এছ জয়শংকৰৰ সৈতে প্ৰথমখন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ল আমেৰিকাৰ নতুন বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে কোৱাড বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ অন্তত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় । জয়শংকৰে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাইক ৱাল্টজৰ সৈতেও বৈঠকত মিলিত হয় । ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণৰ পিছত ৱাশ্বিংটন ডিচিত কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত জয়শংকৰে অংশগ্ৰহণ কৰে । এই বৈঠকত তেওঁৰ আমেৰিকান সমকক্ষৰ লগতে জাপানৰ বৈদেশিক মন্ত্ৰী তাকেছি ইৱায়া আৰু অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱঙো উপস্থিত আছিল ।

জয়শংকৰে এক্সৰ এটা পোষ্টত কয় যে মাৰ্কো ৰুবিঅ’ই বিদেশ সচিব হিচাপে দায়িত্ব লোৱাৰ পিছত তেওঁৰ প্ৰথমখন দ্বিপাক্ষিক বৈঠকৰ বাবে লগ পোৱাটো এক আনন্দৰ কথা । য’ত আমি আমাৰ ব্যাপক দ্বিপাক্ষিক অংশীদাৰিত্বৰ পৰ্যালোচনা কৰিলোঁ, যাৰ বাবে ৰুবিঅ’ এক শক্তিশালী সমৰ্থক হৈ আহিছে । লগতে তেওঁৰ পোষ্টত জয়শংকৰে কয় যে আমি বহুতো আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ত মত বিনিময় কৰিলোঁ । আমাৰ কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বাবে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ মই আগ্ৰহী ।

ইয়াৰ পূৰ্বে ৰুবিঅ’ই নিজৰ কাৰ্যকালৰ প্ৰথম দিনাই কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলক সাক্ষাৎ কৰি আমেৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে কাম আৰম্ভ কৰে । বৈঠকৰ পূৰ্বে কোৱাডৰ বৈদেশিক মন্ত্ৰীসকলে নিজৰ দেশৰ পতাকাৰ সন্মুখত ৰুবিঅ’ৰ সৈতে ফটো উঠিছিল ।

১৮ হাজাৰ ভাৰতীয়ৰ বাবে বাজি উঠিল বিপদ ঘন্টা…! ঘূৰাই পঠিওৱা হ’ব পাৰে আমেৰিকাৰ পৰা

চাৰি বছৰৰ পাছত ক্ষমতালৈ উভতি অহা ড’নাল্ড ট্ৰাম্প পুনৰবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ কৰিছে । সোমবাৰে (২০ জানুৱাৰী, ২০২৫) তেওঁ আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে । ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে অবৈধ অনুপ্ৰৱেশকাৰীৰ হৃদস্পন্দন বাঢ়িছে । ইফালে ইয়াৰ বোজা অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ ওপৰতো পৰিব বুলি খবৰ আহিছে ।

ব্লুমবাৰ্গে দাবী কৰিছে যে ১৮ হাজাৰ অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক আমেৰিকাৰ পৰা ঘূৰাই পঠিওৱা হ’ব । ভাৰত আৰু আমেৰিকা এই বিষয়ত ইখনে সিখন দেশক সহযোগ কৰিবলৈ সাজু । অবৈধ অনুপ্ৰৱেশ ট্ৰাম্পৰ বাবে এটা ডাঙৰ নিৰ্বাচনী বিষয় হৈ পৰিছে । ইয়াৰ বিৰুদ্ধে ট্ৰাম্পে এক কাৰ্যবাহী আদেশ জাৰি কৰিছে । আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগে ২০২২ চনত ইয়াৰ সৈতে জড়িত তথ্য প্ৰকাশ কৰিছিল । অৱশ্যে ইয়াৰ প্ৰক্ৰিয়া সম্পৰ্কীয় পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই ।

শপত গ্ৰহণ কৰাৰ পিছত অবৈধ অনুপ্ৰৱেশকাৰী সন্দৰ্ভত ঘোষণা-

দৰাচলতে ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পিছত কৰা ডাঙৰ ডাঙৰ ঘোষণাসমূহৰ ভিতৰত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়টোও আছিল । তেওঁ আমেৰিকাত অবৈধভাৱে প্ৰৱেশ কৰাত স্থায়ী নিষেধাজ্ঞা ঘোষণা কৰিছিল । অনুমান কৰা হৈছে যে আমেৰিকাত প্ৰায় ৭.২৫ লাখ ভাৰতীয়ই অবৈধভাৱে বাস কৰি আছে । ২০২২ চনৰ পিউ ৰিচাৰ্চ চেণ্টাৰৰ মূল্যায়ন অনুসৰি আমেৰিকাত মুঠ ১০ কোটি ১০ লাখ লোকে অবৈধভাৱে বাস কৰি আছে ।

কি ক’লে ড’নাল্ড ট্ৰাম্পে ?

