‘ইচ্ছা কৰিলে একেলগতে সকলোকে শেষ কৰি দিব পাৰোঁ’; ইৰাণৰ প্ৰতি ড’নাল্ড ট্ৰাম্পৰ নতুন ভাবুকি

‘ইচ্ছা কৰিলে একেলগতে সকলোকে শেষ কৰি দিব পাৰোঁ’; পুনৰ ইৰাণক ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

ইৰাণৰ প্ৰাক্তন শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেইনীক ৪ ৰ পৰা ৯ জুলাইলৈকে অন্তিম বিদায় দিয়া হ’ব। তাৰ মাজতে ড’নাল্ড ট্ৰাম্পে পুনৰ ইৰাণক ভাবুকি দিছে। ইৰাণত বৰ্তমান শোক সপ্তাহ চলি আছে। শীৰ্ষ নেতা হিচাপে থকা আয়াতুল্লাহ আলী খামেইনীক ৪ ৰ পৰা ৯ জুলাইলৈকে অন্তিম বিদায় দিয়া

ইৰাণৰ প্ৰাক্তন শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেইনীক ৪ ৰ পৰা ৯ জুলাইলৈকে অন্তিম বিদায় দিয়া হ’ব। তাৰ মাজতে ড’নাল্ড ট্ৰাম্পে পুনৰ ইৰাণক ভাবুকি দিছে।

ইৰাণত বৰ্তমান শোক সপ্তাহ চলি আছে। শীৰ্ষ নেতা হিচাপে থকা আয়াতুল্লাহ আলী খামেইনীক ৪ ৰ পৰা ৯ জুলাইলৈকে অন্তিম বিদায় দিয়া হ’ব। তেহৰানকে ধৰি ইৰাণৰ বেছিভাগ চহৰৰ ৰাজপথত জনতাৰ প্ৰচণ্ড ভিৰ পৰিলক্ষিত হৈছে। প্ৰতিগৰাকী ইৰাণী নাগৰিকে খামেইনীৰ জনাজাৰ পিছে পিছে যাব বিচাৰিছে।

আনহাতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই সময়ছোৱাতো ভাবুকিপূৰ্ণ সুৰত মন্তব্য কৰিছে । তেওঁৰ মতে, ইৰাণত ইমান বৃহৎ সংখ্যক লোক সমবেত হৈছে; আমি ইচ্ছা কৰিলে একেলগতে সকলোকে শেষ কৰি দিব পাৰোঁ। তথাপিও আমি তেনে কৰা নাই। কাৰণ, যদি আমি সকলোকে মাৰি পেলাওঁ, তেন্তে আলোচনাৰ বাবে কোন জীয়াই থাকিব?

ড’নাল্ড ট্ৰাম্পে এইবুলিও দাবী কৰিছে যে ইৰাণৰ নেতাসকলে আমাৰ সন্মুখত এটা চুক্তি কৰিবলৈ কাকূতি-মিনতি কৰি আছে। তেওঁ কয় যে দুয়োপক্ষই সিদ্ধান্ত লৈছে যে এসপ্তাহলৈ কোনো গুলীচালনা নহ’ব। ইয়াৰ কাৰণ হ’ল ইৰাণৰ ৰাইজ খামেইনীক অন্তিম বিদায় দিয়াত ব্যস্ত আছে। খামেইনীৰ বিদায় ক্ষণত সমবেত হোৱা লাখ লাখ লোকৰ ভিৰক লৈও তেওঁ আশ্চৰ্য প্ৰকাশ কৰে। ট্ৰাম্পে কয়, “মই ভাবিছিলোঁ যে ইৰাণৰ মানুহে তেওঁক ঘৃণা কৰে।” ইৰাণত ধাৰাবাহিকভাৱে ৩৬ বছৰ ধৰি শাসন চলোৱা দেশখনৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেইনীৰ যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছিল। এই আক্ৰমণৰ পিছত ইৰাণেও তীব্ৰ প্ৰত্যাক্ৰমণ চলাইছিল।

যাৰ ফলত সমগ্ৰ মধ্য প্ৰাচ্যতে অশান্তিয়ে বিৰাজ কৰিছিল। ইয়াৰ উপৰিও বিশ্বৰ তেল আৰু গেছ যোগানৰ এক গুৰুত্বপূৰ্ণ পথ ‘হৰমুজ প্ৰণালী’ বন্ধ হৈ পৰিছিল। এতিয়া এখন শান্তি চুক্তিৰ পৰিৱেশ সৃষ্টি হোৱাত যোগান ব্যৱস্থা পুনৰ আৰম্ভ হৈছে। কিন্তু ড’নাল্ড ট্ৰাম্পে এতিয়াও একেৰাহে ভাবুকি দি থকা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক: ‘আমি ভাল মানুহ, গতিকে এদিনৰ ৰেহাই দিলোঁ’; খামেইনীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈ ট্ৰাম্পৰ কটাক্ষ