NDA ত আসন ভাগ-বতৰাৰ ঘোষণা

NDA ত আসন ভাগ-বতৰাৰ ঘোষণা; ১০১-১০১খন আসনত নিৰ্বাচন খেলিব বিজেপি-জেডিইউয়ে

NDA ত আসন ভাগ-বতৰাৰ ঘোষণা বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে NDAৰ আসন ভাগ-বতৰাৰ সূত্ৰ চূড়ান্ত হৈছে। নতুন দিল্লীত এখন মাৰাথন বৈঠকৰ পাছত ছবিখন স্পষ্ট হৈ পৰিল যে মিত্ৰজোঁটৰ কোনটো দলে কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। ১০১খন আসনত বিজেপি, ১০১খন আসনত জেডিইউ, ২৯খন আসনত চিৰাগ পাছৱানৰ এলজেপি(ৰা),উপেন্দ্ৰ কুশৱাহাৰ

NDA ত আসন ভাগ-বতৰাৰ ঘোষণা

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে NDAৰ আসন ভাগ-বতৰাৰ সূত্ৰ চূড়ান্ত হৈছে। নতুন দিল্লীত এখন মাৰাথন বৈঠকৰ পাছত ছবিখন স্পষ্ট হৈ পৰিল যে মিত্ৰজোঁটৰ কোনটো দলে কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

১০১খন আসনত বিজেপি, ১০১খন আসনত জেডিইউ, ২৯খন আসনত চিৰাগ পাছৱানৰ এলজেপি(ৰা),উপেন্দ্ৰ কুশৱাহাৰ আৰ এল এম দলে ০৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু জীতনৰাম মাঞ্জীৰ দল হামে ০৬ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।

বিহাৰত বিজেপিৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে আমি NDAৰ মিত্ৰসকলে আন্তৰিক পৰিৱেশত আসন বিতৰণ সম্পূৰ্ণ কৰিলোঁ।

এন ডি এৰ আসন ভাগ-বতৰাৰ পৰা স্পষ্ট হৈ পৰিছে যে এইবাৰ সৰু ভাই-জ্যেষ্ঠ ভাইটিৰ ভূমিকা শেষ,কাৰণ বিজেপি আৰু জেডিইউ দুয়োটা দলকে সমান আসন দিয়া হৈছে, ১০১খনকৈ আসন।

অৱশ্যে ইতিমধ্যে বিহাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ জয়ছৱালে ইয়াৰ ইংগিত দিছিল।তেওঁ পাটনাত এখন বৈঠকৰ অন্তত কৈছিল যে এইবাৰ নিৰ্বাচনত কোনেও ডাঙৰ ভাই বা সৰু ভাইটিৰ ভূমিকা পালন নকৰে।

এন ডি এত আসন ভাগ-বতৰাৰ সূত্ৰ চূড়ান্ত হোৱাৰ পিছত চিৰাগ পাছৱানে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত কয় যে আমি এন ডি এ পৰিয়ালে বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ৰ আসন বিভাজন এক আন্তৰিক পৰিবেশত সম্পূৰ্ণ কৰিছো।

লগতে পঢ়ক: ‘শেষ উশাহলৈকে মোদীজীৰ লগত থাকিম’; আসন ভাগ-বতৰাকলৈ জীতনৰাম মাঞ্জীৰ গুৰুত্বপূৰ্ণ মন্তব্য