উজনি অসমৰ বান পীড়িতৰ কাষত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট

উজনি অসমৰ বান পীড়িতৰ কাষত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট

উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট । ১ কোটি টকাৰ সাহায্য ঘোষণা । সম্প্ৰতি অসমত সৃষ্টি হোৱা ভয়াৱহ বানে উজনিৰ পৰা নামনিলৈ হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে । বহু লোক গৃহহীন হৈ পৰাৰ লগতে বানৰ কৱলত পৰি বিস্তৰ ক্ষতিসাধন হৈছে শৈক্ষিক অনুষ্ঠানসমূহৰ । এনে

উজনি অসমৰ বানপীড়িত ৰাইজৰ কাষত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট । ১ কোটি টকাৰ সাহায্য ঘোষণা ।

সম্প্ৰতি অসমত সৃষ্টি হোৱা ভয়াৱহ বানে উজনিৰ পৰা নামনিলৈ হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে । বহু লোক গৃহহীন হৈ পৰাৰ লগতে বানৰ কৱলত পৰি বিস্তৰ ক্ষতিসাধন হৈছে শৈক্ষিক অনুষ্ঠানসমূহৰ । এনে এক জটিল সময়ত বানপীড়িত আৰু শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে উত্তৰ-পূবৰ অন্যতম শ্ৰেষ্ঠ সংবাদ তথা মনোৰঞ্জন গোষ্ঠী ‘প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট‘।

গোষ্ঠীটোৰ ব্যৱস্থাপনা সঞ্চালিকা (CMD) ৰিণিকি ভূঞা শৰ্মাই শেহতীয়াকৈ এক ডাঙৰ ঘোষণা কৰে। উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ বানত ক্ষতিগ্রস্ত ৫০খন বিদ্যালয়ৰ মেৰামতি আৰু পুনৰ্নিৰ্মাণৰ বাবে প্ৰাইড ইষ্টৰ তৰফৰ পৰা ১ কোটি টকাৰ বিশেষ আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব।

এই বিশাল বৰঙণি সন্দৰ্ভত জানিবলৈ দি CMD ৰিণিকি ভূঞা শৰ্মাই উল্লেখ কৰে যে অলপতে মুক্তি লাভ কৰা আৰু দৰ্শকৰ বিপুল সমাদৰ লাভ কৰা অসমীয়া কথাছবি ‘ককাদেউতা নাতি আৰু হাতী-২’ৰ উপাৰ্জনৰ পৰাই এই ১ কোটি টকাৰ সাহাৰ্য ধন সংগ্ৰহ কৰা হৈছে। ছবিখনলৈ অসমৰ ৰাইজে যি মৰম আৰু সঁহাৰি জনালে, তাৰেই প্ৰতিদান হিচাপে ধুমুহা-বানপানীয়ে খহা অৱস্থা কৰা অঞ্চলসমূহৰ শিক্ষাখণ্ডক পুনৰ থিয় কৰোৱাৰ মানসেৰে এই পদক্ষেপ লোৱা হৈছে। বানপানীৰ পিছত ধ্বংসস্তূপত পৰিণত হোৱা বিদ্যালয়সমূহৰ মেৰামতি ক্ষিপ্ৰতাৰে কৰি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত যাতে অন্ধকাৰলৈ নাযায়, তাৰ বাবে এই ১ কোটি টকাই এক বৃহৎ সহায়ক ৰূপত কাম কৰিব। স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে প্ৰাইড ইষ্ট গোষ্ঠী আৰু ৰিণিকি ভূঞা শৰ্মাৰ এই মহৎ মানবীয় পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : বানাক্ৰান্তলৈ অসম ৰাজ্যিক বিজেপিৰ ১২ কোটি টকাৰ সাহাৰ্যৰ অভিযান