আমেৰিকাৰ যুদ্ধজাহাজ আব্ৰাহাম লিংকনত ইৰাণৰ আক্ৰমণ; বেলেষ্টিক মিছাইল নিক্ষেপ
মধ্যপ্ৰাচ্যত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ মাজত ইৰাণে আমেৰিকাৰ যুদ্ধজাহাজ আব্ৰাহাম লিংকনত আক্ৰমণ চলাইছে।
যোৱা নিশা ইৰাণৰ আকাশত মিছাইলৰ শব্দই সাম্ৰাজ্যৰ ভেটি কঁপাই তুলিছিল।‘অপাৰেচন ৰ’ৰিং লায়ন’ৰ অধীনত ইজৰাইলৰ বায়ুসেনাৰ কেইবাখনো যুদ্ধ বিমানে তেহৰাণৰ দুৰ্গবোৰ সিঁচৰতি কৰি পেলাইছিল। আমেৰিকা আৰু ইজৰাইলৰ এই আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যু হয়।
আমেৰিকা, ইজৰাইল, ইৰাণৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এতিয়া ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰিছে যে আমেৰিকাৰ সেনাৰ বৃহৎ বিমানবাহী জাহাজ আব্ৰাহাম লিংকনক লক্ষ্য কৰি আক্ৰমণ চলাইছে।এইখনেই সেইখন যুদ্ধ জাহাজ যিখনক আমেৰিকাই ইৰাণক আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰিছিল।
ইৰাণৰ চৰকাৰী সংবাদ সংস্থা ইৰনা আৰু আই আৰ জি চিৰ চতুৰ্থটো বিবৃতিৰ উদ্ধৃতি দি দাবী কৰা হৈছে যে ইৰাণৰ সশস্ত্ৰ বাহিনীয়ে অপাৰেচন ট্ৰু প্ৰমিজ ৪ৰ অংশ হিচাপে আমেৰিকা-ইজৰাইলৰ লক্ষ্যত আক্ৰমণ কৰে।ইফালে আমেৰিকাৰ বিমানবাহী জাহাজ আব্ৰাহাম লিংকনক চাৰিটা বেলিষ্টিক মিছাইলেৰে লক্ষ্য কৰি লোৱা হয়।অৱশ্যে এই দাবী সন্দৰ্ভত আমেৰিকাৰ পৰা কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই।
লগতে পঢ়ক: ‘এই হত্যা মানৱ নৈতিকতাৰ উলংঘা…’; খেমেইনীৰ মৃত্যুক লৈ ক্ষোভ প্ৰকাশ পুটিনৰ