দেশত শীঘ্ৰেই আৰম্ভ হ'ব প্লাষ্টিক নোটৰ প্ৰচলন!

দেশত শীঘ্ৰেই আৰম্ভ হ’ব প্লাষ্টিক নোটৰ প্ৰচলন!

দেশত সোনকালেই আৰম্ভ হ’ব প্লাষ্টিক নোটৰ পৰীক্ষা আপোনাৰ হাতত থকা ১০ বা ২০ টকাৰ কাগজৰ নোট সোনকালেই সলনি হ’ব নেকি? এই প্ৰশ্নৰ মাজতেই আহিল ডাঙৰ আপডেট । সংসদত মোদী চৰকাৰে নিশ্চিত কৰিছে- দেশত অতি সোনকালে আৰম্ভ হ’ব ১০ আৰু ২০ টকাৰ পলিমাৰ (প্লাষ্টিক) নোটৰ ফিল্ড

দেশত সোনকালেই আৰম্ভ হ’ব প্লাষ্টিক নোটৰ পৰীক্ষা

আপোনাৰ হাতত থকা ১০ বা ২০ টকাৰ কাগজৰ নোট সোনকালেই সলনি হ’ব নেকি? এই প্ৰশ্নৰ মাজতেই আহিল ডাঙৰ আপডেট । সংসদত মোদী চৰকাৰে নিশ্চিত কৰিছে- দেশত অতি সোনকালে আৰম্ভ হ’ব ১০ আৰু ২০ টকাৰ পলিমাৰ (প্লাষ্টিক) নোটৰ ফিল্ড ট্ৰায়েল ।

ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)-ৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱাৰ পিছতে এই গুৰুত্বপূৰ্ণ তথ্য সংসদত প্ৰকাশ কৰা হৈছে । প্ৰথম পৰ্যায়ত ১০ টকা আৰু ২০ টকাৰ ১০০-১০০ কোটি পলিমাৰ নোট পৰীক্ষামূলকভাৱে বজাৰত এৰা হ’ব । যদি এই পৰীক্ষা সফল হয়, তেন্তে এই নোটসমূহ নিয়মীয়াকৈ জাৰি কৰাৰ পৰিকল্পনা আছে ।

কাগজৰ নোট বন্ধ হ’ব নেকি?

এই প্ৰশ্নটোৰ উত্তৰো চৰকাৰে স্পষ্টকৈ দিছে- নহয় । বৰ্তমান চলি থকা কাগজৰ ১০ আৰু ২০ টকাৰ নোট বন্ধ কৰা নহ’ব । নতুন প্লাষ্টিক নোটৰ সৈতে কাগজৰ নোটো একেলগে চলি থাকিব ।

চৰকাৰৰ মতে, এই মুহূৰ্তত কাগজৰ নোট সম্পূৰ্ণৰূপে পলিমাৰ নোটেৰে সলনি কৰাৰ কোনো পৰিকল্পনা নাই ।

প্লাষ্টিক নোট কিয় বিশেষ?

বিশেষজ্ঞসকলৰ মতে, পলিমাৰ নোট সাধাৰণ কাগজৰ নোটতকৈ অধিক দীৰ্ঘদিন ব্যৱহাৰ কৰিব পাৰি । এই নোট সহজে ফাটি নাযায়, পানীত সহজে নষ্ট নহয় আৰু নকল কৰাও যথেষ্ট কঠিন । সেইবাবে দীৰ্ঘম্যাদীভাৱে ছপাৰ খৰচো হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে ।

বিশ্বত কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

প্লাষ্টিক নোট প্ৰথমবাৰৰ বাবে ১৯৮৮ চনত অষ্ট্ৰেলিয়াই প্ৰৱৰ্তন কৰিছিল । এতিয়া বিশ্বৰ ৫০ৰো অধিক দেশত এই ধৰণৰ নোট ব্যৱহাৰ কৰা হৈ ছে। ভাৰততো এতিয়া সেই দিশতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে ।

অৱশ্যে, এই প্ৰকল্প এতিয়াও ফিল্ড ট্ৰায়েল পৰ্যায়ত আছে । পৰীক্ষাৰ ফলাফল সন্তোষজনক হ’লেহে ভৱিষ্যতে এই নোটসমূহ নিয়মীয়াকৈ বজাৰত উপলব্ধ হ’ব ।

লগতে পঢ়ক : পশ্চিম এচিয়াৰ সংঘাতৰ আশংকাৰ মাজতো ভাৰতৰ অৰ্থনীতিৰ বাবে আশাব্যঞ্জক খবৰ