আই পি এল ২০২৫ৰ নতুন সূচী প্ৰকাশ… ৬খন খেলপথাৰত অনুষ্ঠিত হ’ব ১৭খন মেচ; ফাইনেল কেতিয়া ?

টাটা আই পি এল ২০২৫ পুনৰ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰা হৈছে । ২০২৫ চনৰ ১৭ মে’ৰ পৰা আৰম্ভ হৈ ৩ জুনত অনুষ্ঠিত হ’বলগীয়া ফাইনেললৈকে ৬টা স্থানত মুঠ ১৭খন খেল অনুষ্ঠিত হ’ব । সংশোধিত সূচীত দুখন ডাবল হেডাৰ অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰ দুটা দেওবাৰে অনুষ্ঠিত হ’ব । উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ বাবে আই পি এল স্থগিত ৰখা হৈছিল ।

চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে বিতং আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আইয়ে । সকলো প্ৰধান অংশীদাৰৰ সন্মতি সাপেক্ষে সিদ্ধান্ত লোৱা হ’ল যে চলিত ছিজনৰ বাকী থকা মেচসমূহ এতিয়া সম্পূৰ্ণ হ’ব ।

১৭ মে’ৰ পৰা ৩ জুনলৈ অব্যাহত থাকিব ক্ৰিকেটৰ ৰোমাঞ্চ-

সংশোধিত সূচী অনুসৰি আই পি এল ২০২৫ৰ বাকী ১৭খন মেচ ৬টা ভিন্ন স্থানত অনুষ্ঠিত হ’ব । এই মেচসমূহ ১৭ মে’ৰ পৰা আৰম্ভ হ’ব আৰু চূড়ান্ত মেচ অৰ্থাৎ ফাইনেলখন ৩ জুনত অনুষ্ঠিত হ’ব । এই সময়ছোৱাত দৰ্শকে একেদিনাই দুখন ‘ডাবল হেডাৰ’ অৰ্থাৎ দুখন মেচ চাবলৈ পাব । দেওবাৰে অনুষ্ঠিত হ’ব এই ডাবল হেডাৰ ।

অৱশ্যে কোন খেলপথাৰত কোনখন মেচ অনুষ্ঠিত হ’ব সেয়া এতিয়াও বি চি চি আইয়ে স্পষ্ট কৰা নাই যদিও অতি সোনকালে সকলো স্থান আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ।

প্লে অফৰ মেচৰ সূচী প্ৰকাশ-

আই পি এল ২০২৫ৰ প্লে অফ পৰ্যায়ৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে । এই পৰ্যায়টো সদায় লীগৰ আটাইতকৈ ৰোমাঞ্চকৰ অংশ য’ত শীৰ্ষ ৪ টা দলে খিতাপৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । প্লে অফৰ খেলসমূহৰ সময়সূচী তলত দিয়া ধৰণৰ ।

কোৱালিফায়াৰ ১–  ২৯ মে’ ২০২৫

এলিমিনেটৰ–  ৩০ মে’, ২০২৫

কোৱালিফায়াৰ ২–  ১ জুন ২০২৫

ফাইনেল – ৩ জুন ২০২৫

এই চাৰিখন খেলৰ স্থান পৰৱৰ্তী সময়ত বি চি চি আইয়ে ঘোষণা কৰিব যদিও এই মেচসমূহ প্ৰধান মেট্ৰ’ বা নিৰাপদ উপকূলীয় স্থানত অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে ।

দেশৰ সশস্ত্ৰ বাহিনীক বি চি চি আইৰ প্ৰণাম-

এই উপলক্ষে বি চি চি আইয়ে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ নেতৃত্ব দিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু দৃঢ়তাক প্ৰণাম জনাইছে । ব’ৰ্ডে নিজৰ বিবৃতিত কয়, “ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু নিষ্ঠাক আমি প্ৰণাম জনাইছো, যাৰ বাবে ক্ৰিকেটৰ নিৰাপদ প্ৰত্যাৱৰ্তন সম্ভৱ হৈছে । বি চি চি আইয়ে ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ বুলি বিবেচনা কৰে আৰু একে মনোভাৱেৰে আই পি এল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।”

