পাকিস্তানী স্পীনাৰ ক্ৰয় কৰাক লৈ বিতৰ্কত কাব্যা মাৰাণ, চাচপেন্ড হ’ল ছান ৰাইজাৰ্ছ লীডছৰ এক্স একাউন্ট

পাকিস্তানী স্পীনাৰ ক্ৰয় কৰাক লৈ বিতৰ্কত কাব্যা মাৰাণ, চাচপেন্ড হ’ল ছান ৰাইজাৰ্ছ লীডছৰ এক্স একাউন্ট

লণ্ডনত হোৱা এই নিলামত উপস্থিত আছিল কাব্যা মাৰাণ, দলৰ মুখ্য প্ৰশিক্ষক ডেনিয়েল ভেট্টৰী ইংলেণ্ডৰ ফ্ৰেঞ্চাইজি লীগ দ্য হাণ্ড্ৰেডৰ খেলুৱৈ নিলামৰ পিছতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ছানৰাইজাৰ্ছ লীডছ । ২০২৬ চনৰ ছিজনৰ নিলামত বৃহস্পতিবাৰে (১২ মাৰ্চ) পাকিস্তানী মিষ্ট্ৰী স্পীনাৰ আব্ৰাৰ আহমেদক ১ লাখ ৯০ হাজাৰ পাউণ্ড

লণ্ডনত হোৱা এই নিলামত উপস্থিত আছিল কাব্যা মাৰাণ, দলৰ মুখ্য প্ৰশিক্ষক ডেনিয়েল ভেট্টৰী

ইংলেণ্ডৰ ফ্ৰেঞ্চাইজি লীগ দ্য হাণ্ড্ৰেডৰ খেলুৱৈ নিলামৰ পিছতে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ছানৰাইজাৰ্ছ লীডছ । ২০২৬ চনৰ ছিজনৰ নিলামত বৃহস্পতিবাৰে (১২ মাৰ্চ) পাকিস্তানী মিষ্ট্ৰী স্পীনাৰ আব্ৰাৰ আহমেদক ১ লাখ ৯০ হাজাৰ পাউণ্ড (প্ৰায় ২.৩৪ কোটি টকা)ত ক্ৰয় কৰা দলটোৱে ছ’চিয়েল মিডিয়াত এক ব্যাপক বিতৰ্কৰ সৃষ্টি কৰে । এই সিদ্ধান্তৰ বিষয়ে আলোচনা কৰা হৈছে কাৰণ ভাৰতীয় মালিকানাধীন ফ্ৰেঞ্চাইজিটোয়ে প্ৰথমবাৰৰ বাবে দ্য হাণ্ড্ৰেডত পাকিস্তানী খেলুৱৈক চুক্তিবদ্ধ কৰিছে ।

আব্ৰাৰ আহমেদক ক্ৰয় কৰাৰ পিছত ভাৰতৰ বহু ক্ৰিকেট অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে । ব্যৱহাৰকাৰীসকলে ছানৰাইজাৰ্ছ ফ্ৰেঞ্চাইজি আৰু ইয়াৰ চিইঅ’ কাব্যা মাৰাণক লক্ষ্য কৰি কয় যে পাকিস্তানী খেলুৱৈক চুক্তিবদ্ধ কৰাটো “ৰাষ্ট্ৰীয় আৱেগৰ” বিৰুদ্ধে । ২০০৮ চনৰ পৰা পাকিস্তানী খেলুৱৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰা বৰ্জন হৈ থকাৰ সময়ত ভাৰতীয় মালিকনাধীন এটা দলে কেনেকৈ এনে পদক্ষেপ ল’ব পাৰে বুলিও একাংশ ব্যৱহাৰকাৰীয়ে প্ৰশ্ন উত্থাপন কৰে । উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ মাজত ৰাজনৈতিক উত্তেজনাৰ বাবে ২০০৮ চনৰ পৰা পাকিস্তানী খেলুৱৈক আই পি এলৰ পৰা বাহিৰত ৰখা হৈছে ।

লণ্ডনত হোৱা এই নিলামৰ টেবুলত উপস্থিত আছিল কাব্যা মাৰাণ, দলৰ মুখ্য প্ৰশিক্ষক ডেনিয়েল ভেট্টৰী । নিলামৰ সময়ত ছানৰাইজাৰ্ছ লিডছে ট্ৰেণ্ট ৰকেটছক পৰাস্ত কৰি আব্ৰাৰ আহমেদক ক্ৰয় কৰে । আব্ৰাৰক ক্ৰয় কৰাৰ কেইঘণ্টামানৰ পাছত ছানৰাইজাৰ্ছ লিডছৰ অফিচিয়েল এক্স একাউণ্টো ছাচপেন্ড কৰা হয় । অৱশ্যে প্লেটফৰ্মে ইয়াৰ কাৰণ স্পষ্ট কৰা নাই ।

ছানৰাইজাৰ্ছ লিডছৰ গৰাকী হৈছে উদ্যোগপতি কালানিথি মাৰাণৰ নেতৃত্বৰ ভাৰতীয় সংবাদ মাধ্যমৰ সংঘবদ্ধ সংস্থা ছান গ্ৰুপ । যোৱা বছৰ এই গোটটোৱে ছানৰাইজাৰ্ছ লিডছৰ সম্পূৰ্ণ অংশীদাৰিত্ব লাভ কৰিছিল । ইয়াৰ পূৰ্বে এই দলটো নৰ্দাৰ্ণ ছুপাৰচাৰ্জাৰ নামেৰে জনাজাত আছিল ।

লগতে পঢ়ক : ফিফা বিশ্বকাপতো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ, ইৰানে ল’লে ডাঙৰ সিদ্ধান্ত