নিজতকৈ ৯ বছৰ ডাঙৰ অভিনেত্ৰীক ডেট কৰিছে নেকি ক্ৰিকেটাৰ যশস্বীয়ে?

নিজতকৈ ৯ বছৰ ডাঙৰ অভিনেত্ৰীক ডেট কৰিছে নেকি ক্ৰিকেটাৰ যশস্বীয়ে?

৯ বছৰ ডাঙৰ বলীউড অভিনেত্ৰীৰ প্ৰেমত যশস্বী জয়ছৱাল? মুম্বাইৰ কেফেৰ দৃশ্যই লগালে তোলপাৰ! মুম্বাইৰ এখন জনপ্ৰিয় কেফেৰ পৰা ওলাই অহা সুকীয়া সুকীয়া দৃশ্যই এতিয়া বিনোদন জগতত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে । বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মৃণাল ঠাকুৰ আৰু তাৰকা ক্ৰিকেটাৰ যশস্বী জয়ছোৱালৰ নামক লৈ ছ’চিয়েল মিডিয়াত

৯ বছৰ ডাঙৰ বলীউড অভিনেত্ৰীৰ প্ৰেমত যশস্বী জয়ছৱাল? মুম্বাইৰ কেফেৰ দৃশ্যই লগালে তোলপাৰ!

মুম্বাইৰ এখন জনপ্ৰিয় কেফেৰ পৰা ওলাই অহা সুকীয়া সুকীয়া দৃশ্যই এতিয়া বিনোদন জগতত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে । বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী মৃণাল ঠাকুৰ আৰু তাৰকা ক্ৰিকেটাৰ যশস্বী জয়ছোৱালৰ নামক লৈ ছ’চিয়েল মিডিয়াত নতুন চৰ্চা আৰম্ভ হৈছে ।

চৰ্চিত খবৰ অনুসৰি, দুয়োগৰাকী তাৰকাকে মুম্বাইৰ এখন প্ৰখ্যাত কেফেত প্ৰত্যক্ষ কৰা হৈছিল । প্ৰথমতে মৃণাল ঠাকুৰক কেফেখনত দেখা পোৱাৰ অলপ সময়ৰ পাছতে একেখন কেফেৰ পৰাই ওলাই আহে ক্ৰিকেটাৰ যশস্বী জয়ছোৱাল । তাৰ পাছতে দুয়ো নিজ নিজ বাহনেৰে স্থান ত্যাগ কৰে ।

ভাইৰেল ভিডিঅ’ আৰু সামাজিক মাধ্যমৰ চৰ্চা

দুয়োৰে কেফেৰ পৰা ওলাই অহাৰ পৃথক ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । ইয়াৰ পাছতে অনুৰাগীসকলৰ মাজত দুয়োৰে সম্ভাব্য সম্পৰ্কক লৈ নানাধৰণৰ গুজৱ প্ৰকাশ পাবলৈ ধৰে । অৱশ্যে প্ৰকাশিত খবৰ অনুসৰি, এই সাক্ষাৎ কোনো ব্যক্তিগত সম্পৰ্কৰ বাবে নে বাণিজ্যিক বিজ্ঞাপনৰ প্ৰকল্পৰ হেতু হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই । সামাজিক মাধ্যমত দুয়োৰে বয়সৰ ব্যৱধানক লৈও চৰ্চা চলি থকা দেখা গৈছে ।

এই পৰ্যন্ত মৃণাল ঠাকুৰ বা যশস্বী জয়ছোৱাল- কাৰো ফালৰ পৰাই এই খবৰ সম্পৰ্কে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া অহা নাই । গতিকে এই চৰ্চাৰ সত্যতা এতিয়ালৈকে নিশ্চিত হোৱা নাই ।

পূৰ্বৰ চৰ্চা আৰু বৰ্তমানৰ কেৰিয়াৰ

উল্লেখযোগ্য যে, মৃণাল ঠাকুৰৰ নাম পূৰ্বেও চৰ্চালৈ আহিছে । কিছু সময় পূৰ্বে দক্ষিণৰ জনপ্ৰিয় অভিনেতা ধনুশৰ সৈতে মৃণালৰ বিবাহৰ চৰ্চা ছ’চিয়েল মিডিয়াত বিয়পি পৰিছিল, যদিও পৰৱৰ্তী সময়ত অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ সূত্ৰই এই খবৰ ভিত্তিহীন বুলি স্পষ্ট কৰিছিল ।

পেছাগতভাৱে মৃণাল ঠাকুৰে বৰ্তমান নিজৰ কেৰিয়াৰৰ এক সফলতাৰ পৰ্যায়ত আছে ।

লগতে পঢ়ক : প্ৰতিবাদী ছাত্ৰৰ সমৰ্থনত বলীউডৰ ‘ভাইজান’