পুনৰ কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এল ২০২৫ ?  আজি অনুষ্ঠিত হ’ব বি চি চি আইৰ বৈঠক

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজত বন্ধ হৈ থকা আই পি এল ২০২৫ প্ৰতিযোগিতাখন ১৫ মে’ৰ পৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । নিজৰ দেশলৈ উভতি যোৱা অষ্ট্ৰেলিয়ান খেলুৱৈসকলকো এই বিষয়ে অৱগত কৰা হৈছে । বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই নিশ্চিত কৰিছে যে আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব য’ত স্থানকে ধৰি সকলো দিশ পুনৰ বিবেচনা কৰা হ’ব ।

অষ্ট্ৰেলিয়াকে ধৰি সকলো দেশৰ খেলুৱৈয়ে আই পি এল স্থগিত ৰখাৰ পিছত ভাৰত এৰি গৈছে, কিছুমানে নিজৰ দেশলৈ উভতি যোৱাৰ বিপৰীতে বহুতে পৰ্যটনৰ বাবে আন দেশলৈ গৈছে । বিদেশী খেলুৱৈসকলো প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ এটা ডাঙৰ কাৰণ আছিল, কিয়নো তেওঁলোকে এই মানসিক চাপৰ পৰিস্থিতিত থাকিব বিচৰা নাছিল । কিন্তু এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা কমি অহাৰ লগে লগে খেলুৱৈসকলক কোৱা হৈছে যে শীঘ্ৰে প্ৰতিযোগিতাখন আৰম্ভ হ’ব পাৰে ।

অষ্ট্ৰেলিয়াৰ ৱেবছাইট ক’ডস্প’ৰ্টছৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ১৫ মে’ বৃহস্পতিবাৰৰ পৰা আই পি এল পুনৰ আৰম্ভ হ’ব পাৰে, এই তথ্য অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলক দিয়া হৈছে । এই সন্দৰ্ভত আজি বি চি চি আইৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব, য’ত গভৰ্নিং কাউন্সিল আৰু বিষয়াসকলে পৰিস্থিতিৰ ওপৰত আলোচনা কৰি চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে ।

আজি বি চি চি আইৰ বৈঠক-

বি চি চি আইৰ উপাধ্যক্ষ ৰাজীৱ শুক্লাই কয়, “যুদ্ধবিৰতিৰ নতুন পৰিঘটনাৰ লগে লগে ​​১১ মে’ত বি চি চি আই, আই পি এল গভৰ্নিং কাউন্সিল আৰু বিষয়াসকলৰ বৈঠকত পৰিস্থিতিৰ বিষয়ে আলোচনা হ’ব । আমি প্ৰতিযোগিতাৰ সময়সূচী পুনৰীক্ষণ কৰি ইয়াক সম্পূৰ্ণ কৰাৰ সৰ্বোত্তম উপায়ৰ বিষয়ে সিদ্ধান্ত লম । যুদ্ধবিৰতিৰ সময়ত প্ৰথমে নিৰ্ধাৰণ কৰা স্থানসমূহকে ধৰি সকলো দিশকে পুনৰ বিবেচনা কৰা হ’ব । অতি সোনকালে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ।”

কিমান মেচ বাকী আছে ?

ধৰমশালাত অনুষ্ঠিত পঞ্জাব কিংছ বনাম দিল্লী কেপিটেলছৰ খেলখন মাজভাগত বন্ধ কৰি দিয়া হয়, তাৰ পিছতে আই পি এল পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হয় । এতিয়া পুনৰ আই পি এল আৰম্ভ হ’লে এই মেচখনো অনুষ্টিত হোৱাৰ সম্ভাৱনা আছে ।  এই মেচকে ধৰি চলিত আই পি এলৰ লীগ পৰ্যায়ত এতিয়াও ১৩খন খেল বাকী আছে । তিনিটা দল (চি এছ কে, আৰ আৰ, এছ আৰ এইচ) দৌৰৰ বাহিৰত থকাৰ সময়ত প্লে অফৰ বাবে কোনো দলে যোগ্যতা অৰ্জন কৰা নাই ।

