আইচিচিয়ে এদিনীয়া আৰু টি-২০ বিশ্বকাপৰ ফৰ্মেটত বৃহৎ পৰিৱৰ্তনৰ বাবে অনুমোদন জনাইছে।আগন্তুক এদিনীয়া বিশ্বকাপত ১৪টা দলে অংশগ্ৰহণ কৰিব, য’ত সৰ্বনিম্ন ৰেংকিঙৰ তিনিটা দলৰ ভিতৰত ‘ছুপাৰ ছিৰিজ’ অনুষ্ঠিত হ’ব আৰু মাত্ৰ এটা দলেহে মূল ৰাউণ্ডলৈ আগবাঢ়িব।
আইচিচিয়ে বিশ্বব্যাপী প্ৰতিযোগিতাসমূহক অধিক ৰোমাঞ্চকৰ, প্ৰতিযোগিতামূলক, আৰু দৰ্শকৰ বাবে আকৰ্ষণীয় কৰি তুলিবলৈ এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। শেহতীয়াকৈ এডিনবাৰ্গত অনুষ্ঠিত আইচিচিৰ বাৰ্ষিক বৈঠকত ক্ৰিকেটৰ দুখন বৃহৎ প্ৰতিযোগিতা ক্ৰমে এদিনীয়া বিশ্বকাপ আৰু টি-২০ বিশ্বকাপৰ ফৰ্মেটত বৃহৎ পৰিৱৰ্তনৰ অনুমোদন জনোৱা হয়। এই পৰিৱৰ্তনসমূহৰ প্ৰধান উদ্দেশ্য হৈছে প্ৰতিযোগিতাসমূহৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই মেচৰ ‘তাৎপৰ্য্য আৰু তীব্ৰতা’ বৃদ্ধি কৰা, যাতে কোনো মেচ নিস্তেজ নহয়।
আগন্তুক এদিনীয়া বিশ্বকাপত দলৰ সংখ্যা ১৪টা হৈ থাকিব যদিও প্ৰতিযোগিতাখনৰ ফৰ্মেট সম্পূৰ্ণৰূপে সলনি কৰা হৈছে। আইচিচিয়ে আৰম্ভণিৰে পৰাই দলসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা নিশ্চিত কৰাৰ বাবে এক নতুন মঞ্চৰ ব্যৱস্থা কৰিছে। প্ৰতিযোগিতাখনৰ আৰম্ভণি হ’ব ‘ছুপাৰ ছিৰিজ’, য’ত আটাইতকৈ নিম্ন ৰেংকিঙৰ তিনিটা দলে মুখামুখি হৈ মূল গ্ৰুপ পৰ্যায়ত স্থান নিশ্চিত কৰিব। এই তিনিটা দলৰ ভিতৰত এটা দলে মূল ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে বাকী দুটা দলে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ব।ছুপাৰ ছিৰিজৰ পৰা যোগ্যতা অৰ্জন কৰা এটা দল আৰু পূৰ্বৰে পৰা থকা ১১ টা দলকে ধৰি মুঠ ১২ টা দলে দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়িব।এই ১২টা দলক ছয়জনীয়া দুটা গ্ৰুপত ভাগ কৰা হ’ব।
চুপাৰ ৭ ষ্টেজ
দুয়োটা গ্ৰুপৰ শীৰ্ষ তিনিটা দলে পোনপটীয়াকৈ পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িব। ইয়াৰ উপৰিও নিজ নিজ গ্ৰুপত চতুৰ্থ স্থান দখল কৰাসকলৰ মাজত উন্নত প্ৰদৰ্শন কৰা দলটোৱে (চতুৰ্থ স্থানৰ শ্ৰেষ্ঠ দল)ও আগবাঢ়ি যাবলৈ স্থান অৰ্জন কৰিব। এইদৰে মুঠ ৭টা দলে ‘ছুপাৰ ৭’ পৰ্যায়ত প্ৰৱেশ কৰিব।
ছেমিফাইনেলৰ পথ
ছুপাৰ ৭ পৰ্যায়ত সকলো দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, আৰু পইণ্ট টেবুলৰ শীৰ্ষ চাৰিটা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিব। ইয়াৰ পিছতে নকআউট মেচ অনুষ্ঠিত হ’ব।
এই সন্দৰ্ভত আইচিচিয়ে কয় যে, ” মেচৰ ক্ৰমবৰ্ধমান গুৰুত্ব আৰু প্ৰতিযোগিতামূলক তীব্ৰতাই অনুৰাগীৰ অভিজ্ঞতা বহু পৰিমাণে উন্নত কৰিব।একে সময়তে এই নতুন ব্যৱস্থাই উদীয়মান দলসমূহক ক্ৰিকেটৰ বৃহত্তম মঞ্চত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগো প্ৰদান কৰি যাব।
এদিনীয়া ফৰ্মেটৰ লগতে টি-২০ বিশ্বকাপৰ ফৰ্মেটকো নতুন ৰূপ দিয়া হৈছে। আইচিচিয়ে এই চুটি ফৰ্মেটত নকআউট পৰ্যায়ৰ ঠিক আগতেই ‘এলিমিনেটৰ’ৰ প্ৰৱৰ্তন কৰিছে, যিটো পদক্ষেপে প্ৰতিযোগিতাখনৰ উত্তেজনাক নতুন উচ্চতালৈ লৈ যাব। টি-২০ বিশ্বকাপত মুঠ ২০টা দলে অংশগ্ৰহণ কৰিব। চাৰিটাকৈ দলৰ পাঁচটা পৃথক গ্ৰুপত ভাগ কৰা হ’ব। প্ৰতিটো গ্ৰুপৰ পৰা শীৰ্ষ দুটা দলে পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িব, অৰ্থাৎ মুঠ ১০টা দল আগবাঢ়িব। ইয়াৰ পিছত এই ১০টা যোগ্যতা অৰ্জনকাৰী দলক পাঁচজনীয়া দুটা গ্ৰুপত (গ্ৰুপ এ আৰু গ্ৰুপ বি) বিভক্ত কৰা হ’ব। এই ‘ছুপাৰ ১০’ পৰ্যায়ত দলসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা দেখা যাব।
ছুপাৰ ১০ পৰ্যায়ৰ সামৰণিত নিজ নিজ গ্ৰুপৰ শীৰ্ষত স্থান দখল কৰা দল দুটাই ছেমি ফাইনেলত প্ৰত্যক্ষ স্থান নিশ্চিত কৰিব। বাকী দুটা ছেমি ফাইনেল বাৰ্থৰ বাবে এটা নতুন টুইষ্ট প্ৰৱৰ্তন কৰা হৈছে: দুয়োটা গ্ৰুপত দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰা চাৰিটা দলে ‘এলিমিনেটৰ’ খেলিব লাগিব।
লগতে পঢ়ক: ফুটবলপ্ৰেমীৰ বাবে সাৰে থাকিব মহানগৰী! কিন্তু কিয়?









