বিশ্বৰ বুকুত জিলিকিব অসমীয়া! ইউনিকোডৰ বিশেষ স্বীকৃতি আৰু চৰকাৰী OTT-ৰ বৃহৎ প্ৰস্তুতি

বিশ্বৰ বুকুত জিলিকিব অসমীয়া! ইউনিকোডৰ বিশেষ স্বীকৃতি আৰু চৰকাৰী OTT-ৰ বৃহৎ প্ৰস্তুতি

অসম চৰকাৰৰ ডাঙৰ পদক্ষেপ: ইউনিকোডত অসমীয়া লিপিৰ সুকীয়া পৰিচয় আৰু নতুন OTT প্লেটফৰ্ম! অসমীয়া ভাষাৰ ডিজিটেল উপস্থিতি বিশ্বদৰবাৰত শক্তিশালী কৰা আৰু ৰাজ্যখনৰ সৃষ্টিশীল চলচ্চিত্ৰ উদ্যোগক এক নতুন গতি প্ৰদান কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ইয়াৰ প্ৰচেষ্টা দুগুণে তীব্ৰতৰ কৰি তুলিছে । বৃহস্পতিবাৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী

অসম চৰকাৰৰ ডাঙৰ পদক্ষেপ: ইউনিকোডত অসমীয়া লিপিৰ সুকীয়া পৰিচয় আৰু নতুন OTT প্লেটফৰ্ম!

অসমীয়া ভাষাৰ ডিজিটেল উপস্থিতি বিশ্বদৰবাৰত শক্তিশালী কৰা আৰু ৰাজ্যখনৰ সৃষ্টিশীল চলচ্চিত্ৰ উদ্যোগক এক নতুন গতি প্ৰদান কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ইয়াৰ প্ৰচেষ্টা দুগুণে তীব্ৰতৰ কৰি তুলিছে । বৃহস্পতিবাৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই জনতা ভৱনত অনুষ্ঠিত দুখন গুৰুত্বপূৰ্ণ পৃথক পৰ্যালোচনা বৈঠকত এই সন্দৰ্ভত চলি থকা কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয় ।

এই দুয়োটা পদক্ষেপে অসমৰ ভাষা, সংস্কৃতি আৰু চলচ্চিত্ৰ জগতক গোলকীয় ডিজিটেল ইক’চিষ্টেমত এক সুকীয়া পৰিচয় দিব বুলি আশা কৰা হৈছে ।

ইউনিকোডত অসমীয়া লিপিৰ স্বকীয়তা আৰু মানকীকৰণ

প্ৰথমখন বৈঠকত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই ইউনিকোডত অসমীয়া লিপিৰ অন্তৰ্ভুক্তি আৰু ইয়াৰ মানকীকৰণ (Standardisation) প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ গঠিত বিশেষজ্ঞ সমিতিৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয় । বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও অংশ লয় ।

ভাষা সংৰক্ষণ: মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ডিজিটেল প্লেটফৰ্মসমূহত অসমীয়া ভাষাৰ সঠিক প্ৰয়োগৰ বাবে স্বকীয় ইউনিকোড স্বীকৃতি লাভ কৰাটো অতি প্ৰয়োজনীয় ।

সহজলভ্যতা: ইউনিকোডৰ সম্পূৰ্ণ মানকীকৰণ হ’লে বিভিন্ন ডিজিটেল মাধ্যম, চাৰ্ছ ইঞ্জিন আৰু আধুনিক প্ৰযুক্তিত অসমীয়া ভাষাৰ ব্যৱহাৰ অধিক সহজ আৰু সুষম হৈ পৰিব ।

মন্ত্ৰী বড়াই প্ৰক্ৰিয়াটোত যাতে কোনো ধৰণৰ পলম নহয়, তাৰ বাবে বিভাগীয় বিষয়াসকলক নিয়মীয়াকৈ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে ।

অসমীয়া চলচ্চিত্ৰৰ বাবে চৰকাৰী OTT প্লেটফৰ্মৰ প্ৰস্তুতি

দিনটোৰ দ্বিতীয়খন বৈঠকত অসমৰ চলচ্চিত্ৰ আৰু ডিজিটেল সমলৰ বাবে এটা সুকীয়া চৰকাৰী অ’টিটি প্লেটফৰ্ম গঢ়ি তোলাৰ প্ৰস্তাৱ পৰ্যালোচনা কৰা হয় । ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যৰ থলুৱা চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী আৰু সমল সৃষ্টিকৰ্তা সকলক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে এক সুকীয়া মঞ্চ প্ৰদান কৰা ।

আৰ্হি প্ৰদৰ্শন: বৈঠকত বিষয়াসকলে প্ৰস্তাৱিত এই OTT প্লেটফৰ্মখনৰ এটা আৰ্হি আৰম্ভণি দৃশ্য-শ্ৰাব্য মাধ্যমৰ জৰিয়তে মন্ত্ৰীগৰাকীৰ সন্মুখত উপস্থাপন কৰে ।

এই OTT প্লেটফৰ্মৰ মূল সুবিধাসমূহ:

গোলকীয় প্ৰসাৰ: অসমীয়া চিনেমা আৰু ডিজিটেল সমলসমূহ কেৱল উত্তৰ-পূৰ্বাঞ্চালেই নহয়, দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱা হ’ব ।

সৃষ্টিশীল উদ্যোগৰ বিকাশ: ইয়াৰ ফলত ৰাজ্যখনৰ থলুৱা কলা-কুশলী আৰু প্ৰযোজক-পৰিচালকসকল ব্যৱসায়িকভাৱে লাভৱান হ’ব আৰু নতুন কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব ।

এই গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° বি. কল্যাণ চক্ৰৱৰ্তী, সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি বিভাগৰ উচ্চপদস্থ বিষয়াসকল আৰু চৰকাৰী বিশেষজ্ঞ সমিতিৰ সদস্যবৃন্দ উপস্থিত আছিল ।

লগতে পঢ়ক : নিজা আঁচনি অবিহনেই ১.৭ কোটি খৰচ এক্ট ইষ্ট বিভাগৰ

শেহতীয়া প্ৰৱন্ধসমূহ