নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত হাহাকাৰ, NHPC-এ এৰি দিলে পানী

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত হাহাকাৰ, NHPC-এ এৰি দিলে পানী

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (NHPC) কৰ্তৃপক্ষই বান্ধৰ আটাইকেইখন গেট খুলি পানী এৰি দিবলৈ বাধ্য হৈছে অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলপৃষ্ঠই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । পৰিস্থিতি চম্ভালিব নোৱাৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (NHPC) কৰ্তৃপক্ষই বান্ধৰ আটাইকেইখন গেট খুলি পানী

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (NHPC) কৰ্তৃপক্ষই বান্ধৰ আটাইকেইখন গেট খুলি পানী এৰি দিবলৈ বাধ্য হৈছে

অৰুণাচল প্ৰদেশত ধাৰাবাহিকভাৱে হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ জলপৃষ্ঠই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । পৰিস্থিতি চম্ভালিব নোৱাৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প (NHPC) কৰ্তৃপক্ষই বান্ধৰ আটাইকেইখন গেট খুলি পানী এৰি দিবলৈ বাধ্য হৈছে । যাৰ ফলত নামনি অংশত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

চাইৰেন বজাই জাৰি কৰা হৈছে হাই এলাৰ্ট

প্ৰকল্পটোৰ পৰা অস্বাভাৱিক হাৰত পানী এৰি দিয়াৰ লগে লগে নদীৰ দুয়োপাৰৰ অঞ্চলসমূহত তীব্ৰ আতংকই বিৰাজ কৰিছে । NHPC কৰ্তৃপক্ষই ইতিমধ্যে জৰুৰীকালীন চাইৰেন বজাই সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰিছে । যিকোনো মুহূৰ্ততে এক ভয়ংকৰ জলপ্লাৱনৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে ।

প্ৰশাসনৰ জৰুৰী আহ্বান: সোৱণশিৰি নদীৰ দাঁতিকাষৰীয়া তথা নৈ-পৰীয়া লোকসকলক অতি জৰুৰীভাৱে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে । সম্ভাৱ্য বিপদৰ পৰা বাচিবলৈ বৰ্তমানৰ স্থান পৰিত্যাগ কৰি তৰিৎ গতিত সুৰক্ষিত তথা ওখ স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনোৱা হৈছে ।

এই জিলাসমূহত অধিক ভয়াৱহ পৰিস্থিতিৰ আশংকা

NHPC-ৰ পানীয়ে নামনিৰ কেইবাখনো জিলালৈ বিপৰ্যয় নমাই অনাৰ পূৰ্ণ সম্ভাৱনা আছে । বিশেষকৈ তলত উল্লেখ কৰা অঞ্চলসমূহত সৰ্বোচ্চ সতৰ্কতা অৱলম্বন কৰিবলৈ কোৱা হৈছে: ধেমাজি, লখিমপুৰ, মাজুলী, বিহপুৰীয়া

জনসাধাৰণলৈ অনুৰোধ

নৈ-পৰীয়া ৰাইজক এই সময়ছোৱাত নদীৰ বুকুলৈ নাযাবলৈ, গৰু-মহ আদি পশুধনক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিবলৈ আৰু চৰকাৰী নিৰ্দেশনাসমূহ পালন কৰিবলৈ অনুৰোধ জনোৱা হৈছে । পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বাহিনীয়ে তীক্ষ্ণ নজৰ ৰাখিছে ।

লগতে পঢ়ক : আকৌ দিছে বৰষুণ, মহানগৰীত হাহাকাৰ পৰিস্থিতি!