অসমীয়া সাহিত্যত নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল হৰিনাৰায়ণ দত্তবৰুৱাই: ড০ আনন্দ বৰমূদৈ

অসমীয়া সাহিত্যত নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল হৰিনাৰায়ণ দত্তবৰুৱাই: ড০ আনন্দ বৰমূদৈ

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্তবৰুৱা কেন্দ্ৰীয় পুথিভঁড়ালৰ উদ্যোগত আয়োজিত ষষ্ঠ ‘হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতা “হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল । প্ৰাচীন অসমীয়া সাহিত্যৰ সংগ্ৰহ, সম্পাদনা আৰু প্ৰকাশৰ জৰিয়তে সেইসমূহক প্ৰতিঘৰ অসমীয়াৰ কাষ চপাই নিয়াটো তেওঁৰ বৌদ্ধিক আৰু সামাজিক দায়বদ্ধতাৰ এক

অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্তবৰুৱা কেন্দ্ৰীয় পুথিভঁড়ালৰ উদ্যোগত আয়োজিত ষষ্ঠ ‘হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতা

“হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল । প্ৰাচীন অসমীয়া সাহিত্যৰ সংগ্ৰহ, সম্পাদনা আৰু প্ৰকাশৰ জৰিয়তে সেইসমূহক প্ৰতিঘৰ অসমীয়াৰ কাষ চপাই নিয়াটো তেওঁৰ বৌদ্ধিক আৰু সামাজিক দায়বদ্ধতাৰ এক অনন্য নিদৰ্শন ।” এই মন্তব্য প্ৰসিদ্ধ সাহিত্য সমালোচক ড০ আনন্দ বৰমূদৈৰ ।

আজি অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্তবৰুৱা কেন্দ্ৰীয় পুথিভঁড়ালৰ উদ্যোগত আয়োজিত ষষ্ঠ ‘হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতা’ত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ড০ বৰমূদৈয়ে এইদৰে কয় । ‘হৰিনাৰায়ণ দত্তবৰুৱা আৰু অসমীয়া সাহিত্যত আধুনিকতাৰ উম্মেষ’ শীৰ্ষক বিষয়ৰ ওপৰত তেওঁ এক সাৰুৱা ভাষণ প্ৰদান কৰে ।

মুকলি হ’ল অডিঅ’-ভিচুৱেল আৰ্কাইভ ‘বিদ্যেষা’-

এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁড়ালৰ এক অভিনৱ পদক্ষেপ ‘বিদ্যেষা’ নামৰ এটি অডিঅ’-ভিচুৱেল আৰ্কাইভ উন্মোচন কৰা হয় । প্ৰখ্যাত শিল্পী যতীন্দ্ৰ নাথ গোস্বামীয়ে ইয়াৰ উন্মোচন কৰে ।

ইয়াত বন্দনা দত্ত আৰু গৰিয়সী দত্তৰ প্ৰযোজনাত নিৰ্মিত তথ্যচিত্ৰ, নৃতাত্ত্বিক তথা সাংস্কৃতিক সমল, বিশিষ্ট ব্যক্তিৰ কথোপকথন আৰু বহুতো দুষ্প্ৰাপ্য গ্ৰন্থ সংৰক্ষণ কৰা হৈছে । এই আৰ্কাইভটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ গৱেষক আৰু সাংস্কৃতিক অনুৰাগীসকলক বিশেষভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে ।

তিনিখন বিশেষ গ্ৰন্থ উন্মোচন-

স্মাৰক বক্তৃতাৰ অনুষ্ঠানত শৈক্ষিক আৰু সাহিত্যিক গুৰুত্ব থকা তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় :

হৰিনাৰায়ণ- দা ৰেণেছাঁমেন: (সম্পাদনা: উৎপল দত্ত আৰু ড০ ৰুবী গোস্বামী)।

আণ্ডাৰষ্টেণ্ডিং ডাইভাৰচিটি- পাৰচপেক্টিভ ফ্ৰম মাল্টিডিচিপ্লিনাৰি স্কলাৰছ: (সম্পাদনা: ড০ প্ৰতীতি বৰ্মণ আৰু ড০ তিলোত্তমা বৰুৱা)।

ওমেন, টিভি ছ’পছ এণ্ড ছোছাইটি: (ৰচনা: ডঃ লোপামুদ্ৰা ভট্টাচাৰ্য)।

গ্ৰন্থকেইখন উন্মোচন কৰে সাংস্কৃতিক বিভাগৰ সঞ্চালক ৰাহুল দাস, গুৰু দ্ৰোণ ভূঞা আৰু শিল্পী ড০ প্ৰভাত হালৈয়ে ।

শিল্পী সম্বৰ্ধনা-

এই অনুষ্ঠানত পদ্মশ্ৰী প্ৰাপক শিল্পী দ্ৰোণ ভূঞা আৰু ওজাপালিৰ বিশিষ্ট শিল্পী ড০ প্ৰভাত হালৈক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় । বিশ্ববিদ্যালয়ৰ ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্তই এই সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখযোগ্য যে, এই দুই শিল্পীৰ জীৱন আৰু কৰ্মৰাজিৰ দৃশ্য-শ্ৰাব্য ৰেকৰ্ডিং আৰ্কাইভত সংৰক্ষণ কৰা হৈছে ।

অন্যহাতে, গ্ৰন্থ প্ৰকাশক জ্যোতিন্দ্ৰ নাৰায়ণ দত্তবৰুৱাই তেওঁৰ সংগ্ৰহত থকা এখন সাঁচীপতীয়া মহাভাৰতৰ কিছু অংশ বিশ্ববিদ্যালয়ৰ পুথিভঁড়াললৈ দান কৰে ।

উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ড০ নাৰায়ণ চন্দ্ৰ তালুকদাৰৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাখনত শলাগৰ শৰাই আগবঢ়ায় সম-উপাচাৰ্য প্ৰফেচৰ ড০ প্ৰণবীৰ সিঙে । বৃষ্টি কাশ্যপৰ বৰগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটো পৰিচালনা কৰে সহকাৰী অধ্যাপিকা পংখী কাশ্যপে ।

লগতে পঢ়ক : গুৱাহাটীত হাই-প্ৰফাইল বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ টেষ্ট, ছেপ্তেম্বৰত কোহলী-ৰোহিতৰ মেজিক

শেহতীয়া প্ৰৱন্ধসমূহ