নতুন বছৰৰ প্ৰথমটো দিনতেই অসমবাসীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিলে কেইবাটাও ভাল খবৰ। অসমত অতি শীঘ্ৰে স্থাপন হ’বম’বাইল ফোন নিৰ্মাণ কোম্পানী।
নতুন বছৰৰ প্ৰথমটো দিনটোতেই কইনাধৰাৰ পৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই অসমবাসীলৈ দিলে কেইবাটাও ভাল খবৰ। নতুন বছৰত চৰকাৰৰ কি কি পৰিকল্পনাৰে আগবাঢ়িব সেই সম্পৰ্কে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।
সাংবাদিকসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰি তেওঁ কয় যে, অসমৰ অৰ্থনীতিৰ দ্ৰুত উন্নয়নৰ স্বীকৃতি প্ৰদান কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।ইয়াৰ লগতে অতি শীঘ্ৰে ম’বাইল ফোন নিৰ্মাণ কোম্পানী স্থাপন হ’ব অসমত।
নিবনুৱা এতিয়ালৈ ১ লাখ ৪৬ হাজাৰ যুৱক-যুৱতীক চাকৰি দিয়া হৈছে। ৯-১০ জানুৱাৰীত পুনৰ ADRE নিযুক্তি দিয়াৰ লগে লগে ১.৫০ লাখ পাৰ হ’ব। যোৱা বছৰ আমি ৮.৫০ লাখ মেট্ৰিকটন ধান কিনিছো।
উদ্যোগৰ সমান্তৰালকৈ কৃষি খণ্ডৰ উন্নয়ন হৈছে অসমত। ৭০ লাখ পৰিয়াললৈ চেনি, দাইল দিয়া হৈছে। মিচন বসুন্ধৰাৰ জৰিয়তে ৩ লাখ লোকক মাটিৰ অধিকাৰ। ২৬ লাখ পৰিয়ালক কেচলেছ মেডিকেল সেৱাৰ সুবিধা প্ৰদান কৰা হৈছে।
ইয়াৰ লগতে ছাত্ৰ সকলৰ বাবে ঘোষণা কৰিলে বাবু আঁচনি।মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘বাবু আঁচনি’ৰ জৰিয়তে স্নাতক অধ্যয়ন কৰি থকা ছাত্ৰই প্ৰতিমাহে লাভ কৰিব এহাজাৰ টকাকৈ।
আৰু স্নাতকোত্তৰ অধ্যয়ন কৰি থকা ছাত্ৰই প্ৰতিমাহে লাভ কৰিব ২ হাজাৰ টকাকৈ।অৱশ্যে পিতৃ-মাতৃৰ বছৰি উপাৰ্জন যদি ৪ লাখ টকাতকৈ অধিক হয় তেনেহলে সেই সকল ছাত্ৰই লাভ নকৰিব ‘বাবু আঁচনি’ৰ সুবিধা।
আনহাতে ৰাজ্যিক কৰ্মচাৰীলৈ নতুন বছৰৰৰ পহিলা দিনটোতেই মুখ্যমন্ত্ৰী গৰাকীয়ে দিলে এটা ভালখবৰ। ৰাজ্যত গঠন হ’ব অষ্টম দৰমহা আয়োগ।
সুভাষ দাসৰ অধ্যক্ষতাত গঠন হ’ব অষ্টম দৰমহা আয়োগ। ৰাজ্যিক অষ্টম দৰমহা আয়োগ গঠন কৰা ৰাজ্যৰ ভিতৰত অসম হ’ব দেশৰ ভিতৰতে প্ৰথম।
জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালেৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় য়ে, ৰৈ ৰৈ বিনালেয়ে সবৰ্মুঠ ৩২ কোটি টকা উপাৰ্জন কৰিছিল।
তাৰে অসম চৰকাৰে পালে ২.৯০কোটি টকাৰ কৰ। কিন্তু এই ধন কলাগুৰু ফাউণ্ডেশ্যনক ৩জানুৱাৰীত প্ৰদান কৰিব চৰকাৰে।
লগতে পঢ়ক: হেল্ল ২০২৬; প্ৰধানমন্ত্ৰী মোদীৰ পৰা ৰাহুল গান্ধীলৈকে দেশবাসীক জনালে শুভেচ্ছা…









