হৰমুজত ইৰানৰ মিছাইল আক্ৰমণ: এজন ভাৰতীয়ৰ মৃত্যু, আহত ৬

হৰমুজত ইৰানৰ মিছাইল আক্ৰমণ: এজন ভাৰতীয়ৰ মৃত্যু, আহত ৬

ইৰানৰ ক্ৰুজ মিছাইলৰ আক্ৰমণত UAE-ৰ দুখনকৈ বাণিজ্যিক জাহাজ বিধ্বস্ত হোৱাৰ লগতে এজন ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু ঘটিছে পশ্চিম এছিয়াত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ মাজতে হৰমুজ প্ৰণালীত এক ভয়াবহ ঘটনা সংঘটিত হৈছে । ইৰানৰ ক্ৰুজ মিছাইলৰ আক্ৰমণত সংযুক্ত আৰৱ আমিৰাত (UAE)-ৰ দুখনকৈ বাণিজ্যিক জাহাজ বিধ্বস্ত

ইৰানৰ ক্ৰুজ মিছাইলৰ আক্ৰমণত UAE-ৰ দুখনকৈ বাণিজ্যিক জাহাজ বিধ্বস্ত হোৱাৰ লগতে এজন ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু ঘটিছে

পশ্চিম এছিয়াত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ মাজতে হৰমুজ প্ৰণালীত এক ভয়াবহ ঘটনা সংঘটিত হৈছে । ইৰানৰ ক্ৰুজ মিছাইলৰ আক্ৰমণত সংযুক্ত আৰৱ আমিৰাত (UAE)-ৰ দুখনকৈ বাণিজ্যিক জাহাজ বিধ্বস্ত হোৱাৰ লগতে এজন ভাৰতীয় নাবিকৰ কৰুণ মৃত্যু ঘটিছে । এই আক্ৰমণৰ ঘটনাত আন ৬জন ভাৰতীয় নাগৰিক গুৰুতৰভাৱে আহত হৈছে । ওমানৰ ওচৰত মঙলবাৰে যাত্ৰাৰ সময়তে এই ভয়ংকৰ আক্ৰমণ সংঘটিত হয় ।

ওমান জলসীমাত লক্ষ্য কৰা হ’ল ইউ এ ই-ৰ জাহাজ

ইউ এ ই-ৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰী কৰা মতে, আক্ৰমণৰ বলি হোৱা জাহাজ দুখনৰ নাম আছিল ‘মম্বাচা’ আৰু ‘আল বাহিয়া’ । দক্ষিণ দিশৰ মূল জাহাজ চলাচলৰ পথত, ওমানৰ জলসীমাৰে গতি কৰি থকা অৱস্থাত জাহাজ দুখনক লক্ষ্য কৰি ইৰানে দুখনকৈ ক্ৰুজ মিছাইল নিক্ষেপ কৰে ।

নিহত ভাৰতীয় নাবিকগৰাকী আক্ৰমণৰ সময়ত ‘মম্বাচা’ নামৰ জাহাজখনত কৰ্মৰত আছিল । জানিব পৰা মতে, আক্ৰমণত জাহাজ দুখনৰ মুঠ ৮জন ক্ৰু সদস্য আহত হৈছে, যাৰ ভিতৰত ৪জনৰ অৱস্থা অতি সংকটজনক । আহতসকলৰ ভিতৰত ৬জন ভাৰতীয় আৰু ২জন ইউক্ৰেইনৰ নাগৰিক বুলি চিনাক্ত কৰা হৈছে । মিছাইল বিস্ফোৰণৰ ফলত দুয়োখন জাহাজতে জুই লাগি ভৌতিক ক্ষতিসাধন হয় যদিও বৰ্তমান জুই নিয়ন্ত্ৰণলৈ অনা হৈছে ।

ভাৰতীয় দূতাৱাসৰ গভীৰ শোক আৰু তৎপৰতা

এই কৰুণ ঘটনাত ইউ এ ই-ত থকা ভাৰতীয় দূতাৱাসে গভীৰ শোক প্ৰকাশ কৰিছে। নিহত নাবিকগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি দূতাৱাসে এক বিবৃতিত কয়:

“আমি বৰ্তমানৰ পৰিস্থিতি অতি তীক্ষ্ণভাৱে পৰ্যবেক্ষণ কৰি আছো । আহতসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সম্ভৱপৰ সকলো প্ৰকাৰৰ সহায় আগবঢ়াবলৈ আমি স্থানীয় কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি চলিছো ।”

লগতে পঢ়ক : সামুদ্ৰিক সুৰক্ষা লাগে যদি আমেৰিকাক ধন দিয়ক- উপসাগৰীয় দেশক ট্ৰাম্পৰ সকীয়নি