পইণ্ট তালিকাত ১৬-১৬ পইণ্টেৰে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে গুজৰাট (জি টি) আৰু বাংগালুৰু (আৰ চি বি) । ১৫ পইণ্টেৰে তৃতীয় স্থানত আছে পঞ্জাব কিংছ আৰু ১৪ পইণ্টেৰে চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছ । দিল্লী (ডি চি), কলকাতা (কে কে আৰ) আৰু লক্ষ্ণৌ (এল এছ জি)ও প্লে অফৰ দৌৰত আছে ।

আই পি এলৰ বাবে মুকলি হ’ল খেলপথাৰ… যুদ্ধবিৰতিৰ পিছত নতুন তাৰিখ ঘোষণা কৰিব পাৰে বি চি চি আইয়ে

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে । ভাৰতৰ পৰাক্ৰমৰ আগত নতশিৰ হৈ যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়ে পাকিস্তানে । ইয়াৰ পাছতে ভাৰতে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে । এই কথা সামাজিক মাধ্যমৰ জৰিয়তে প্ৰথমে নিশ্চিত কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । এনে পৰিস্থিতিত এতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শীঘ্ৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব পাৰে ।

উল্লেখ্য যে শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ বাবে শুকুৰবাৰে এসপ্তাহৰ বাবে আই পি এল স্থগিত ৰখা হৈছিল । অৱশ্যে এই প্ৰতিযোগিতাখন পুনৰ কেতিয়াৰ পৰা আৰম্ভ হ’ব সেই সন্দৰ্ভত সিদ্ধান্ত ল’ব পৰা নগ’ল । কিন্তু এতিয়া শেহতীয়া পৰিস্থিতিৰ পিছত অনুমান কৰা হৈছে যে বি চি চি আইয়ে অতি সোনকালে এই সন্দৰ্ভত কিছু নিৰ্দেশনা জাৰি কৰিব পাৰে ।

৫৭ খন মেচ খেলা হৈছে, ৫৮ সংখ্যক মেচ মাজভাগত স্থগিত-

২০২৫ চনৰ আই পি এলত মুঠ ৫৭খন মেচ অনুষ্ঠিত হয় । ৮ মে’ত ধৰমশালাত পঞ্জাব কিংছ (পি বি কে এছ) আৰু দিল্লী কেপিটেলছ (ডি চি)ৰ মাজত ৫৮ সংখ্যক মেচখন অনুষ্ঠিত হৈছিল যদিও মাত্ৰ ১০.১ অভাৰৰ অন্তত খেলখন বন্ধ হৈ পৰে । এই মেচখন পুনৰ অনুষ্ঠিত হ’ব নে নহয় সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই । ৮ মে’ত যেতিয়া মেচখন বন্ধ হৈছিল তেতিয়া পঞ্জাব কিংছে ১০.১ অভাৰত ১ উইকেট হেৰুৱাই ১২২ ৰান সংগ্ৰহ কৰিছিল । প্ৰিয়ংশ আৰ্য্যই ৫টা চাৰি আৰু ৬টা ছয়ৰ সহায়ত ৩৪টা বলত ৭০ ৰান সংগ্ৰহ কৰে । প্ৰভসিমৰণ সিঙে ২৮টা বলত ৫০ ৰান আৰু শ্ৰেয়াছ আয়েৰে ০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছিল ।

এতিয়া লীগ পৰ্যায়ত মাত্ৰ ১২খন মেচ বাকী আছে, তাৰ পিছত প্লে অফৰ ৪খন মেচ থাকিব । পূৰ্বৰ সূচী অনুসৰি কোৱালিফায়াৰ ১ আৰু এলিমিনেটৰ হায়দৰাবাদত অনুষ্ঠিত হ’ব, আনহাতে কোৱালিফায়াৰ ২ আৰু ফাইনেল কলকাতাত অনুষ্ঠিত হ’ব ।

