আম আদমি পাৰ্টীয়ে ঘোষণা কৰিলে ১৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা

আম আদমি পাৰ্টীয়ে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ১৪ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে

আম আদমি পাৰ্টীয়ে (AAP) ২৬ মাৰ্চত আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ১৪ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে । ৰাজ্যখনৰ বিভিন্ন সমষ্টিৰ বাবে এই প্ৰাৰ্থীসকলৰ নাম ঘোষণা কৰিছে দলটোৱে ।

দলটোৱে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি নাওবৈচা, দেৰগাঁওhttps://en.wikipedia.org/wiki/Dergaon, গহপুৰ, মধ্য গুৱাহাটী আৰু শিৱসাগৰৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হৈছে ।

দলটোৱে ঘোষণা কৰা প্ৰাৰ্থীসকল :

  • নাওবৈচা: অচ্যুত দাস
  • দেৰগাঁও: পুলিন গগৈ
  • গহপুৰ: জৰবম কুটুম
  • মধ্য গুৱাহাটী: অনুৰূপা ডেকাৰাজা
  • খুমটাই: আশীষ হাজৰিকা
  • শিৱসাগৰ: তপন গগৈ
  • ৰঙানদী: টিকেন্দ্ৰ থাপা
  • চেঙা: জাহিদুল ইছলাম খান
  • নদুৱাৰ: ৰঞ্জিত বড়ো
  • তিতাবৰ: পল্লৱ শইকীয়া
  • পূব গোৱালপাৰা: জিন্না আমিৰ হুছেইন
  • ৰহা: বৰুণ বিকাশ দাস
  • বোকাজান: মেনুকা তিমুংপি
  • বিশ্বনাথ: অনন্ত গগৈ

লগতে পঢ়ক : আজিয়ে ঘোষণা হ’ব পাৰে অসম বিধানসভা নিৰ্বাচনৰ দিন

“কেৱল হিন্দুৱে উৎসৱত সেৱন কৰে সুৰা”!  বিতৰ্কিত মন্তব্য কৰি বিপদত বিধায়ক, বিচাৰিলে ক্ষমা  

জম্মু-কাশ্মীৰৰ আম আদমি পাৰ্টীৰ (এএপি) বিধায়ক মেহৰাজ মালিকয়ে এক বিতৰ্কিত মন্তব্য কৰিছে। বিধায়ক মেহৰাজ মালিক কৈছিল যে ‘হিন্দু লোকসকলে উৎসৱ আৰু বিয়াত মদ খায়’।

মন্তব্য দিয়াৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছিল। তাৰ পিছতেই এতিয়া মেহৰাজ মালিকয়ে স্পষ্টীকৰণ দিছে। তেওঁ কৈছে যে ‘মোৰ মন্তব্যৰ বাবে যদি কাৰোবা কষ্ট হৈছে, তেন্তে মই লজ্জিত’।

আম আদমি পাৰ্টীৰ বিধায়কৰ মেহৰাজ মালিক বৃহস্পতিবাৰে (২০ ফেব্ৰুৱাৰী) সংবাদ মাধ্যমৰ সৈতে কথা পাতোঁতে কয় যে , “সকলো লোকেই মদ খায়। কিছু মানুহে পৰ্দাৰ পিছত খায় আৰু কিছু মানুহে খোলাকৈ খায়”।

তেওঁ কৈছিল যে “অৱশ্যে, যিজনে এইটো জনতাৰ মাজত আনিছে, তেওঁ একেই গোট।” বিজেপিৰ যি সকল বিধায়ক আছে, তেওঁলোক সকলো হিন্দু সমাজৰ পৰা আহে। যদিহে মন্দিৰৰ চহৰত মদৰ বিক্ৰী হৈছে তেন্তে বিক্ৰী কাৰীও একেই।

বিধায়ক মেহৰাজ মালিকে আৰু কৈছিল যে, ” আপোনালোকে নিজে কওক যে জম্মু-কাশ্মীৰত মুছলিম সমাজৰ দোকান ক’ত আছে? তথাপি, যদি মোৰ মন্তব্যই কাৰোবাক আঘাত কৰিছো, তেন্তে মই লজ্জিত।”

মোৰ উদ্দেশ্য কাকো ক্ষতি কৰা নহয়, বৰং যুৱ সমাজ আৰু জাতি উদ্ধাৰ কৰাৰ চেষ্টা কৰা হৈছে। তেওঁ কয় যে “মই যি দিছোঁ, সেই কথা হে কৈছোঁ।

বিবাহত মদ খোৱা সাধাৰণ কথা আৰু মই এক পুণ্য অনুষ্ঠানৰ দৰে ভাবো। যদি তাত মুকলিকৈ মদ খায় তেনেহলে সেয়া বেয়া কথা”।