তেওঁ কৈছিল, “তেওঁ আমেৰিকা-মেক্সিকো সীমান্তত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব । অবৈধ প্ৰৱেশ তৎক্ষণাত বন্ধ কৰা হ’ব আৰু তেওঁৰ প্ৰশাসনে লাখ লাখ অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ।” তেতিয়াৰ পৰাই আমেৰিকাত বাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলে বিপদৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰিছে । একে সময়তে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিষয়ত ভাৰতৰ স্থিতি স্পষ্ট হৈ পৰিছে যে পৃথিৱীত ভাৰতীয় য’তেই নাথাকক কিয়, সেই ঠাইৰ নিয়ম-বিধি মানি চলিব লাগে ।

‘পুনৰ একেলগে কাম কৰিবলৈ আগ্ৰহী’…আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰূপে শপত লোৱা ড’নাল্ড ট্ৰাম্পক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

২০২৫ চনৰ ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ড’নাল্ড ট্ৰাম্পে । আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে পুনৰ শপত গ্ৰহণ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত ট্ৰাম্পক অভিনন্দন জনাইছে । প্ৰধানমন্ত্ৰী মোদীয়ে পোষ্টটোত লিখিছে যে মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ বাবে বহু অভিনন্দন । প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে তেওঁৰ সৈতে পুনৰ এবাৰ কাম কৰি দুয়োখন দেশক উপকৃত কৰিবলৈ আগ্ৰহী ।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, “আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে আপোনাৰ ঐতিহাসিক কাৰ্যভাৰ গ্ৰহণৰ বাবে মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অভিনন্দন ! দুয়োখন দেশৰ উপকাৰ আৰু বিশ্বৰ বাবে এক উন্নত ভৱিষ্যত গঢ়ি তুলিবলৈ মই আকৌ এবাৰ একেলগে কাম কৰিবলৈ আগ্ৰহী । আহিবলগীয়া সফল কাৰ্যকালৰ বাবে শুভেচ্ছা !”

প্ৰধানমন্ত্ৰী মোডীৰ দূত হিচাপে উপস্থিত এছ জয়শংকৰ-

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ দূত হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰতিনিধিত্ব কৰে । প্ৰধানমন্ত্ৰীয়ে ড’নাল্ড ট্ৰাম্পলৈ এখন পত্ৰ লিখিছে, যাৰ সৈতে এছ জয়শংকৰ অনুষ্ঠানত উপস্থিত হয় । শপত গ্ৰহণ অনুষ্ঠানলৈ চৰকাৰৰ মুৰব্বী হিচাপে ৰাষ্ট্ৰদূত প্ৰেৰণ কৰা হয় ।

অনুষ্ঠানত মুকেশ আম্বানী আৰু নীতা আম্বানীয়েও অংশগ্ৰহণ কৰে-

ভাৰতীয় উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ পত্নী নীতা আম্বানীও ড’নাল্ড ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হৈছে, যাক প্ৰধান স্থান দিয়া হৈছে । ভাৰতীয় ব্যৱসায়িক ভ্ৰাতৃত্ববোধৰ পৰা পুনেস্থিত ৰিয়েল এষ্টেট প্ৰতিষ্ঠান কুন্দন স্পেচছৰ পৰিচালন সঞ্চালক আশীষ জৈনেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । ইয়াৰ লগতে গুগলৰ চি ই অ’ সুন্দৰ পিচাইও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

‘আমেৰিকাৰ সোণালী যুগৰ আৰম্ভণি’…শপত গ্ৰহণৰ পিছত ক’লে ৰাষ্ট্ৰপতি ট্ৰাম্পে

ৰিপাব্লিকান নেতা ড’নাল্ড ট্ৰাম্পে ২০২৫ চনৰ ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে । কেপিটেল ৰটাণ্ডাত তেওঁক শপত গ্ৰহণ কৰোৱাই মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে । এই অনুষ্ঠানতে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে জে ডি ভ্যান্সে । ট্ৰাম্পৰ এই শপত গ্ৰহণ অনুষ্ঠান বিশেষ কাৰণ বন্ধ স্থানত অনুষ্ঠিত হয় । ইয়াৰ কাৰণ আছিল ঠাণ্ডা আৰু প্ৰচণ্ড বতাহ ।

