ডুবাইৰ পৰা মুম্বাই অভিমুখী ইণ্ডিগ’ বিমানত অঘটন!

ডুবাইৰ পৰা মুম্বাই অভিমুখী ইণ্ডিগ’ বিমানত অঘটন!

ডুবাইৰ পৰা মুম্বাই অভিমুখী ইণ্ডিগ’ৰ বিমানত কাৰিকৰী বিজুটি ডুবাইৰ পৰা মুম্বাই অভিমুখে আহি থকা ইণ্ডিগ’ৰ 6E1452 নম্বৰৰ এখন বিমানত আকাশমাৰ্গতে হঠাত কাৰিকৰী বিজুটি দেখা দিয়াত ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় । বিমানখনত ক্ৰু-সদস্যকে ধৰি মুঠ ১৯৪ গৰাকী যাত্ৰী আছিল । প্ৰকাশিত বাতৰি

ডুবাইৰ পৰা মুম্বাই অভিমুখী ইণ্ডিগ’ৰ বিমানত কাৰিকৰী বিজুটি

ডুবাইৰ পৰা মুম্বাই অভিমুখে আহি থকা ইণ্ডিগ’ৰ 6E1452 নম্বৰৰ এখন বিমানত আকাশমাৰ্গতে হঠাত কাৰিকৰী বিজুটি দেখা দিয়াত ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমানখন জৰুৰীভাৱে অৱতৰণ কৰোৱা হয় । বিমানখনত ক্ৰু-সদস্যকে ধৰি মুঠ ১৯৪ গৰাকী যাত্ৰী আছিল ।

প্ৰকাশিত বাতৰি অনুসৰি  A321 আৰ্হিৰ বিমানখন উৰন্ত অৱস্থাত থাকোঁতেই আবেলি প্ৰায় ২:৪৫ বজাত ইয়াৰ ‘কাৰ্গ’ হ’ল্ড’ অংশত ধোঁৱা দেখা পোৱা যায় । পাইলটে বিষয়টো উমান পাই বিলম্ব নকৰি ৰাজকোট এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (ATC)-ৰ সৈতে যোগাযোগ কৰে । পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি ৰাজকোট বিমানবন্দৰত লগে লগে ‘পূৰ্ণ জৰুৰীকালীন অৱস্থা’ ঘোষণা কৰা হয় আৰু ৰানৱেৰ সমীপত আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স প্ৰস্তুত কৰি ৰখা হয় ।

পাইলটৰ তৎপৰতা আৰু দক্ষতাৰ বাবে আবেলি ৩:২৭ বজাত বিমানখনে ৰাজকোটত সুৰক্ষিতভাৱে অৱতৰণ কৰিবলৈ সক্ষম হয় । অৱতৰণৰ লগে লগে সকলো যাত্ৰীক নিৰাপদে বাহিৰলৈ উলিয়াই অনা হয় । ৰাজকোটৰ আৰক্ষী আয়ুক্তই ঘটনাৰ সত্যতা নিশ্চিত কৰি সকলো যাত্ৰী সুৰক্ষিত থকাৰ কথা জানিবলৈ দিয়ে ।

লগতে পঢ়ক : কাৰ্গিল বিজয় দিৱস: অদম্য সাহস, ত্যাগ আৰু শৌৰ্যৰ ইতিহাসক স্মৰণ সমগ্ৰ দেশৰ