অৰুণাচলৰ মাটিত চীনা সেনাই পাতিলে শিবিৰ! টাকছিঙত চীনৰ আগ্ৰাসনক লৈ চাঞ্চল্য

অৰুণাচলৰ মাটিত চীনা সেনাই পাতিলে শিবিৰ! ভাৰতীয় ভূখণ্ডত চীনৰ আগ্ৰাসনক লৈ চাঞ্চল্য

স্মাৰকপত্ৰখনত অভিযোগ কৰা হৈছে যে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে সীমান্তৰ সমীপৱৰ্তী ভাৰতীয় ভূখণ্ডৰ ভিতৰত শিবিৰ স্থাপন কৰিছে ভাৰতৰ ভূখণ্ডত ৰঙা চীনৰ শেনচকু । ভাৰতৰ অবিচ্ছেদ্য অংগ অৰুণাচল প্ৰদেশৰ ওপৰত চকু আগ্ৰাসী চীনৰ । বছৰ বছৰ ধৰি অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰি অহা চীনে এইবাৰ

স্মাৰকপত্ৰখনত অভিযোগ কৰা হৈছে যে চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে সীমান্তৰ সমীপৱৰ্তী ভাৰতীয় ভূখণ্ডৰ ভিতৰত শিবিৰ স্থাপন কৰিছে

ভাৰতৰ ভূখণ্ডত ৰঙা চীনৰ শেনচকু । ভাৰতৰ অবিচ্ছেদ্য অংগ অৰুণাচল প্ৰদেশৰ ওপৰত চকু আগ্ৰাসী চীনৰ । বছৰ বছৰ ধৰি অৰুণাচল প্ৰদেশক নিজৰ বুলি দাবী কৰি অহা চীনে এইবাৰ ভাৰতৰ মাটিত স্থাপন কৰিছে সামৰিক শিবিৰ । অৰুণাচলৰ ‘নাহ ৱেলফেয়াৰ ছ’চাইটি’ নামৰ এক সংগঠনে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰা এক পত্ৰত উন্মোচিত হৈছে চীনৰ আগ্ৰাসী কাৰ্যকলাপ ।

অৰুণাচল প্ৰদেশৰ আপাৰ সোৱণশিৰি জিলাৰ টাকছিঙৰ এটি সমাজভিত্তিক সংগঠন ‘নাহ ৱেলফেয়াৰ ছ’চাইটি’ (NWS)-এ জিলা উপায়ুক্তৰ ওচৰত এক স্মাৰকপত্ৰ দাখিল কৰিছে । স্মাৰকপত্ৰখনত চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মীয়ে সীমান্তৰ সমীপৱৰ্তী ভাৰতীয় ভূখণ্ডৰ ভিতৰত শিবিৰ স্থাপন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে ।

২৬ জুনত প্ৰেৰণ কৰা পত্ৰখনত সংগঠনটোৱে দাবী কৰা অনুসৰি, টাকছিং চাৰ্কলৰ সীমান্তৱৰ্তী অঞ্চলসমূহত বিগত ১০-১৫ বছৰ ধৰি চীনৰ উপস্থিতি ক্ৰমান্বয়ে বৃদ্ধি পাইছে । তেওঁলোকৰ অভিযোগ মতে, পূৰ্বে যিবোৰ স্থান স্থানীয় ৰাইজে চিকাৰ কৰা, পশুধন চৰোৱা আৰু বনজ সম্পদ সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰিছিল, সেই স্থানসমূহত এতিয়া চীনে পথ, দলং আৰু সামৰিক শিবিৰ নিৰ্মাণ কৰিছে ।

সংগঠনটোৱে পাঁচটা স্থানৰ নাম উল্লেখ কৰিছে- অয়িং, পানিয়াৰ (চুজাৰ্টা অঞ্চল), মাৰ্পান (মাৰ্নাফে), প’ট্ৰাং হ্ৰদ আৰু টিণ্ডিংটাং । সংগঠনটোৰ অভিযোগ অনুসৰি, ২০২০ চনৰ পৰাই এই স্থানসমূহ চীনৰ দখলত আছে । তেওঁলোকে লগতে অভিযোগ কৰে যে এই অঞ্চলসমূহ টাকছিং মুখ্য কাৰ্যালয়ৰ নিচেই ওচৰত অৱস্থিত আৰু ইয়াৰ সৈতে স্থানীয় লোকৰ সাংস্কৃতিক তথা ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে ।

স্মাৰকপত্ৰখনত নাহ ৱেলফেয়াৰ ছ’চাইটিয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক উক্ত অঞ্চলত চীনৰ সকলো ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ তৎকালীন পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ভাৰতীয় সেনাৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰাৰ সমান্তৰালকৈ সংগঠনটোৱে কয় যে ভাৰতীয় ভূখণ্ড সুৰক্ষিত কৰিবলৈ অধিক শক্তিশালী হস্তক্ষেপৰ প্ৰয়োজন আছে ।

পত্ৰখনত সংগঠনটোৱে জিলা প্ৰশাসনক উপযুক্ত কৰ্তৃপক্ষৰ সৈতে এই বিষয়টো আলোচনা কৰিবলৈ অনুৰোধ জনাইছে আৰু তেওঁলোকৰ দাবীৰ সমৰ্থনত কিছু আলোকচিত্ৰও সংলগ্ন কৰিছে ।

লগতে পঢ়ক : অৰুণাচলত প্ৰলয়ংকাৰী বান; অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি

শেহতীয়া প্ৰৱন্ধসমূহ