শপত গ্ৰহণৰ পিছত ট্ৰাম্পে দেশবাসীক সম্বোধন কৰে । তেওঁ কয় যে আমেৰিকাৰ সোণালী যুগ এতিয়াৰ পৰাই আৰম্ভ হৈছে । আজিৰ পৰা আমাৰ দেশখন সমগ্ৰ বিশ্বতে উত্থান আৰু উজ্জ্বল হৈ উঠিব । এয়া প্ৰতিখন দেশৰ বাবে ঈৰ্ষাৰ কাৰণ হ’ব । ট্ৰাম্প প্ৰশাসনৰ প্ৰতিটো দিনেই মই আমেৰিকা ফাৰ্ষ্টৰ নীতিৰ ওপৰত কাম কৰিম । আমাৰ স্বাধীনতা অব্যাহত থাকিব । ন্যায় সন্তুলিত হৈ থাকিব । আমাৰ অগ্ৰাধিকাৰ হ’ব এখন মুক্ত, সমৃদ্ধিশালী দেশ গঢ়ি তোলা । অতি সোনকালে আমেৰিকাৰ অৱস্থা বহুত ভাল হ’ব ৷ দেশত পৰিৱৰ্তনৰ বতাহ বলিছে । এই মুহুৰ্ত গ্ৰহণ কৰাৰ বাবে আমেৰিকাত এক প্ৰচণ্ড সুযোগ আছে ।

শপত গ্ৰহণৰ পূৰ্বে প্ৰাৰ্থনা সভাৰ অন্তত ট্ৰাম্পে ছেইণ্ট জনছ এপিস্কোপাল চাৰ্চলৈ যায় । ইয়াৰ পিছত ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়াক হোৱাইট হাউছলৈ আদৰণি জনায় । এই ব্যক্তিগত বৈঠক, ক্ষমতা হস্তান্তৰৰ আন এক পৰম্পৰা ।

খবৰ অনুসৰি ট্ৰাম্পে শপত গ্ৰহণ কৰা মঞ্চৰ আটাইতকৈ ওচৰতে বহিছিল ইলন মাস্ক, টাকাৰ কাৰ্লছন আদিয়ে । মাস্কৰ মাতৃ মেয় মাস্ককো হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভ আৰু চেনেটৰ বেছিভাগ সাংসদতকৈ উন্নত আসন দিয়া হৈছিল ।

ভাৰতক প্ৰতিনিধিত্ব কৰি সন্মানিত: জয়শংকৰ

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি তেওঁ সন্মানিত অনুভৱ কৰিছে । জয়শংকৰে ‘এক্স’ৰ এটা পোষ্টত কয় যে আজি ৱাশ্বিংটন ডিচিত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ বিশেষ দূত হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰি সন্মানিত । আজি পুৱা ছেইণ্ট জন চাৰ্চত প্ৰাৰ্থনাতো অংশগ্ৰহণ কৰিলোঁ ।

ড’নাল্ড ট্ৰাম্পক অভিনন্দন জনালে পুটিনে…আমেৰিকাৰ সৈতে সম্পৰ্ক উন্নত হোৱাৰ আশা প্ৰকাশ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পূৰ্বে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ডনাল্ড ট্ৰাম্পক অভিনন্দন জনায়, যিয়ে তেওঁৰ প্ৰশাসনৰ অধীনত আমেৰিকাৰ সৈতে উন্নত সম্পৰ্কৰ আশা ব্যক্ত কৰে । নিৰাপত্তা পৰিষদৰ সদস্যসকলৰ সৈতে এটা ভিডিঅ’ কলৰ সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয়, আমি ট্ৰাম্প আৰু তেওঁৰ দলৰ সদস্যসকলৰ এনে মন্তব্য শুনি আছো যে তেওঁলোকে ৰাছিয়াৰ সৈতে পোনপটীয়া সম্পৰ্ক পুনৰস্থাপন কৰিব বিচাৰে, যিটো আমাৰ দোষ অবিহনে পূৰ্বৰ চৰকাৰে বন্ধ কৰি দিছিল ।