বি চি চি আইৰ ডাঙৰ ঘোষণা; অনিৰ্দিষ্টকাললৈ বাতিল IPL ২০২৫

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। তাৰ মাজতে আই পি এল ২০২৫ ক লৈ এটা ডাঙৰ খবৰ আহিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৮ সংখ্যক ছিজন অনিৰ্দিষ্টকাললৈ স্থগিত কৰা হৈছে।

২২ মাৰ্চৰ পৰা আৰম্ভ হৈছিল আই পি এল ২০২৫।৭ মে’লৈকে ৫৭খন মেচ সুকলমে অনুষ্ঠিত হৈছিল।৮ মে’ৰ দিনা ধৰ্মশালাত পঞ্জাৱ আৰু দিল্লীৰ মাজত হোৱা খেলখন মাজভাগতে বন্ধ কৰা হৈছিল।

ইয়াৰ পিছত মেচখন বাতিলৰ ঘোষণা কৰা হয়।এতিয়া IPL ২০২৫ স্থগিত ৰখাৰ কথা ঘোষণা কৰা হৈছে। ভাৰত পাকিস্তানৰ উত্তেজনাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

বিচিচিআইৰ এজন বিষয়াই কয় যে দেশত যুদ্ধ চলি থকাৰ সময়ত ক্ৰিকেট চলি থকাটো ভাল নালাগে। ২৫ মে’ত কলকাতাত সমাপ্ত হ’বলগীয়া লীগখন স্থগিত ৰখাৰ কথা তেওঁ নিশ্চিত কৰে।

কি হ’ব এল এছ জি আৰু আৰ চি বিৰ আজিৰ মেচখনৰ; বিচিচিআইয়ে ল’ব ডাঙৰ সিদ্ধান্ত

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ চলিত ছিজন মাজভাগতে স্তগিত হ’ব পাৰে ।ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে ভাৰত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ এখন বৈঠক অনুষ্ঠিত হৈছে।

আজি(৯ মে’) আইপিএল ২০২৫ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব পাৰে বিচিচিআইয়ে।বিদেশী খেলুৱৈক ঘৰলৈ পঠোৱাটোৱেই বিচিচিআইৰ প্ৰথম অগ্ৰাধিকাৰ হ’ব।

আজি আই পি এলত লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (এল এছ জি) আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ মাজত খেল অনুষ্ঠিত হ’ব।এনে পৰিস্থিতিত এই মেচখন হ’ব নে নহ’ব তাকে লৈ সকলোৰে মনত প্ৰশ্ন উদয় হৈছে।

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবেই পঞ্জাব কিংছ (পিবিকেএছ) আৰু দিল্লী কেপিটেলছ (ডিচি)ৰ৮ মে’ (বুধবাৰ)ত অনুষ্ঠিত হ’বলগীয়া মেচখন মাজভাগতে বাতিল কৰা হয়।

ইফালে ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম খালী কৰা হয়।ধৰমশালাৰ পৰা খেলুৱৈসকলক দিল্লীলৈ অনাৰ বাবে এখন বিশেষ ৰে’ল চলোৱা হৈছিল।বিচিচিআইয়ে অগ্ৰাধিকাৰ ভিত্তিত খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীক অনাৰ বাবে বন্দে ভাৰত ৰেলৰ ব্যৱস্থা কৰিছিলে।

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে স্থগিত আই পি এল ৰ মেচ; ধৰ্মশালাত চলি থকা পঞ্জাৱ আৰু দিল্লীৰ মাজৰ খেল বাতিল

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ চলিত ছিজন স্থগিত হ’ব পাৰে। ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে এই ডাঙৰ খবৰ ওলাইছে।

এই সন্দৰ্ভত চলি আছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বৈঠক।তাৰ মাজতে বিদেশী খেলুৱৈসকলক ঘৰলৈ পঠোৱাটোৱেই বিচিচিআইৰ প্ৰথম অগ্ৰাধিকাৰ হ’ব।

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবেই পঞ্জাব কিংছ (পিবিকেএছ) আৰু দিল্লী কেপিটেলছ (ডিচি)ৰ মাজত চলি থকা আজিৰ খেল খন মাজভাগত বাতিল কৰা হয়।

