ভূটান ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী
আজিৰে পৰা দুদিনৰ বাবে ভূটানত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ১১ আৰু ১২ নৱেম্বৰত তেওঁ চৰকাৰী ভ্ৰমণসূচীৰে ভূটানত থাকিব । এই সময়ছোৱাত তেওঁ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । এই ভ্ৰমণৰ উদ্দেশ্য ভাৰত আৰু ভূটানৰ মাজত বন্ধুত্ব আৰু অংশীদাৰিত্ব শক্তিশালী কৰা । প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ জৰিয়তে ভূটানলৈ যোৱাৰ কথা ঘোষণা কৰে । বিগত ১১ বছৰৰ ভিতৰত এয়া প্ৰধানমন্ত্ৰী মোদীৰ চতুৰ্থটো ভূটান ভ্ৰমণ, যিয়ে ভূটানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ গুৰুত্ব প্ৰমাণ কৰিছে ।
আনুষ্ঠানিক ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকৰ জন্মদিন উদযাপনত অংশগ্ৰহণ কৰাৰ লগতে ১,০২০ মেগাৱাটৰ পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্পৰ যৌথভাৱে উদ্বোধন কৰিব । তেওঁ ভূটানলৈ ১০০০ কোটি টকাৰ সাহায্যৰ কথা ঘোষণা কৰাৰ লগতে বুদ্ধৰ পবিত্ৰ পিপ্ৰহোৱা অৱশেষ ভাৰতৰ পৰা ভূটানলৈ ঘূৰি অহাৰ স্মৃতিত অনুষ্ঠিত হ’বলগীয়া গ্ল’বেল পিছ প্ৰাৰ্থনা উৎসৱত অংশগ্ৰহণ কৰিব ।
প্ৰধানমন্ত্ৰী মোদীৰ সূচী-
প্ৰধানমন্ত্ৰী মোদীয়ে ১১ নৱেম্বৰত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকক সাক্ষাৎ কৰাৰ লগতে জল প্ৰকল্পও উদ্বোধন কৰিব । ইয়াৰ পিছত তেওঁ জন্মদিন উদযাপনত অংশগ্ৰহণ কৰিব আৰু গ্ল’বেল পিছ প্ৰাৰ্থনা উৎসৱত অংশগ্ৰহণ কৰিব । ভ্ৰমণৰ দ্বিতীয় দিনা অৰ্থাৎ ১২ নৱেম্বৰত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী । এই বৈঠকত শক্তি, ৰেল, পথ সংযোগ, উন্নয়ন প্ৰকল্পৰ বিষয়ে আলোচনা কৰিব । ভূটানৰ ত্ৰয়োদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত সহযোগিতা সন্দৰ্ভতো আলোচনা কৰিব দুয়োখন দেশে ।
উল্লেখ্য যে, ভাৰতৰ বাবে হিমালয়ান ৰাষ্ট্ৰ ভূটানৰ কৌশলগত গুৰুত্ব উল্লেখযোগ্য । যদিও ই এখন সৰু দেশ যাৰ জনসংখ্যা মাত্ৰ ৭ লাখ ৫০ হাজাৰ, তথাপিও ই ভাৰত আৰু চীনৰ মাজত বাফাৰ জ’ন হিচাপে কাম কৰে । ভূটানত চীনৰ প্ৰভাৱ বৃদ্ধিয়ে ভাৰতৰ চিকেন নেকলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে । ভাৰতে ইয়াক সুৰক্ষা কৱচ বুলি গণ্য কৰে । ২০১৭ চনত চীনে ভূটানৰ ডকলাম অঞ্চলত পথ নিৰ্মাণৰ চেষ্টা চলাইছিল যদিও ভাৰতৰ সেনাই বাধা প্ৰদান কৰিছিল । তদুপৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আসনৰ বাবে ভাৰতৰ দাবীক ভূটানে সমৰ্থন কৰি আহিছে ।
লগতে পঢ়ক : শীঘ্ৰেই ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি; শুল্ক হ্ৰাস কৰাৰ ইংগিত ট্ৰাম্পৰ…