পুটিনে কয়, আমি তেওঁলোকৰ বক্তব্য শুনি আছো যে তৃতীয় বিশ্বযুদ্ধ প্ৰতিহত কৰিবলৈ তেওঁ সকলো কৰিব লাগে । আমি নিশ্চিতভাৱে এনে ধৰণৰ দৃষ্টিভংগীক আদৰণি জনাইছো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু কয় যে ইউক্ৰেইনৰ সৈতে সম্ভাৱ্য শান্তি চুক্তিৰ বিষয়ে আলোচনা কৰিবলৈ মস্কো সাজু । কিন্তু এয়া কেৱল সাময়িক যুদ্ধবিৰতি হ’ব নালাগে, বৰঞ্চ স্থায়ী শান্তি আৰু ৰাছিয়াৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে ট্ৰাম্পে কেইবাবাৰো কৈছিল যে শপত গ্ৰহণ কৰাৰ চৌবিশ ঘণ্টাৰ ভিতৰতে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলাব পাৰে ।

ভাৰতত মুখ্য ন্যায়াধীশে শপত গ্ৰহণ কৰোৱাই ৰাষ্ট্ৰপতিক…আমেৰিকাত কাক এই দায়িত্ব দিয়া হয় ?

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হ’বলৈ সাজু হৈছে ড’নাল্ড ট্ৰাম্প । আজি অৰ্থাৎ ২০২৫ চনৰ ২০ জানুৱাৰী, সোমবাৰে ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব । উল্লেখ্য যে দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হৈছে ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠান । কিন্তু আমেৰিকাত ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰোৱাই জানেনে ?

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প-
আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আজি শপত গ্ৰহণ কৰিবলৈ ওলাইছে । ইয়াৰ লগে লগে জো বাইডেনৰ কাৰ্যকালৰো অন্ত পৰিল । উল্লেখ্য যে ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’বলৈ ওলাইছে । সহজ ভাষাত ক’ব পাৰি যে হোৱাইট হাউছ এৰাৰ প্ৰায় ৪ বছৰ পিছত ট্ৰাম্পে পুনৰ প্ৰৱেশ কৰিব হোৱাইট হাউছত ।

কোনে শপত গ্ৰহণ কৰোৱাই ?
আমেৰিকাৰ ৱাশ্বিংটনত বৰ্তমান অত্যন্ত ঠাণ্ডা । যাৰ বাবে ড’নাল্ড ট্ৰাম্পে শপতগ্ৰহণৰ সময়ত দিয়া উদ্বোধনী ভাষণ মুকলিকৈ অনুষ্ঠিত নহ’ব । আমেৰিকাৰ কেপিটেলৰ ৰটাণ্ডাৰ ভিতৰতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে । মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱাব । আমেৰিকাৰ যিকোনো ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কৰোৱাই মুখ্য ন্যায়াধীশে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ৩৫ শব্দৰ শপত ?
উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৩৫ টা শব্দত শপত লয় । এই শব্দবোৰ আমেৰিকাৰ সংবিধানৰ এক গুৰুত্বপূৰ্ণ অংশ, যাক সংবিধানৰ মৌলিক আত্মা বুলি কোৱা হয় ।
“I do solemnly swear (or affirm) that I will faithfully execute the Office of President of the United States, and will to the best of my ability, preserve, protect and defend the Constitution of the United States.”

মই দৃঢ়তাৰে শপত খাওঁ (বা প্ৰতিজ্ঞা কৰোঁ) যে মই বিশ্বস্ততাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পদ নিষ্ঠাৰে পালন কৰিম, আৰু মোৰ সম্পূৰ্ণ সামৰ্থ্যৰে আমেৰিকাৰ সংবিধান সংৰক্ষণ, সুৰক্ষা আৰু ৰক্ষা কৰিম ।”

দুখন বাইবেল লৈ শপত গ্ৰহণ কৰিব ট্ৰাম্পে-
উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত ড’নাল্ড ট্ৰাম্পে দুখন বাইবেল ব্যৱহাৰ কৰিব । ইয়াৰে এখন তেওঁক মাতৃয়ে উপহাৰ হিচাপে দিছিল, আনহাতে আনখন হৈছে লিংকন বাইবেল ।

শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব এইসকল অতিথি-
ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে । আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মেলি, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি লগতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু নীতা আম্বানী ভাৰতৰ অতিথি হিচাপে উপস্থিত আছে । একে সময়তে টেছলা আৰু স্পেচএক্সৰ চি ই অ’ ইলন মাস্ক, আমাজনৰ কাৰ্যবাহী অধ্যক্ষ জেফ বেজোছ আৰু মেটা প্লেটফৰ্মছৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ।

আজি ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব ডনাল্ড ট্ৰাম্পে ; অনুষ্ঠানত উপস্থিত থাকিব বহু বিশিষ্ট অতিথি

আজি আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত ল’ব ডনাল্ড ট্ৰাম্পে। দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি শপত ল’ব ট্ৰাম্পে। ইউ এছ কেপিটেলৰ ভিতৰত হ’ব এই শপত গ্ৰহণ অনুষ্ঠান।

ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ১০.৩০ বজাত ৰাষ্ট্ৰপতিৰূপে শপত ল’ব ট্ৰাম্পে।আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ উভতি অহাটো আমেৰিকাৰ ইতিহাসতো বিৰল।

তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত কেৱল দ্বিতীয় ৰাষ্ট্ৰপতি যি পুনৰ নিৰ্বাচনত পৰাজিত হয় আৰু ক্ষমতালৈ অহাৰ পিছত পুনৰ নিৰ্বাচনত জয়ী হয়।

এনে কৰা প্ৰথমজন ৰাষ্ট্ৰপতি আছিল গ্ৰোভাৰ ক্লিভলেণ্ড, যি ১৮০০দশকৰ শেষৰ ফালে এনে কৰিছিল।নিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ উদ্বোধনী অনুষ্ঠান সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেপিটলৰ ভিতৰত অনুষ্ঠিত হ’ব।

ইয়াৰ এটা কাৰণ হ’ল বৰ্তমান সমগ্ৰ আমেৰিকাত তীব্ৰ ঠাণ্ডা। ৪০ বছৰৰ ভিতৰত এইটো প্ৰথম বাৰৰ বাবে হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ উদ্বোধনী অনুষ্ঠান ভিতৰলৈ স্থানান্তৰিত কৰা হৈছে।

ট্ৰাম্পে শুকুৰবাৰে তেওঁৰ সামাজিক মাধ্যমত কৈছে, “দেশখনত আৰ্কটিক ঠাণ্ডাৰ প্ৰাদুৰ্ভাৱ হৈছে। মই নিবিচাৰো যে মানুহে কোনো ধৰণে অসুবিধাৰ সন্মুখিন হওক। সেয়েহে, মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেপিটল ৰোটুণ্ডাত উদ্বোধনী ভাষণ, প্ৰাৰ্থনা আৰু অন্যান্য ভাষণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছো।”

উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জে.ডি. ভেন্সে প্ৰথমে শপত গ্ৰহণ কৰিব, তাৰ পিছত ট্ৰাম্পে শপত গ্ৰহণ কৰিব। তাৰ পিছত তেওঁ পৰৱৰ্তী চাৰি বছৰৰ বাবে তেওঁৰ পৰিকল্পনাৰ কথা উল্লেখ কৰি উদ্বোধনী ভাষণ প্ৰদান কৰিব।

পিছত, ৰাষ্ট্ৰপতিৰ কোঠাত, ট্ৰাম্পে তেওঁৰ সহায়ক আৰু কংগ্ৰেছৰ সদস্যসকলৰ সৈতে সাক্ষাৎ কৰিব আৰু মনোনয়ন, ঘোষণা বা কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰিব।

ট্ৰাম্পে তেওঁৰ উদ্বোধনৰ বাবে নেতাসকলক আমন্ত্ৰণ জনাইছে। ইলন মাস্ক, জেফ বেজোছ আৰু মাৰ্ক জুকাৰবাৰ্গৰ দৰে বিলিয়নেয়াৰসকলে অনুষ্ঠানটোত যোগদান কৰিব। লগতে, টিকটকৰ মুৰব্বী শ্ব চিয়েভও উপস্থিত থাকিব।

তত্বাৱধায়ক ৰাষ্ট্ৰপতি জ’ বাইডেন, প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টন, জৰ্জ ডব্লিউ বুছ আৰু বাৰাক অ’বামাই তেওঁলোকৰ পত্নীৰ সৈতে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। ট্ৰাম্পে নিৰ্বাচনত পৰাজিত হোৱা হিলাৰী ক্লিণ্টন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছও উপস্থিত থাকিব।

