বাবৰ-হেডক অতিক্ৰমি ২০২৪ৰ শ্ৰেষ্ঠ পুৰুষ টি-২০ খেলুৱৈ হিচাবে পৰিগণিত হ’ল ২৫ বছৰীয়া এইগৰাকী ভাৰতীয়…

২০২৪ত ভাৰতে টি-২০ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বাওঁহাতৰ বেগী বলাৰ অৰ্শদীপ সিঙক ‘আই চি চিৰ পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ২০২৪’ হিচাপে নিৰ্বাচিত কৰা হৈছে । ২৫ বছৰীয়া অৰ্শদীপে ২০২৪ চনত ১৮খন মেচত ৩৬টা উইকেট দখল কৰিছিল । এই সন্মান লাভৰ দৌৰত থকা বাবৰ আজম, ট্ৰেভিছ হেড আৰু চিকন্দৰ ৰাজাক অতিক্ৰমি আই চি চিৰ এই বঁটা লাভ কৰে অৰ্শদীপে ।

অৰ্শদীপ সিঙৰ বাবে এই বঁটা লাভ কৰাটো তেওঁৰ কেৰিয়াৰৰ বাবে এক মহত্বপূৰ্ণ সফলতা । কাৰণ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত সকলোৱে এই সফলতা লাভ কৰিবলৈ সক্ষম নহয় । ইয়াৰ পূৰ্বে ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ আৰু হাৰ্দিক পাণ্ডিয়াৰ সৈতে আই চি চিৰ বছৰৰ শ্ৰেষ্ঠ টি-২০ আন্তঃৰাষ্ট্ৰীয় দলতো অন্তৰ্ভুক্ত হৈছিল অৰ্শদ্বীপ ।

টি-২০ বিশ্বকাপ জয়ত ডাঙৰ ভূমিকা পালন কৰিছিল-

জুন মাহত কেৰিবিয়ান আৰু আমেৰিকাত অনুষ্ঠিত হোৱা আই চি চি টি-২০ বিশ্বকাপ ২০২৪ত জয়লাভ কৰি ভাৰতে আই চি চিৰ বৃহৎ ট্ৰফী জয়ৰ অপেক্ষাৰ অন্ত পেলাইছিল । পাৱাৰ প্লে আৰু ডেথ অভাৰত অৰ্শদীপে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । বাওঁহাতৰ বলাৰগৰাকীয়ে ২০২২ চনত ভাৰতৰ হৈ এই ফৰ্মেটত অভিষেক ঘটায় আৰু তেতিয়াৰ পৰাই তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই আহিছে । ২০২৪ চনত অৰ্শদীপে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিশ্বমানৰ বলাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । নতুন বলৰ সৈতে তেওঁৰ উইকেট লোৱাৰ ক্ষমতাই সকলোকে আপ্লুত কৰিছে ।

শক্তিশালী ফৰ্মত আছে আৰ্শদীপ-

ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টি-২০ শৃংখলাৰ অংশ অৰ্শদীপ সিং । কলকাতাত অনুষ্ঠিত প্ৰথমখন টি-২০ ইণ্টাৰনেশ্যনেল মেচত তেওঁ ইতিহাস ৰচনা কৰিছিল । এই ফৰ্মেটত তেওঁ ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে । এই বিষয়ত তেওঁ নিজৰ নামত ৯৬টা টি-২০ আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰা যুজবেন্দ্ৰ চাহালক অতিক্ৰম কৰে । এই ফৰ্মেটত এশটা উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হ’বলৈ মাত্ৰ দুটা উইকেটৰ দূৰত আছে তেওঁ । এতিয়ালৈকে তেওঁ টি-২০ ইণ্টাৰনেশ্যনেলত ৯৮টা উইকেট দখল কৰিছে অৰ্শদীপে ।