বেয়া বতৰৰ বাবে ব্যাহত দিল্লী-মুম্বাইৰ বিমান সেৱা

বেয়া বতৰৰ বাবে ব্যাহত দিল্লী-মুম্বাইৰ বিমান সেৱা

প্ৰচণ্ড বতাহ-বৰষুণে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান চলাচলত ব্যাঘাত জন্মায়, যাৰ ফলত কেইবাখনো বিমান বাতিল কৰাৰ লগতে কেইবাখনো বিমানৰ পথ সলনি কৰিবলগীয়া হয় দেওবাৰে হোৱা প্ৰৱল বৃষ্টিপাত, তীব্ৰ ধুমুহা বতাহ আৰু হ্ৰাস পোৱা দৃশ্যমানতাৰ বাবে দেশৰ দুই প্ৰধান মহানগৰী দিল্লী আৰু মুম্বাইৰ বিমান বন্দৰত

প্ৰচণ্ড বতাহ-বৰষুণে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান চলাচলত ব্যাঘাত জন্মায়, যাৰ ফলত কেইবাখনো বিমান বাতিল কৰাৰ লগতে কেইবাখনো বিমানৰ পথ সলনি কৰিবলগীয়া হয়

দেওবাৰে হোৱা প্ৰৱল বৃষ্টিপাত, তীব্ৰ ধুমুহা বতাহ আৰু হ্ৰাস পোৱা দৃশ্যমানতাৰ বাবে দেশৰ দুই প্ৰধান মহানগৰী দিল্লী আৰু মুম্বাইৰ বিমান বন্দৰত বিমান চলাচল গুৰুতৰভাৱে ব্যাহত হৈ পৰে । প্ৰতিকূল বতৰৰ বাবে বহুকেইখন বিমান বাতিল কৰাৰ লগতে কেইবাখনো বিমানৰ পথ সলনি কৰিবলগীয়া হয় । আনকি মুম্বাই বিমান বন্দৰত সাময়িকভাৱে ৰানৱেৰ কাম-কাজো স্থগিত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

মুম্বাই বিমান বন্দৰত ১ ঘণ্টা বন্ধ থাকিল ৰানৱে

মুম্বাই বিমান বন্দৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, পুৱা প্ৰায় ১০:১৭ বজাত হঠাতে বতৰ অতি বেয়া হৈ পৰে । প্ৰতি ঘণ্টাত ৪২ নট পৰ্যন্ত তীব্ৰ ধুমুহা বতাহ আৰু ধাৰাসাৰ বৰষুণৰ বাবে দৃশ্যমানতা একেবাৰে হ্ৰাস পায় । যাত্ৰী, বিমান আৰু মাটিত কৰ্মৰত কৰ্মচাৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতা হিচাপে ৬০ মিনিটৰ বাবে ৰানৱেৰ কাৰ্যকলাপ সম্পূৰ্ণ বন্ধ কৰি দিয়া হয় । পৰৱৰ্তী সময়ত বতৰৰ উন্নতি হোৱাত ১১:১৭ বজাত বিমান চলাচল পুনৰ স্বাভাৱিক হয় ।

মুম্বাই বিমান বন্দৰৰ সূত্ৰই নিশ্চিত কৰিছে যে প্ৰতিকূল বতৰৰ বাবে ইণ্ডিগ’ৰ ৪খন বিমান বাতিল কৰা হৈছে আৰু বিভিন্ন এয়াৰ অপাৰেটৰৰ ১৩খন বিমান অন্য স্থানলৈ ডাইভৰ্ট কৰা হৈছে । অৱশ্যে, পথ সলনি কৰা সকলোবোৰ বিমান ইতিমধ্যে মুম্বাইত সুৰক্ষিতভাৱে অৱতৰণ কৰিছে ।

দিল্লীৰ পৰা ১৫খন বিমান জয়পুৰ আৰু লক্ষ্ণৌলৈ ডাইভাৰ্ট

ইফালে, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহে বিমান সেৱাত প্ৰভাৱ পেলায় । দিল্লী বিমান বন্দৰে প্ৰকাশ কৰা অনুসৰি, বেয়া বতৰৰ বাবে ১০খন ঘৰুৱা আৰু ৫খন আন্তঃৰাষ্ট্ৰীয় বিমানসহ মুঠ ১৫খন বিমান জয়পুৰ আৰু লক্ষ্ণৌৰ বিমান বন্দৰলৈ পথ সলনি কৰি পঠিয়াবলগীয়া হয় । কম খৰচী বিমান সংস্থা ‘আকাসা এয়াৰ’-এ এক বিবৃতি জাৰি কৰি দিল্লীৰ প্ৰতিকূল বতৰৰ বাবে তেওঁলোকৰ নেটৱৰ্কৰ কিছু উৰণ প্ৰভাৱিত হোৱাৰ কথা স্বীকাৰ কৰিছে ।

বিমান সংস্থাসমূহৰ জৰুৰী ভ্ৰমণ নিৰ্দেশনা

দেশৰ আগশাৰীৰ বিমান সংস্থা ইণ্ডিগ’ই যাত্ৰীসকলৰ বাবে এক ভ্ৰমণ নিৰ্দেশনা জাৰি কৰি কয়, “আমি বতৰৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছো আৰু আপোনালোকক সুৰক্ষিত তথা মসৃণভাৱে গন্তব্যস্থানত পৌঁছাই দিবলৈ আমাৰ সাধ্যানুসৰি চেষ্টা কৰিছো ।”

একেদৰে এয়াৰ ইণ্ডিয়াইও যাত্ৰীসকলক সতৰ্ক কৰি দি কয় যে মুম্বাই আৰু দিল্লী অভিমুখী তথা তাৰ পৰা উৰণ কৰিবলগীয়া বিমান সেৱাৰ সময়সূচী প্ৰভাৱিত হ’ব পাৰে ।

বৰ্ষা ঋতুৰ এই সময়ছোৱাত এনে ধৰণৰ বতৰ স্বাভাৱিক যদিও ই দিল্লী-মুম্বাইৰ দৰে অতি ব্যস্ত বিমান পথসমূহক গুৰুতৰভাৱে প্ৰভাৱিত কৰিব পাৰে । বিমান বন্দৰ আৰু বিমান সংস্থাৰ কৰ্মচাৰীসকলে পুনৰ টিকট বুকিং আৰু গ্ৰাউণ্ড চাপৰ্টৰ জৰিয়তে যাত্ৰীসকলৰ অসুবিধা হ্ৰাস কৰিবলৈ চেষ্টা চলাইছে । গতিকে যাত্ৰীসকলক বিমান বন্দৰলৈ ওলাই যোৱাৰ পূৰ্বে নিজ নিজ বিমান সংস্থাৰ সৈতে যোগাযোগ কৰি বিমানৰ শেহতীয়া স্থিতি পৰীক্ষা কৰি ল’বলৈ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক: মায়ানগৰী মুম্বাইত বানৰ তাণ্ডৱ; সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’ক লৈ চৰ্চা

শেহতীয়া প্ৰৱন্ধসমূহ