'তৃতীয় বিশ্বৰ দেশৰ মানুহক আমেৰিকাত প্ৰৱেশ কৰিবলৈ নিদিওঁ...'গুলীচালনাৰ পিছত এক্সন মুডত ট্ৰাম্প

‘তৃতীয় বিশ্বৰ দেশৰ মানুহক আমেৰিকাত প্ৰৱেশ কৰিবলৈ নিদিওঁ…’;গুলীচালনাৰ পিছত এক্সন মুডত ট্ৰাম্প

‘তৃতীয় বিশ্বৰ দেশৰ মানুহক আমেৰিকাত প্ৰৱেশ কৰিবলৈ নিদিওঁ…’ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে কয় যে,তেওঁৰ প্ৰশাসনে সকলো ‘তৃতীয় বিশ্বৰ দেশ’ৰ পৰা প্ৰব্ৰজন স্থায়ীভাৱে বন্ধ কৰাৰ দিশত কাম কৰি আছে,যাতে আমেৰিকাৰ ব্যৱস্থাটোৱে সম্পূৰ্ণৰূপে ‘ৰিকভাৰ আৰু ৰিছেট’ কৰিব পাৰে। এই বক্তব্য এনে এটা সময়ত আহিছে যেতিয়া, এদিন

‘তৃতীয় বিশ্বৰ দেশৰ মানুহক আমেৰিকাত প্ৰৱেশ কৰিবলৈ নিদিওঁ…’

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে কয় যে,তেওঁৰ প্ৰশাসনে সকলো ‘তৃতীয় বিশ্বৰ দেশ’ৰ পৰা প্ৰব্ৰজন স্থায়ীভাৱে বন্ধ কৰাৰ দিশত কাম কৰি আছে,যাতে আমেৰিকাৰ ব্যৱস্থাটোৱে সম্পূৰ্ণৰূপে ‘ৰিকভাৰ আৰু ৰিছেট’ কৰিব পাৰে।

এই বক্তব্য এনে এটা সময়ত আহিছে যেতিয়া, এদিন পূৰ্বে হোৱাইট হাউছৰ ওচৰত এজন আফগান সাধাৰণ নাগৰিকে গুলীচালনা কৰা নেশ্যনেল গাৰ্ডৰ জোৱান দুজনৰ ভিতৰত এজনৰ চিকিৎসালয়ত মৃত্যু হয়।

এই ঘটনাৰ পিছতে আমেৰিকা চৰকাৰে আফগানিস্তানকে ধৰি ১৯খন দেশৰ অনুপ্ৰৱেশকাৰীক প্ৰদান কৰা স্থায়ী বাসস্থান (গ্ৰীন কাৰ্ড)ৰ পুনৰীক্ষণৰ কথা ঘোষণা কৰে।

ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত পোষ্ট কৰি লিখিছে,’মই তৃতীয় বিশ্বৰ সকলো দেশৰ পৰা প্ৰব্ৰজন স্থায়ীভাৱে নিষিদ্ধ কৰিম,যাতে আমেৰিকাৰ ব্যৱস্থাটো সম্পূৰ্ণৰূপে ঠিক কৰিব পৰা যায়।

বাইডেনৰ যুগত কৰা লাখ লাখ অবৈধ প্ৰৱেশৰ অন্ত পেলাম,স্লিপি জো বাইডেনৰ অটোপেনে অনুমোদন জনোৱাসকলকো সামৰি।’

তেওঁ কয়, ‘আমেৰিকাৰ বাবে উপযোগী নহয় বা আমাৰ দেশক ভাল নোপোৱা সকলোকে আমি বহিষ্কাৰ কৰিম।অনাগৰিকসকলৰ বাবে সকলো ফেডাৰেল সুবিধা আৰু ৰাজসাহায্য আঁতৰোৱা হ’ব।’

‘ঘৰুৱা শান্তিৰ ক্ষতি কৰা অনুপ্ৰৱেশকাৰীৰ নাগৰিকত্ব বাতিল কৰা হ’ব আৰু বিদেশী নাগৰিক যিসকল নিৰাপত্তাৰ বিপদজনক বা পশ্চিমীয়া সভ্যতাৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়,দেশৰ বাহিৰলৈ দলিয়াই দিয়া হ’ব।’

ট্ৰাম্পৰ মতে,এই সকলোবোৰ পদক্ষেপৰ লক্ষ্য হৈছে অবৈধ আৰু অশান্তি অশান্তিৰ সৃষ্টি কৰা জনসংখ্যাৰ বৃহৎ কৰ্তনৰ প্ৰয়োজন,বিশেষকৈ সেইবোৰৰ মাজত,অভিযোগ অনুসৰি তেওঁলোকক অকৰ্তৃত্বশীল আৰু অবৈধ ‘অটোপেন’ প্ৰক্ৰিয়াৰ জৰিয়তে আমেৰিকাত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল।

লগতে পঢ়ক: হোৱাইট হাউচত হাহাকাৰ… গুলীচালনাৰ ঘটনাত আহত তিনিজন

শেহতীয়া প্ৰৱন্ধসমূহ