বিদেশী নেতাসকলৰ ভিতৰত ইটালীৰ প্ৰধানমন্ত্ৰী জিঅৰ্জিয়া মেলোনি, হাংগেৰীৰ ভিক্টৰ অৰবান আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়েৰ মিলিক আমন্ত্ৰণ জনোৱা হৈছে।

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিংলৈও আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছে, কিন্তু তেওঁৰ উপস্থিতি নিশ্চিত কৰা হোৱা নাই। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে একে সময়তে ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ইয়াৰ উপৰিও, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চিএমডি মুকেশ আম্বানী আৰু নীতা আম্বানীক ডনাল্ড ট্ৰাম্পে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিশেষভাৱে আমন্ত্ৰণ জনাইছে।

আমেৰিকাত বন্ধ হৈ গ’ল টিকটক, নিষেধাজ্ঞাৰ পিছতে আতঁৰোৱা হ’ল প্লে ষ্ট’ৰৰ পৰাও

শনিবাৰে সন্ধিয়াৰ পৰা আমেৰিকাত বন্ধ হৈ আছে টিকটক এপ । আচলতে আমেৰিকাত টিকটক নিষিদ্ধ কৰা হৈছে, তাৰ পিছত এই আইন কাৰ্যকৰী হোৱাৰ আগতেই আমেৰিকাত টিকটকৰ কাম-কাজ বন্ধ হৈ গৈছে । ব্যৱহাৰকাৰীয়ে এপটোত ভিডিঅ’ চাব পৰা নাই । ব্যৱহাৰকাৰীসকলে এপটোত এটা বাৰ্তা দেখিছে, য’ত তেওঁলোকক এপটোৰ ওপৰত নিষেধাজ্ঞাৰ বিষয়ে অৱগত কৰা হৈছে । যি কি নহওক বাৰ্তাটোত কোৱা হৈছে আমাৰ সৈতে সংযুক্ত হৈ থাকক । এনে পৰিস্থিতিত অতি সোনকালে ই পুনৰ কাৰ্ক্ষম হৈ উঠিব পাৰে বুলি আশা কৰা হৈছে ।

প্ৰধান প্লে ষ্ট’ৰৰ পৰা আঁতৰোৱা হ’ল এপ-

প্ৰধান প্লে ষ্ট’ৰৰ পৰাও আঁতৰাই দিয়া হৈছে টিকটক । এপল আৰু গুগল প্লে ষ্ট’ৰত দৃশ্যমান হোৱা নাই টিকটক এপ । শেহতীয়াকৈ আমেৰিকা চৰকাৰে আইন প্ৰণয়ন কৰি টিকটক নিষিদ্ধ কৰিছিল । আমেৰিকাৰ উচ্চতম ন্যায়ালয়েও টিকটকৰ মূল কোম্পানী বাইটেডেন্সক আমেৰিকাত এই এপটো চলোৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে । অৱশ্যে এইটোও কোৱা হৈছে যে যদি কোনো আমেৰিকান কোম্পানীয়ে বাইটডান্সৰ শ্বেয়াৰ ক্ৰয় কৰি টিকটক চলায় তেন্তে আমেৰিকাত এই এপটোৱে কাম কৰি যাব পাৰে । এই আইন অনুসৰি ১৯ জানুৱাৰীৰ পৰা আমেৰিকাত টিকটক নিষিদ্ধ কৰা হৈছে । অৱশ্যে আমেৰিকাৰ এটা কোম্পানীক বাইটডান্সৰ শ্বেয়াৰ বিক্ৰী কৰাৰ প্ৰচেষ্টা অব্যাহত আছে ।

ট্ৰাম্পে অব্যাহত ৰখাৰ ইংগিত দিয়ে-

পূৰ্বে ড’নাল্ড ট্ৰাম্পে টিকটক নিষিদ্ধ কৰাৰ পক্ষত আছিল যদিও এতিয়া তেওঁ আমেৰিকাত টিকটক অব্যাহত ৰাখিব পাৰিব বুলি ইংগিত দিছে । সংবাদ মাধ্যমৰ বাতৰিতো দাবী কৰা হৈছে যে ইলন মাস্কে বাইটডান্সৰ শ্বেয়াৰ ক্ৰয় কৰিব পাৰে, কিন্তু এই কথা এতিয়াও নিশ্চিত হোৱা নাই । নিৰাপত্তাজনিত চিন্তাৰ বাবে আমেৰিকাত নিষিদ্ধ কৰা হৈছে টিকটক । আমেৰিকাৰ অভিযোগ যে চীনে টিকটক ব্যৱহাৰকাৰীৰ তথ্য সংগ্ৰহ কৰি আছে । আমেৰিকাত টিকটকৰ ১৭ কোটি ব্যৱহাৰকাৰী আছে ।

৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে সলনি কৰিবলগীয়া হ’ল স্থান; ক’ত শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে

২০ জানুৱাৰীত আমেৰিকাৰ ওপৰত দৃষ্টি থাকিব সমগ্ৰ বিশ্বৰ । কাৰণ ২০ জানুৱাৰীত আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ড’নাল্ড ট্ৰাম্পে । খবৰ অনুসৰি ট্ৰাম্পে শপত গ্ৰহণ অনুষ্ঠানত দুখন বাইবেল ব্যৱহাৰ কৰিব । এই বাইবেলখন ট্ৰাম্পক তেওঁৰ মাতৃয়ে দিছিল । ১৯৫৫ চনত নিউয়ৰ্কৰ জামাইকাৰ ছাণ্ডে চাৰ্চ স্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়ত এই বাইবেল লাভ কৰিছিল ট্ৰাম্পে । বাইবেলখন ১৯৫৩ চনৰ সংশোধিত সংস্কৰণ আৰু ইয়াৰ বেটুপাতত ট্ৰাম্পৰ নাম লিখা আছে ।

লগতে দ্বিতীয়খন বাইবেলৰ কথা কবলৈ গ’লে ড’নাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰিব লগা দ্বিতীয়খন বাইবেলক লিংকন বাইবেল বুলিও কোৱা হয়, যিখন ১৮৬১ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে শপত গ্ৰহণ অনুষ্ঠানত ব্যৱহাৰ কৰিছিল । এই বাইবেলখন এতিয়ালৈকে মাত্ৰ তিনিবাৰহে ব্যৱহাৰ কৰা হৈছে । ইয়াৰ ওপৰত দুবাৰকৈ শপত গ্ৰহণ কৰিছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই । তৃতীয়বাৰৰ বাবে ২০১৭ চনত ড’নাল্ড ট্ৰাম্পে নিজেই এই বাইবেলখন ব্যৱহাৰ কৰি শপত গ্ৰহণ কৰিছিল ।

জে ডি ভেন্সেও তেওঁৰ পৰিয়ালৰ বাইবেল ব্যৱহাৰ কৰিব-

ড’নাল্ড ট্ৰাম্পৰ পিছত যদি আমি আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা জে ডি ভেন্সৰ কথা কওঁ, তেন্তে তেওঁও শপত গ্ৰহণ অনুষ্ঠানত মাতৃয়ে দিয়া বাইবেল ব্যৱহাৰ কৰিব । তেওঁৰ আইতাকে সেই সময়ত মাতৃক দিয়াৰ বাবে ইয়াক তেওঁৰ পৰিয়ালৰ বাইবেল বুলিও কোৱা হয় । তাৰ পিছত ২০০৩ চনৰ ২২ ছেপ্টেম্বৰত মেৰিন কৰ্পছত ভৰ্তি হ’বলৈ ওলোৱাৰ সময়ত মাতৃ বনিয়ে তেওঁক এই বাইবেল দিছিল । এই বাইবেলখন হৈছে কিং জেমছ সংস্কৰণ ।

৪০ বছৰৰ পাছত হ’ব এনে-

ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানৰ স্থানৰ পৰিৱৰ্তনে ৪০ বছৰৰ আগৰ কথা অৰ্থাৎ ১৯৮৫ চনৰ কথা মনত পেলাই দিয়ে । যেতিয়া আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰ’নাল্ড ৰেগানেও ঠাণ্ডাৰ বাবে ৰটাণ্ডাত ভাষণ দিছিল । উল্লেখ্য যে ইয়াৰ পূৰ্বে এই অনুষ্ঠানটো আমেৰিকাৰ কেপিটেলৰ বাহিৰৰ নেশ্যনেল মলত অনুষ্ঠিত হ’বলগীয়া আছিল । ট্ৰাম্পে আৰু কয় যে ঠাণ্ডাৰ বাবে ১৯৮৫ চনত ৰ’নাল্ড ৰেগানে কৰা ধৰণে ৰটাণ্ডাত শপত গ্ৰহণৰ ভাষণ দিব তেওঁ ।