চিৰাগ পাছৱানৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ…

চিৰাগ পাছৱানৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ… ষটপূজা উপলক্ষে আজি কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানৰ বাসগৃহত উপস্থিত হয় বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।এই সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে চিৰাগৰ পৰিয়ালক সাক্ষাৎ কৰে।এই সাক্ষাৎকাৰৰ পিছতেই চিৰাগে নিজেই সামাজিক মাধ্যমত এখন ছবি পোষ্ট কৰি এই তথ্য দিছে। চিৰাগ পাছৱানে এক্সত

চিৰাগ পাছৱানৰ ঘৰত উপস্থিত হয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ…

ষটপূজা উপলক্ষে আজি কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানৰ বাসগৃহত উপস্থিত হয় বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।এই সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে চিৰাগৰ পৰিয়ালক সাক্ষাৎ কৰে।এই সাক্ষাৎকাৰৰ পিছতেই চিৰাগে নিজেই সামাজিক মাধ্যমত এখন ছবি পোষ্ট কৰি এই তথ্য দিছে।

চিৰাগ পাছৱানে এক্সত পোষ্ট কৰি কয়,”ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি মোৰ বাসগৃহলৈ আহি খাৰনা প্ৰসাদ গ্ৰহণ কৰাৰ বাবে।

এই সময়ছোৱাত মোৰ পৰিয়ালৰ সদস্যসকলক লগ পাই ষট মহাপৰ্ৱ উপলক্ষে শুভেচ্ছা জনোৱাৰ বাবে আপোনাৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।”

চিৰাগ পাছৱান আৰু নীতিশ কুমাৰৰ এই বৈঠকক লৈ ৰাজনৈতিক মহলত বহু চৰ্চিত হৈ পৰিছে। এই সন্দৰ্ভত চিৰাগ পাছৱানে কয় যে,আজি ষট উপলক্ষে আজি মোৰ বাবে এক অতি বিশেষ দিন।

মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে আজি মোৰ ঘৰলৈ আহি আশীৰ্বাদ দিলে।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আৰু কয় যে একাংশ লোকে বিতৰ্কৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে।

অপ্ৰয়োজনীয়ভাৱে মিছা অপপ্ৰচাৰত লিপ্ত হৈছিল।মুখ্যমন্ত্ৰীৰ লগত মোৰ বহুত ভাল সম্পৰ্ক আছে। কাৰো ভুল বুজাবুজি হ’ব নালাগে।

বিৰোধী দল এলজেপি আৰু জেডিইউৰ মাজত বিবাদৰ প্ৰশ্ন সন্দৰ্ভত চিৰাগ পাছৱানে কয় যে,আসন ভাগ-বতৰাক লৈ বিৰোধীৰ দ্বাৰা এইটো কোৱা হৈছিল যে, মুখ্যমন্ত্ৰী বিচলিত হৈ পৰিছে আৰু জেডিইউ আৰু এলজেপিৰ মাজত উত্তেজনা আছিল…মই স্পষ্টকৈ ক’ব বিচাৰো যে এইটো সঁচা নহয়; দুয়োটা দলৰ মাজত কেতিয়াও কোনো সমস্যা হোৱা নাই।

লগতে পঢ়ক: ‘শাসনলৈ আহিলেই ৱাকফ আইনখন ডাষ্টবিনত পেলাই দিম’; তেজস্বী যাদৱৰ বিস্ফোৰক মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