লগতে ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামো খালী কৰা হয়।খেলুৱৈ সকলক ধর্মশালাৰ পৰা দিল্লীলৈ অনাৰ বাবে এখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে।

বিচিচিআইয়ে অগ্ৰাধিকাৰ ভিত্তিত খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীক অনাৰ বাবে বন্দে ভাৰত ৰে’লৰ ব্যৱস্থা কৰিছে।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াই কয়, ‘সকলো কথা বিবেচনা কৰি আমি এই মেচখন বাতিল কৰাৰ সিদ্ধান্ত লৈছো।বৰ্তমান পৰিস্থিতি ভাল নহয়, সেইবাবেই আমি ৮ মে’ৰ খেলখন বাতিল কৰিছো’।

কলকাতাৰ বাবে কঠিন হৈ পৰিল প্লে অফৰ দৌৰ… অন্তিম অভাৰত চেন্নাইৰ হাতত পৰাস্ত ৰাহানে বাহিনী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বুধবাৰে অনুষ্ঠিত হোৱা ৫৭ সংখ্যক মেচখনত কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) চেন্নাই ছুপাৰ কিংছ (চি এছ কে)ৰ হাতত ২ উইকেটত পৰাস্ত হয় । এই পৰাজয়ৰ পিছত কে কে আৰৰ প্লে অফত প্ৰৱেশৰ আশা প্ৰায় ছিন্নভিন্ন হৈ পৰিছে ।

এই মেচখনত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছক ১৮০ ৰানৰ লক্ষ্য বান্ধি দিছিল, যিটো চেন্নাইয়ে হাতত ২টা উইকেট থকা অৱস্থা ১৯.২ অভাৰত উপনীত হয় । ইতিমধ্যে প্লে অফৰ দৌৰৰ পৰা তিনিটা দল বাহিৰ হৈছে আৰু ৭ মে’ৰ নিশা পৰাজয়ৰ পিছত কে কে আৰো এই দলকেইটাৰ সৈতে যোগদান কৰাৰ সম্ভাৱনা আছে ।

নূৰৰ চাৰি উইকেট লয়, ব্ৰেভিছৰ বিস্ফোৰক ইনিংছ-

টছত জয়ী হৈ কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেটিং কৰি ৬ উইকেটত ১৭৯ ৰান সংগ্ৰহ কৰে । কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অধিনায়ক অজিংক্য ৰাহানেই সৰ্বাধিক ৪৮ ৰান সংগ্ৰহ কৰে । ৩৩ বলৰ ইনিংছত ৰাহানেই ৪টা চাৰি আৰু দুটা ছয় কোবাই । আন্দ্ৰে ৰাছেলে ৪টা চাৰি আৰু ৩টা ৬ৰ সহায়ত ২১টা বলত ৩৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলে ।

আনহাতে অভিজ্ঞ বেটছমেন মনীষ পাণ্ডেই অপৰাজিত ৩৬ ৰান আৰু অ’পেনাৰ সুনীল নাৰিনে ২৬ ৰান আগবঢ়ায় । চেন্নাই ছুপাৰ কিংছৰ হৈ স্পীনাৰ নূৰ আহমেদে সৰ্বাধিক ৪টা উইকেট দখল কৰে । আনহাতে বেগী বলাৰ অংশুল কাম্বোজ আৰু স্পীনাৰ ৰবীন্দ্ৰ জাডেজাই এটাকৈ সফলতা লাভ কৰে ।

ইয়াৰ প্ৰত্যুত্তৰত উৰভিল পেটেল (১১ বলত ৩১), দেৱাল্ড ব্ৰেভিছ (২৫ বলত ৫২) আৰু শিৱম ডুবে (৪০ বলত ৪৫) বাবে চি এছ কেয়ে লক্ষ্যত উপনীত হয় । ১৭ ৰানত অপৰাজিত হৈ উভতি আহে ধোনী । এই মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ আছিল নূৰ আহমেদ । নুৰে ৪টা উইকেট দখল কৰে ।

