দিল্লীত বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

দিল্লীত বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

দিল্লীত বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লী বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন কৰে । ভাষণত তেওঁ কয়, “আমাৰ বাবে বিজেপিৰ কাৰ্যালয় মন্দিৰতকৈ কম নহয় । আমাৰ বাবে ই অট্টালিকা নহয়, মন্দিৰহে ।” তেওঁ কয় যে বিজেপিৰ কাৰ্যালয়ে আমাক মাটিৰ লগত সংযোগ

দিল্লীত বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন দিল্লী বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন কৰে । ভাষণত তেওঁ কয়, “আমাৰ বাবে বিজেপিৰ কাৰ্যালয় মন্দিৰতকৈ কম নহয় । আমাৰ বাবে ই অট্টালিকা নহয়, মন্দিৰহে ।” তেওঁ কয় যে বিজেপিৰ কাৰ্যালয়ে আমাক মাটিৰ লগত সংযোগ কৰি ৰাখে । দিল্লীৰ সৈতে বিজেপিৰ আন্তৰিক সম্পৰ্ক আছে । কর্মকৰ্তাসকলৰ ত্যাগে বিজেপিক শক্তিশালী কৰি তুলিছে ৷ ৰাইজৰ আকাংক্ষা পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম অব্যাহত আছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নৱৰাত্ৰিৰ শুভ ক্ষণত দিল্লী বিজেপিয়ে কাৰ্যালয় লাভ কৰিছে । বিজেপি প্ৰতিষ্ঠা হোৱাৰ ৪৫ বছৰ হ’ল । যি বীজৰ পৰা বিজেপি ডাঙৰ হৈ ইমান ডাঙৰ গছ হৈছে, সেই বীজটো ১৯৫১ চনত জন সংঘ বুলি ৰোপণ কৰা হৈছিল । ১৯৮০ চনত যেতিয়া বিজেপি প্ৰতিষ্ঠা হৈছিল তেতিয়া দিল্লী বিজেপিৰ ভি কে মালহোত্ৰা প্ৰথম সভাপতি হৈছিল । দিল্লী আৰু বিজেপিৰ সম্পৰ্ক কেৱল এখন চহৰ আৰু এটা দলৰ নহয় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । সেৱা, সংস্কৃতি, আনন্দ-দুখত একেলগে থকাৰ । প্ৰথমে জনসংঘ হিচাপে আৰু তাৰ পিছত বিজেপি হিচাপে আমাৰ দল সদায় দিল্লীৰ স্বাৰ্থৰ প্ৰতি দায়বদ্ধ বুলি কয় তেওঁ ।

প্ৰধানমন্ত্ৰীয়ে কয় যে জনসংঘ প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা আমি দিল্লীবাসীক সকলো প্ৰকাৰে সেৱা আগবঢ়াই আহিছো । জৰুৰীকালীন অৱস্থাত জনসংঘৰ নেতাসকলে দিল্লীৰ জনসাধাৰণৰ সমান্তৰালভাৱে চৰকাৰী দমনৰ বিৰুদ্ধে যুঁজিছিল । দিল্লীৰ আত্মাক গভীৰভাৱে আঘাত কৰা ১৯৮৪ চনৰ হিংসাৰ সময়তো দিল্লী বিজেপিয়ে আমাৰ শিখ ভাতৃ,কসক সুৰক্ষা দিছিল ।

তেওঁ লগতে কয় যে এন ডি এ চৰকাৰে দেশখনক সুশাসনৰ এক নতুন আৰ্হি প্ৰদান কৰিছে । আমি উন্নয়ন আৰু উত্তৰাধিকাৰৰ মন্ত্ৰ লৈ আগবাঢ়িছো । আমি দেশ আৰু ইয়াৰ নাগৰিকৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছো । আমি দেশখনক বৃহৎ কেলেংকাৰীৰ পৰা মুক্ত কৰি দুৰ্নীতিৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজত আস্থা জগাই তুলিছো ।

লগতে পঢ়ক : খেলপথাৰত অপাৰেচন সিন্দুৰ : ভাৰতৰ এছিয়া কাপ বিজয়ৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ টুইট