আপুনিও পাইলট হোৱাৰ সপোন দেখে নেকি? কিন্তু কেনেকৈ হ’ব পাৰি পাইলট? জানি লওক যোগ্যতা আৰু খৰছ
আপুনিও পাইলট হোৱাৰ সপোন দেখে নেকি? কিন্তু পাইলট হ’বৰ বাবে কিমান নম্বৰ বা কিমান খৰছ হয় সেই কথা জানিব বিচাৰে নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে।বহু ছাত্ৰ-ছাত্ৰীয়ে ভাবে যে পাইলট হ’বলৈ বহুত নম্বৰৰ প্ৰয়োজন,কিন্তু বাস্তৱ অলপ বেলেগ।
পাইলট হোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপটো হ’ল দ্বাদশ শ্ৰেণী পাছ কৰিব লাগিব।ইয়াৰ বাবে দ্বাদশ বিজ্ঞান (পিচিএম – পদাৰ্থবিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত)ত কমেও ৫০%–৫৫% নম্বৰ থকাটো প্ৰয়োজনীয়।কিছুমান ফ্লাযিং বিদ্যালয়ত ৬০% বিচাৰে, কিন্তু বেছিভাগ ঠাইতে ৫০%–৫৫% লৈও নামভৰ্তিৰ ব্যৱস্থা আছে।
পাইলট হ’ব বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, ইংৰাজীৰ প্ৰয়োজন হয়। নম্বৰৰ উপৰিও কিছুমান পৰীক্ষাতো উত্তীৰ্ণ হ’ব লাগিব।
দ্বিতীয় শ্ৰেণীৰ চিকিৎসা পৰীক্ষা (প্ৰথমে উত্তীৰ্ণ হ’ব লাগিব) আৰু ১ম শ্ৰেণীৰ চিকিৎসা পৰীক্ষা (চিপিএলৰ পূৰ্বে বাধ্যতামূলক)উত্তীৰ্ণ হ’ব লাগিব।
ইয়াৰ উপৰি DGCA ৰ পৰীক্ষা,যেনে এয়াৰ ৰেগুলেচন,নেভিগেচন, বতৰ বিজ্ঞান, আৰ টি (ৰেডিঅ’ টেলিফোনি) উত্তীৰ্ণ হ’ব লাগিব।
DGCA ৰ পৰীক্ষাসমূহ অৰ্হতা ভিত্তি কৰি হয়, অৰ্থাৎ কেৱল পাছ কৰাটোৱেই প্ৰয়োজনীয়( কমেও ৭০%)।
কমাৰ্চিয়েল পাইলট লাইচেন্স (চিপিএল) লাভ কৰিবলৈ ২০০ ঘণ্টা উৰণৰ প্ৰয়োজন।
পাইলট হ’বলৈ ২৫ লাখৰ পৰা ৬০ লাখ টকাৰ ভিতৰত খৰচ হয়।
অৱশ্যে যদি আপোনাৰ পিচিএমত ৫০% নম্বৰ আছে, তেতিয়াও আপুনি সহজেই পাইলট হ’ব পাৰে —মাত্ৰ মেডিকেল আৰু ডিজিচিএ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
পাইলট হ’বলৈ হ’লে আপোনাৰ উচ্চতা কমেও ৫ ফুট হ’ব লাগিব।
লগতে পঢ়ক: ভাৰতলৈ পুটিন অহা বিমানখনত কিয় লিখা আছে Poccnr? ইয়াৰ অৰ্থ কি?