গুজৰাটে ৰোধিলে মুম্বাইৰ বিজয় ৰথ… জয়েৰে তালিকাৰ শীৰ্ষত গীল বাহিনী

চলিত আই পি এলত মঙলবাৰে অনুষ্ঠিত হোৱা এখন মেচত গুজৰাট টাইটানছে মুম্বাই ইণ্ডিয়ানছক তিনি উইকেটত পৰাস্ত কৰে । ডি এল এছ পদ্ধতিত এই মেচখনত জয়লাভ কৰে গুজৰাটে । বৰ্ষা বিঘ্নিত মেচখনত গুজৰাটে ১৯ অভাৰত ১৪৭ ৰানৰ লক্ষ্য লাভ কৰিছিল, যিটো দলটোৱে সহজেই উপনীত হয় । ইয়াৰ পূৰ্বে মুম্বাই দলে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৫ ৰান সংগ্ৰহ কৰে । মুম্বাইৰ হৈ উইল জেকছে ৫৩ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলে ।

পইন্ট তালিকাৰ শীৰ্ষত গুজৰাট-

ছিজনৰ অষ্টমটো জয়ৰ জৰিয়তে গুজৰাটে ১৬ পইণ্ট আৰু ০.৭৯৩ নেট ৰান ৰেটেৰে পইণ্ট তালিকাৰ শীৰ্ষ স্থানলৈ আগবাঢ়িছে । ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুক অতিক্ৰম কৰি দলটোৱে শীৰ্ষত উপনীত হৈছে । আনহাতে মুম্বাই ইণ্ডিয়ানছে ১২খন খেলৰ ভিতৰত ৭খন খেলত জয়লাভ কৰি ৫খন খেলত পৰাস্ত হৈ চতুৰ্থ স্থান দখল কৰিছে । ইয়াৰ লগে লগে মুম্বাইৰ বিজয়ৰথ ৰুদ্ধ হৈ পৰিছে । ইয়াৰ পূৰ্বে মুম্বাইয়ে একেৰাহে ৬ খন মেচত জয়লাভ কৰিছিল ।

মুম্বাইৰ বাবে সমস্যা হৈ পৰিল বৰষুণ-

বৰষুণ প্ৰভাৱিত এই খেলখনত গুজৰাটে শেষ অভাৰত এক দৰ্শনীয় জয় লাভ কৰে । আচলতে ১৮ নং অভাৰৰ পিছত বৰষুণ আৰম্ভ হয় আৰু মেচ বন্ধ হৈ পৰে । সেই সময়ত গেৰাল্ড কোটজি আৰু ৰাহুল টেৱাটিয়াই ৫ ৰানত ক্ৰীজত আছিল । গুজৰাটৰ স্ক’ৰ আছিল ১৩২/৬ । সেই সময়ত তেওঁলোকক জয়ী হ’বলৈ শেষৰ দুটা অভাৰত ২৪ ৰানৰ প্ৰয়োজন হৈছিল । কিন্তু বৰষুণৰ বাবে খেলখন পলম হোৱাত ডি এল এছ পদ্ধতি অনুসৰি ১৯ অভাৰত ১৪৭ ৰানৰ নতুন লক্ষ্য দিয়া হয় ।

গুজৰাটৰ ইনিংছ-

লক্ষ্য অনুসৰণ কৰাৰ সময়ত গুজৰাটৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত ট্ৰেণ্ট ব’ল্টে ছাই সুদৰ্শনৰ উইকেট দখল কৰে । তেওঁ মাত্ৰ পাঁচ ৰানহে কৰে । ইয়াৰ পাছতে শুভমন গীলে জোছ বাটলাৰৰ সৈতে দ্বিতীয় উইকেটত ৬৩টা বলত ৭২ ৰান সংযোজন কৰে । অশ্বিনী কুমাৰে বাটলাৰক ৰিয়ান ৰিকেলটনৰ হাতত ধৰা পেলায় । ২৭টা বলত ৩০ ৰান সংগ্ৰহ কৰি তেওঁ আউট হয় । ইয়াৰ পিছত গীলৰ সৈতে ইনিংছ আগুৱাই নিয়ে শ্বাৰফেন ৰাদাৰফোৰ্ডে । দুয়োজনে তৃতীয় উইকেটত ৩৫ ৰান সংযোজন কৰে ।

