ফুটবল জ্বৰত কঁপিব শ্বিলং! ডুৰাণ্ড কাপ ২০২৬ক আদৰিবলৈ সাজু মেঘালয়

ফুটবল জ্বৰত কঁপিব শ্বিলং! ডুৰাণ্ড কাপ ২০২৬ক আদৰিবলৈ সাজু মেঘালয়

ডুৰাণ্ড কাপ ২০২৬: শ্বিলঙত ফুটবলৰ মহাৰণ, খেলিব মুম্বাই-লাজঙৰ দৰে শীৰ্ষ দলে ভাৰতৰ আটাইতকৈ পুৰণি আৰু ঐতিহ্যবাহী ফুটবল প্ৰতিযোগিতা ‘ডুৰাণ্ড কাপ ২০২৬’ (Durand Cup 2026)ৰ ১৩৫তম সংস্কৰণক আদৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে চুবুৰীয়া ৰাজ্য মেঘালয় । ফুটবলপ্ৰেমী ৰাজ্যখনত এই প্ৰতিযোগিতাখনক লৈ উত্তেজনা চৰম পৰ্যায়ত উপনীত

ডুৰাণ্ড কাপ ২০২৬: শ্বিলঙত ফুটবলৰ মহাৰণ, খেলিব মুম্বাই-লাজঙৰ দৰে শীৰ্ষ দলে

ভাৰতৰ আটাইতকৈ পুৰণি আৰু ঐতিহ্যবাহী ফুটবল প্ৰতিযোগিতা ‘ডুৰাণ্ড কাপ ২০২৬’ (Durand Cup 2026)ৰ ১৩৫তম সংস্কৰণক আদৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে চুবুৰীয়া ৰাজ্য মেঘালয় । ফুটবলপ্ৰেমী ৰাজ্যখনত এই প্ৰতিযোগিতাখনক লৈ উত্তেজনা চৰম পৰ্যায়ত উপনীত হোৱাৰ মাজতে ৰাজধানী চহৰ শ্বিলঙে খেলসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ।

মেঘালয়ৰ বাবে গৌৰৱৰ ক্ষণ: ক্ৰীড়ামন্ত্ৰী ৱাইলাডমিকি শ্বিল্লা

প্ৰতিযোগিতাখনৰ পূৰ্বে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি মেঘালয়ৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী ৱাইলাডমিকি শ্বিল্লাই কয় যে এই সন্মানীয় ফুটবল প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ পাই মেঘালয়বাসী অত্যন্ত গৌৰৱান্বিত । তেওঁ ৰাজ্যখনৰ চহকী ফুটবল সংস্কৃতি আৰু এই খেলবিধৰ প্ৰতি জনসাধাৰণৰ থকা অপৰিসীম উৎসাহৰ কথা প্ৰশংসাৰে উল্লেখ কৰে ।

চলিত বৰ্ষৰ ডুৰাণ্ড কাপত শ্বিলঙৰ তিনিটাকৈ আগশাৰীৰ ক্লাবে অংশগ্ৰহণ কৰিব । এই ক্লাব তিনিটা হৈছে- শ্বিলং লাজং এফ চি (Shillong Lajong FC), নংথিম্মাই স্পৰ্টছ চচিয়েল এণ্ড কালচাৰেল ক্লাব (Nongthymmai Sports Social & Cultural Club), ৰংডাজিয়েড ইউনাইটেড এফ চি (Rangdajied United FC) ।

মন্ত্ৰীগৰাকীয়ে তিনিওটা থলুৱা দলকে বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দলসমূহে ৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শনেৰে মেঘালয়লৈ গৌৰৱ কঢ়িয়াই আনিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে ।

৫ খন চহৰত ২৪ টা দলৰ মহাৰণ-

সংবাদমেলত উপস্থিত থাকি ভাৰতীয় সেনাৰ জ্যেঠ বিষয়া তথা ১০১ এৰিয়াৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেন্ট জেনেৰেল মোহিত ৱাধৱাই (এছ এম) প্ৰতিযোগিতাখনৰ খেলসূচী আৰু ফৰ্মেটৰ এক ৰূপৰেখা দাঙি ধৰে ।

তেওঁ জানিবলৈ দিয়া মতে, এইবাৰ সমগ্ৰ দেশৰ পৰা মুঠ ২৪ টা আগশাৰীৰ দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব । এই দলসমূহক মুঠ ছয়টা গোটত বিভক্ত কৰা হৈছে । সমগ্ৰ প্ৰতিযোগিতাখনৰ খেলসমূহ দেশৰ পাঁচখন প্ৰধান চহৰ- শ্বিলং, গুৱাহাটী, কলকাতা, ৰাঁচী আৰু ইম্ফলত অনুষ্ঠিত হ’ব ।

শ্বিলঙৰ জে এন ষ্টেডিয়ামত হ’ব কোৱাৰ্টাৰ ফাইনেল আৰু চেমি ফাইনেল

এইবাৰৰ সংস্কৰণত শ্বিলং অন্যতম প্ৰধান ভেন্যু হিচাপে পৰিগণিত হৈছে । চহৰখনৰ ঐতিহাসিক জৱাহৰলাল নেহৰু ষ্টেডিয়ামত মুঠ আঠখন গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত ছয়খন লীগ মেচৰ লগতে এখন হাই-ভল্টেজ কোৱাৰ্টাৰ ফাইনেল আৰু এখন উত্তেজনাপূৰ্ণ চেমী ফাইনেল মেচ অন্তৰ্ভুক্ত আছে ।

৩১ জুলাইৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’বলগীয়া এই মেগা ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত ফাইনেল খেলখন অহা ২৩ আগষ্টত অনুষ্ঠিত হ’ব ।

মুম্বাইৰ শীৰ্ষ দলৰ আগমন, বৃদ্ধি পাব উত্তেজনা

আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে, মেঘালয়ৰ স্থানীয় ক্লাব তিনিটাৰ উপৰিও মুম্বাইৰ এটা শীৰ্ষস্থানীয় শক্তিশালী দলেও এইবাৰ শ্বিলঙৰ মাটিত খেলপথাৰত নামিব। ইয়াৰ ফলত ৰাজ্যখনত প্ৰতিযোগিতাখনৰ উত্তেজনা আৰু প্ৰতিদ্বন্দিতাৰ মাত্ৰা বহুখিনি বৃদ্ধি পাব ।

লগতে পঢ়ক : অনবদ্য ফুটবল যাত্ৰাত আন এক সোনালী অধ্যায় সংযোগ কিলিয়ান এমবাপেৰ

শেহতীয়া প্ৰৱন্ধসমূহ