মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫

মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ : বিজয়ৰ হেটট্ৰিক অৰ্জনৰ লক্ষ্যৰে আজি দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব হৰমনপ্ৰীত বাহিনী

মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপৰ এখন মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰতীয় দল । ভাৰতৰ শীৰ্ষ ক্ৰমৰ বেটছমেনসকলে এই মেচত আত্মবিশ্বাসী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শন আগবঢ়াব লাগিব । ইতিমধ্যে এই প্ৰতিযোগিতাৰ পইণ্ট তালিকাত তৃতীয় স্থানত আছে

মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫

বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপৰ এখন মেচত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ’ব ভাৰতীয় দল । ভাৰতৰ শীৰ্ষ ক্ৰমৰ বেটছমেনসকলে এই মেচত আত্মবিশ্বাসী দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শন আগবঢ়াব লাগিব । ইতিমধ্যে এই প্ৰতিযোগিতাৰ পইণ্ট তালিকাত তৃতীয় স্থানত আছে ভাৰত । পূৰ্বৰ দুয়োখন মেচত ভাৰতে জয়লাভ কৰিলেও স্মৃতি মন্ধনা, অধিনায়ক হৰমনপ্ৰীত কৌৰ, জেমিমাহ ৰড্ৰিগোজৰ দুৰ্বল ফৰ্ম দলটোৰ বাবে চিন্তাৰ বিষয় । শ্ৰীলংকাৰ বিৰুদ্ধে এই তিনি বেটিং শক্তি ব্যৰ্থ হোৱাৰ পিছত হাৰ্লিন দেউল, অমনজোত কৌৰ, ৰিচা ঘোষ, আৰু দীপ্তি শৰ্মাই দলটোক বিপদৰ পৰা উদ্ধাৰ কৰে ।

মহিলা ক্ৰিকেট বিশ্বকাপৰ শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে ১২৪ ৰানত ৬ উইকেট আৰু পাকিস্তানৰ বিৰুদ্ধে ১৫৯ ৰানত ৫ উইকেট হেৰুৱাইছিল । নিম্ন ক্ৰমৰ বেটছমেনৰ অৱদান অবিহনে ভাৰতৰ পৰিস্থিতি আৰু শোচনীয় হ’লহেতেন । অৱশ্যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এনে ভুলৰ পুনৰাবৃত্তি কৰিব নোৱাৰিব শীৰ্ষ ক্ৰমৰ বেটছমেনসকলে । যদিহে আজিৰ মেচত ফলাফল ভাৰতৰ পক্ষত নাযায়, তেন্তে ই কেৱল স্থান অৱনমিত হোৱাই নহয়, ১২ অক্টোবৰত ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলখনত দলটোৰ হেঁচা বৃদ্ধি কৰিব ।

ভাৰতীয় দল-

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধানা, প্ৰতিকা ৰাৱাল, হাৰলিন দেওল, জেমিমাহ ৰড্ৰিগোজ, ৰিচা ঘোষ, উমা ছেত্ৰী, ৰেণুকা সিং ঠাকুৰ, দীপ্তি শৰ্মা, স্নেহ ৰানা, শ্ৰী চৰাণী, ৰাধা যাদৱ, অমনজোত কৌৰ, অৰুন্ধতী ৰেড্ডী, ক্ৰান্তি গৌড় ।

লগতে পঢ়ক : আই চি চি মহিলা বিশ্বকাপ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১০৭ ৰানত ধৰাশায়ী পাকিস্তান

শেহতীয়া প্ৰৱন্ধসমূহ