অধিনায়ক গীলক বল্ড আউট কৰে যশপ্ৰীত বুমৰাহে । তেওঁ তিনিটা চাৰি আৰু এটা ৬ৰ সহায়ত ৪৩ ৰান কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছত বল্টে ৰাদাৰফোৰ্ডক পেভিলিয়নৰ বাট দেখুৱাই । ২৮ ৰান সংগ্ৰহ কৰি তেওঁ আউট হয় । ইয়াৰ উপৰিও শ্বাহৰুখ খানে ৬, ৰছিদ খানে ২ আৰু গেৰাল্ড ক’টজীয়ে ১২ ৰান সংগ্ৰহ কৰে । একে সময়তে ৰাহুল তেৱাতিয়াই ১১ ৰানত অপৰাজিত হৈ থাকে আৰু আৰছাদ খান ১ ৰানত অপৰাজিত হৈ থাকে । মুম্বাইৰ হৈ ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ আৰু অশ্বিনী কুমাৰে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে দীপক চহৰে এটা সফলতা লাভ কৰে ।

মুম্বাইৰ ইনিংছ-

উইল জেকছ আৰু সূৰ্য্যকুমাৰ যাদৱৰ ড্ৰপ কেচৰ সুযোগ ল’ব নোৱাৰিলে মুম্বাই ইণ্ডিয়ানছে । এটা সময়ত মুম্বাইৰ স্ক’ৰ আছিল দুটা উইকেটত ৯৭ ৰান । জেক আৰু সূৰ্য্য ক্ৰীজত আছিল যদিও ২৬ ৰানৰ ভিতৰত ৫টা উইকেট হেৰুৱাই গুজৰাটৰ বিৰুদ্ধে মুম্বাইৰ বেটছমেনসকলে ৮ উইকেটত ১৫৫ ৰান কৰে । ২৬ ৰানত প্ৰথম দুটা উইকেট হেৰুৱাই জেক আৰু সূৰ্য্যই ৪৩টা বলত ৭১ ৰান সংগ্ৰহ কৰি মুম্বাইৰ ইনিংছ চম্ভালে ।

পূর্বৰ মেচখনত অল ৰাউণ্ড প্রদর্শনৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰা জেকে ৫টা চাৰি আৰু তিনিটা ৬ৰ সহায়ত ৩৫টা বলত ৫৩ ৰান সংগ্ৰহ কৰি মুম্বাইৰ হৈ অর্ধশতক অর্জন কৰাৰ বিপৰীতে সূর্যই ২৪টা বলত ৫টা চাৰিৰ সহায়ত ৩৫ ৰান সংগ্ৰহ কৰে ৷ ৭ উইকেটত ১২৩ ৰানৰ অন্তত কৰবিন বছে ২২টা বলত এটা চাৰি আৰু দুটা ৬ৰ সহায়ত ২৭ ৰান সংগ্ৰহ কৰি মুম্বাইক ১৫০ৰ সীমা অতিক্ৰম কৰাত সহায় কৰে ।

আজি প্লে অফৰ বাবে আটাইতকৈ কঠিন যুদ্ধ… গীল সেনাই ৰোধিব পাৰিবনে মুম্বাইৰ বিজয় ৰথ ?

আই পি এলৰ প্লে অফত প্ৰৱেশৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বীৰ ভিতৰত মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু গুজৰাট টাইটানছ (জি টি)ৰ মাজত আজি অনুষ্ঠিত হ’বলগীয়া মেচখন অতি ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে, য’ত গুজৰাটৰ শক্তিশালী টপ অৰ্ডাৰ বেটিঙে মুম্বাইৰ মাৰাত্মক বলিঙৰ সন্মুখীন হ’ব ।

