ইন্ধনক লৈ মোদী চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত, পেট্ৰ’ল-ডিজেলৰ শুল্কত বৃহৎ কৰ্তন
কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস কৰিছে
বিশ্বজুৰি খাৰুৱা তেল যোগানৰ সংকটৰ মাজতে চৰকাৰে যথেষ্ট সকাহৰ খবৰ দিছে । কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক হ্ৰাস কৰিছে । পেট্ৰ’লৰ আবকাৰী শুল্ক ১০ ৰ পৰা ৩ টকালৈ হ্ৰাস কৰাৰ বিপৰীতে ডিজেলৰ আবকাৰী শুল্ক শূন্যলৈ হ্ৰাস কৰা হৈছে ।
সংকটৰ সময়ত অধিক মূল্যত খাৰুৱা তেল ক্ৰয় কৰিবলৈ বাধ্য হোৱাত চৰকাৰে তেল কোম্পানীসমূহক যথেষ্ট সকাহ দিছে । অৱশ্যে ৰাজ্য চৰকাৰৰ ভেট প্ৰযোজ্য হৈ থাকিব । পূৰ্বে পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক ১৩ টকা আৰু ডিজেলত ১০ টকা প্ৰতি লিটাৰ আছিল । কিন্তু এতিয়া এই পৰিমাণ ১০ টকালৈ হ্ৰাস কৰা হৈছে ।
দিল্লীত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৯৪.৭৭ টকা আৰু ডিজেলৰ মূল্য ৮৭.৬৭ টকা প্ৰতি লিটাৰ । নয়ডাত পেট্ৰ’লৰ মূল্য ৯৪.৮৫ টকা আৰু ডিজেলৰ মূল্য ৮৭.৯৮ টকা । একেদৰে মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰ ১০৩.৫৪ টকা আৰু ডিজেলৰ মূল্য ৯০.০৩ টকা ।
এতিয়া এই হ্ৰাসৰ পিছত যদি তেল কোম্পানীয়ে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰে তেন্তে ইন্ধনৰ মূল্য ১০ টকা পৰ্যন্ত হ্ৰাস পাব পাৰে । এতিয়ালৈকে কেৱল চৰকাৰেহে আবকাৰী শুল্ক হ্ৰাস কৰিছে । পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হ্ৰাস হ’ব তেল কোম্পানীয়ে ঘোষণা কৰাৰ পিছত ।
লগতে পঢ়ক : পশ্চিম এছিয়া সংকটঃ আজি মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী