমধ্যে বাইৰেল হৈ পৰিছে।  

২৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ৰাহা কাপুৰৰ বাংলো; ‘মান্নাত’ আৰু ‘জলচা’কো পেলালে চেৰ

বলীউডৰ তাৰকাসকলৰ উজ্জ্বল পৃথিৱীৰ উন্মাদনা প্ৰায়ে অনুৰাগীসকলৰ ক্ষেত্ৰত দেখা যায়। চলচ্চিত্ৰ তাৰকাৰ ঘৰৰ পৰা দামী গাড়ীলৈকে, প্ৰায়ে আলোচনাৰ বিষয় হয়।

আজিও বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু অমিতাভ বচ্চনৰ বাংলোবোৰ অনুৰাগীৰ দ্বাৰা পৰিবেষ্টিত হৈ আছে। বলীউডৰ তাৰকাসকলৰ মাজত আটাইতকৈ ব্যয়বহুল ঘৰটোৰ গৰাকী হ’ল শ্বাহৰুখ খান।

কিন্তু এতিয়া এই অভিলেখটো সোনকালেই ভংগ হ’বলৈ গৈ আছে। ৰণবীৰ কাপুৰৰ প্ৰিয় ৰাহা কাপুৰৰ বিলাসী ঘৰটো সম্পূৰ্ণ হৈছে।

প্ৰায় ২৫০কোটি টকা ব্যয়েৰে নিৰ্মিত, এই ঘৰটো বলীউডৰ তাৰকাসকলৰ মাজত আটাইতকৈ ব্যয়বহুল হ’ব। ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে এই ঘৰটো তেওঁলোকৰ আইতা কৃষ্ণ কাপুৰৰ নামেৰে নামাকৰণ কৰিছে।

অৱশ্যে, এই ঘৰটোৰ মালিকীস্বত্ব ৰাহাৰ নামত আছে বুলি কোৱা হৈছে। এই ঘৰটোৰ মূল্য শ্বাহৰুখ খানৰ বাংলো ‘মান্নাত’ আৰু অমিতাভ বচ্চনৰ বাংলো ‘জলচা’তকৈ বেছি হ’ব। এই ঘৰটো প্ৰায় সাজু হৈ উঠিছে।

ৰণবীৰ কাপুৰক অলপতে তেওঁৰ পত্নী আলিয়া ভট্ট, জীয়ৰী ৰাহা আৰু মাতৃ নীতুৰ সৈতে ঘৰটোত দেখা গৈছিল।এই তাৰকাসকলৰ ইয়ালৈ অহাৰ ভিডিঅ’বোৰো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে।

ঘৰটোৰ বাহিৰটো ধূসৰ আৰু অফ-হোৱাইট, ডাঙৰ খিৰিকী আৰু বেলকনিৰে ভৰ্তি। এই ৬ মহলীয়া ভৱনটো এতিয়া ৰণবীৰ আৰু আলিয়া ভাটৰ নতুন বাসস্থান হ’ব পাৰে।

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট বৰ্তমান সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘লাভ এণ্ড ৱাৰ’ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে। ছবিখনত মুখ্য চৰিত্ৰত বিকি কৌশলেও অভিনয় কৰিছে।