বৰ্তমান পইণ্ট তালিকাত তৃতীয় স্থানত আছে মুম্বাই ইণ্ডিয়ানছ । কিন্তু মুম্বাইৰ নেট ৰান ৰেট সকলো দলৰ ভিতৰত সৰ্বোত্তম । প্লে অফত প্ৰত্যক্ষ স্থান নিশ্চিত কৰিবলৈ বাকী তিনিখন মেচৰ ভিতৰত মাত্ৰ দুখন খেলত জয়ী হ’ব লাগিব দলটো । পাঁচবাৰৰ চেম্পিয়ন মুম্বাইয়ে ইয়াৰে দুখন মেচ নিজৰ ঘৰুৱা খেলপথাৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলিব, য’ত এতিয়ালৈকে পাঁচখন খেলৰ ভিতৰত চাৰিখন খেলত জয়লাভ কৰিছে দলটোৱে ।

একে সময়তে গুজৰাট টাইটানছ পইন্ট তালিকাৰ চতুৰ্থ স্থানত আছে আৰু তেওঁলোকৰ হাতত চাৰিখন খেল বাকী আছে । ইয়াৰে দুখন খেল তেওঁলোকৰ ঘৰুৱা খেলপথাৰ আহমেদাবাদত অনুষ্ঠিত হ’ব, য’ত তেওঁলোকেও পাঁচখন খেলৰ ভিতৰত চাৰিখন খেলত জয়লাভ কৰিছে । শুভমন গীলৰ অধিনায়কত্বত থকা এই দলটোক প্লে অফত প্ৰৱেশ কৰিবলৈ আৰু দুটা জয়ৰ প্ৰয়োজন ।

গুজৰাটৰ বেটিং লাইন আপৰ মেৰুদণ্ড গঠন কৰা তিনিগৰাকী খেলুৱৈ – বি ছাই সুদৰ্শন (৫০৪ ৰান), জোছ বাটলাৰ (৪৭০ ৰান) আৰু অধিনায়ক শুভমন গীল (৪৬৫ ৰান)য়ে সমগ্ৰ প্ৰতিযোগিতাখনত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই দলটোক বহুবাৰ জয়ৰ দিশত আগুৱাই লৈ গৈছে ।

অৱশ্যে মঙলবাৰৰ খেলখন মুম্বাই ইণ্ডিয়ানছৰ অতি সুষম আৰু মাৰাত্মক বলিং আক্ৰমণৰ বিৰুদ্ধে গুজৰাটৰ বেটছমেনসকলে কেনে প্ৰদৰ্শন আগবঢ়াব তাৰ ওপৰত নিৰ্ভৰ কৰিব । ট্ৰেণ্ট ব’ল্ট (১৬ উইকেট), হাৰ্দিক পাণ্ডিয়া (১৩ উইকেট), যশপ্ৰীত বুমৰাহ (১১ উইকেট) আৰু দীপক চহৰৰ (৯ উইকেট)ৰ দৰে বলাৰৰ সৈতে বিপক্ষৰ বেটছমেনৰ বাবে ৰান সংগ্ৰহ কৰাটো সহজ নহ’ব ।

মুম্বাইয়ে জয়ৰ ধাৰা আৰম্ভ কৰাৰ পিছৰে পৰা (এতিয়ালৈকে একেৰাহে ছটা জয়) ঘৰুৱা বা বিপক্ষৰ মাটিত কোনো দলক ২০০ ৰানতকৈ অধিক ৰান কৰিবলৈ দিয়া নাই । গুজৰাটৰ বাবে এয়া এক সতৰ্কবাণী, যাৰ শক্তি হৈছে ডাঙৰ স্ক’ৰ কৰা আৰু জয় সাব্যস্ত কৰা ।

গুজৰাট টাইটানছৰ সম্ভাৱ্য মূল একাদশ :

ছাই সুদৰ্শন, শুভমন গীল (অধিনায়ক), জোছ বাটলাৰ (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, ৰাহুল তেৱাটিয়া, শ্বাহৰুখ খান, ৰছিদ খান, আৰ ছাই কিশোৰ, গেৰাল্ড কোটজী, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ ।

ইমপেক্ট চাব : ঈশান্ত শৰ্মা ।

মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য মূল একাদশ :

ৰিয়ান ৰিকেলটন (উইকেটকীপাৰ), ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্য্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, কৰ্বিন বছ, দীপক চহৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ ।

ইমপেক্ট চাব : কৰ্ণ শৰ্মা ।