AFDCL বৃহৎ বিত্তীয় অনিয়ম আৰু চৰকাৰী ধন আত্মসাতৰ গোচৰত দুৰ্নীতি প্ৰতিৰোধ আৰু তদাৰকী সঞ্চালকালয়ে চলাইছে এক বৃহৎ অভিযান
অসম মীন উন্নয়ন নিগম লিমিটেডৰ (AFDCL) বৃহৎ বিত্তীয় অনিয়ম আৰু চৰকাৰী ধন আত্মসাতৰ গোচৰত দুৰ্নীতি প্ৰতিৰোধ আৰু তদাৰকী সঞ্চালকালয়ে চলাইছে এক বৃহৎ অভিযান । এই অভিযানকালত দুজন অসম অসামৰিক সেৱা (ACS) বিষয়াকে ধৰি অতি কমেও সাতগৰাকী চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে । এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
ক’ত ক’ত চলিল তালাচী অভিযান ?
তদাৰকী সঞ্চালকালয়ে জনোৱা অনুসৰি, ২০২৩ চনত পঞ্জীয়নভুক্ত এটা গোচৰৰ (গোচৰ নম্বৰ ০৮/২০২৩) ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক যোগপদ্য অভিযান চলোৱা হয় । গুৱাহাটীৰ উপৰিও নলবাৰী জিলাৰ বেলশৰ, ধুবুৰী জিলাৰ গৌৰীপুৰ আৰু নগাঁও জিলাৰ ৰাহাকে ধৰি একাধিক স্থানত চলিছিল এই তদাৰকী অভিযান ।
কোন কোন হ’ল গ্ৰেপ্তাৰ ?
তদাৰকী শাখাৰ জালত পৰা হাইপ্ৰ’ফাইল বিষয়া আৰু কৰ্মচাৰীসকল :
-অনুৰাধা অধিকাৰী শৰ্মা : মীন উন্নয়ন নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক (MD) ।
-নৰেণ চন্দ্ৰ বসুমতাৰী: মীন উন্নয়ন নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক তথা বৰ্তমানৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব (ACS) ।
-জ্যোতিষ শইকীয়া: প্ৰাক্তন কাৰ্যবাহী অভিযন্তা ।
-বিৰিঞ্চি অধিকাৰী: প্ৰাক্তন কাৰ্যবাহী অভিযন্তা ।
-প্ৰাক্তন কৰ্মচাৰীসকল: জ্যোতি প্ৰসাদ শইকীয়া, চবুৰুদ্দিন আহমেদ, ভগীৰথ দাস আৰু ৰবীন্দ্ৰ নাৰায়ণ ডেকা ।
দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান-
উল্লেখ্য যে, কিছুদিন পূৰ্বে আন এজন এ.চি.এছ. বিষয়া লাচিত কুমাৰ দাসক আন এক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল । দাসৰ বাসগৃহৰ পৰা নগদ ১.৬৬ কোটিতকৈও অধিক ধন আৰু ৮৬ লাখ টকাৰ ফিক্সড ডিপজিট উদ্ধাৰ কৰা হৈছিল ।
লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াক লৈ ডাঙৰ খবৰ









