সামুদ্ৰিক সুৰক্ষা লাগে যদি আমেৰিকাক ধন দিয়ক- উপসাগৰীয় দেশক ট্ৰাম্পৰ সকীয়নি

সামুদ্ৰিক সুৰক্ষা লাগে যদি আমেৰিকাক ধন দিয়ক- উপসাগৰীয় দেশক ট্ৰাম্পৰ সকীয়নি

ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে হৰমুজ প্ৰণালীৰ দৰে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক কৰিডৰ সুৰক্ষিত কৰাৰ বাবদ উপসাগৰীয় দেশসমূহে আমেৰিকাক আৰ্থিক ক্ষতিপূৰণ আদায় দিব লাগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণ আৰু মধ্যপ্ৰাচ্যৰ নিৰাপত্তাক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে । সোমবাৰে অ’ভেল অফিচত সংবাদ মাধ্যমৰ সৈতে হোৱা

ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে হৰমুজ প্ৰণালীৰ দৰে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক কৰিডৰ সুৰক্ষিত কৰাৰ বাবদ উপসাগৰীয় দেশসমূহে আমেৰিকাক আৰ্থিক ক্ষতিপূৰণ আদায় দিব লাগে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণ আৰু মধ্যপ্ৰাচ্যৰ নিৰাপত্তাক লৈ এক বিস্ফোৰক মন্তব্য কৰিছে । সোমবাৰে অ’ভেল অফিচত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে হৰমুজ প্ৰণালীৰ দৰে বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক কৰিডৰ সুৰক্ষিত কৰাৰ বাবদ উপসাগৰীয় দেশসমূহে আমেৰিকাক আৰ্থিক ক্ষতিপূৰণ আদায় দিব লাগে ।

ইয়াৰ পিছতে এক সাক্ষাৎকাৰত ট্ৰাম্পে দাবী কৰে যে আমেৰিকাৰ ধাৰাবাহিক সামৰিক আক্ৰমণে ইৰাণৰ আক্ৰমণাত্মক ক্ষমতাক সম্পূৰ্ণৰূপে পংগু কৰি পেলাইছে । বিগত চাৰি মাহৰ সামৰিক অভিযানে ইৰাণৰ সামৰিক চৰিত্ৰ সলনি কৰি দিয়া বুলি উল্লেখ কৰি ট্ৰাম্পে কয়, “চাৰি মাহৰ ভিতৰত আমি তেওঁলোকক বহু পৰিমাণে প্ৰস্তৰ যুগত উপনীত কৰাইছোঁ । তেওঁলোকৰ শক্তি প্ৰায় কাঢ়ি লোৱা হৈছে ।”

ৰাষ্ট্ৰপতিগৰাকীয়ে ইৰাণৰ হোৱা সামৰিক ক্ষতিৰ এক খতিয়ানো দাঙি ধৰে । তেওঁ কয় যে তেহৰাণৰ নৌসেনা আৰু বিমান বাহিনীৰ এক বুজন অংশ ইতিমধ্যে ধ্বংস কৰা হৈছে । “ইৰাণৰ সামৰিক বাহিনীৰ ১৫৯খন জাহাজ আছিল, যাৰ আটাইকেইখনেই এতিয়া সাগৰৰ তলিত ডুব গৈছে । ইয়াৰ উপৰি তেওঁলোকৰ হাতত থকা ২০০খন বিমানৰ এখনো এতিয়া বাকী থকা নাই,” ট্ৰাম্পে কয় ।

কেৱল জাহাজ বা বিমানেই নহয়, ইৰাণৰ ৰাডাৰ ব্যৱস্থা, বিমান-বিধ্বংসী প্ৰতিৰক্ষা ব্যৱস্থা আৰু উদ্যোগিক অস্ত্ৰ নিৰ্মাণৰ ক্ষমতাও প্ৰায় ৮৪ শতাংশ হ্ৰাস পাইছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে । ইৰাণৰ হাতত বৰ্তমান অতি নগণ্য পৰিমাণৰ মিছাইল আৰু সামৰিক শক্তি বাকী আছে বুলি উল্লেখ কৰি তেওঁ কয় যে শত্ৰুপক্ষক এক ভিন্ন সময়ৰ বুকুলৈ ঘূৰাই পঠোৱা হৈছে ।

মধ্যপ্ৰাচ্যত ইৰাণৰ আধিপত্যক কঠোৰ হাতেৰে দমন কৰাৰ ইংগিত দি ট্ৰাম্পে শেষত কয়, “ইৰাণ মধ্য প্ৰাচ্যৰ গুণ্ডা আছিল, কিন্তু তেওঁলোকে মোৰ ওপৰত গুণ্ডাগিৰি কৰিবলৈ অহাটো মই সহ্য নকৰিলোঁ ।” ৰাষ্ট্ৰপতিগৰাকীৰ এই আক্ৰমণাত্মক স্থিতিয়ে আগন্তুক দিনত মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনীতি আৰু আমেৰিকা-ইৰাণৰ সম্পৰ্ক অধিক উত্তপ্ত কৰি তুলিব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে ।

লগতে পঢ়ক : হৰমুজ জলপথ বন্ধ কৰিলে ইৰাণে; ট্ৰাম্পৰ নিৰ্দেশত আমেৰিকাৰ ধাৰাবাহিক আক্ৰমণ