গুৱাহাটীসহ ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা-বৰষুণৰ পূৰ্বানুমান; বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

গুৱাহাটীসহ ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা-বৰষুণৰ পূৰ্বানুমান; বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী

আগন্তুক তিনি দিন ৰাজ্যত বতৰে কালৰূপ ধাৰণ কৰাৰ সম্ভৱনা । প্ৰচণ্ড ধুমুহা, ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । লগতে জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । আগন্তুক কেইবাটাও দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন

আগন্তুক তিনি দিন ৰাজ্যত বতৰে কালৰূপ ধাৰণ কৰাৰ সম্ভৱনা । প্ৰচণ্ড ধুমুহা, ধাৰাষাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে । লগতে জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ।

আগন্তুক কেইবাটাও দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে । বতৰ বিজ্ঞান বিভাগে আগন্তুক কেইদিনমানৰ ভিতৰত গুৱাহাটীৰ লগতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধুমুহা-বৰষুণৰ সম্ভাৱনা থকা বুলি পূৰ্বানুমান ব্যক্ত কৰাৰ লগতে জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ।  

বৰ্তমানৰ বতৰৰ অৱস্থা আৰু চলি থকা দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত অহা দুই-তিনি দিনৰ ভিতৰত গুৱাহাটীৰ লগতে ৰাজ্যখনৰ দক্ষিণ আৰু মধ্য অসমৰ জিলাসমূহত বিজুলী-ঢেৰেকণিৰ সৈতে ধুমুহা, মজলীয়া বৰষুণ আৰু ঠায়ে ঠায়ে প্ৰবল বৃষ্টিপাত হ’ব পাৰে বুলি পূৰ্বানুমান প্ৰকাশ কৰিছে বতৰ বিজ্ঞা বিভাগে । কৰ্তৃপক্ষই এই বতৰৰ বাবে কৃত্ৰিম বান, আৰু স্পৰ্শকাতৰ এলেকাবোৰত ভূমিস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে বুলি সতৰ্কবাণী জাৰি কৰিছে ।

জিলা প্ৰশাসনসমূহে সমগ্ৰ পৰিস্থিতিত তীক্ষ্ণ নজৰ ৰাখিছে আৰু যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মুখামুখি হ’বলৈ দুৰ্যোগ সঁহাৰি ব্যৱস্থাসমূহ সাজু কৰি ৰখা হৈছে জনাইছে ASDMA-ই ।

বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে, “পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে গুৱাহাটীৰ সকলো বাসিন্দাক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে ।”

কৰ্তৃপক্ষই সকলোকে নিজৰ যাত্ৰা সাৱধানে পৰিকল্পনা কৰিবলৈ আৰু প্ৰবল বৰষুণৰ সময়ত প্ৰয়োজন নহ’লে ভ্ৰমণ পৰিহাৰ আহ্বান জনাইছে । ইয়াৰ উপৰিও, নামনি অঞ্চল আৰু ভূমিস্খলন প্ৰৱণ পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকসকলক বানপানী বা পাহাৰ খহি পৰাৰ যিকোনো লক্ষণৰ প্ৰতি সতৰ্ক থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ।

প্ৰবল বৰষুণৰ এই সময়ছোৱাত নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা চৰকাৰী বতৰৰ আপডেট আৰু নিৰ্দেশনাসমূহ মানি চলিবলৈও ASDMA-ই ৰাইজক আহ্বান জনাইছে ।

লগতে পঢ়ক : ১৩ জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং; যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা

শেহতীয়া প্ৰৱন্ধসমূহ