‘মৃত্যুলৈ ভয় নাই’; বছৰৰ শেষত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা শ্বেখ হাছিনাৰ

‘মৃত্যুলৈ ভয় নাই’; বছৰৰ শেষত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা শ্বেখ হাছিনাৰ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মৃত্যুৰ যিকোনো আশংকাক নুই কৰি চলিত বৰ্ষৰ শেষৰ ফালে দেশলৈ উভতি যোৱাৰ কথা ঘোষণা কৰিছে। ২০২৪ চনত ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছৰে পৰা ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এক বৃহৎ মন্তব্য কৰিছে। তেওঁ কয় যে এই

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মৃত্যুৰ যিকোনো আশংকাক নুই কৰি চলিত বৰ্ষৰ শেষৰ ফালে দেশলৈ উভতি যোৱাৰ কথা ঘোষণা কৰিছে।

২০২৪ চনত ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছৰে পৰা ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এক বৃহৎ মন্তব্য কৰিছে। তেওঁ কয় যে এই বছৰৰ শেষৰ ফালে বাংলাদেশলৈ উভতি অহাৰ পৰিকল্পনা কৰিছে আৰু তেওঁৰ মৃত্যুলৈ কোনো ভয় নাই।

আনহাতে, তেওঁৰ ৰাজনৈতিক বিৰোধীসকলে এই মন্তব্যক দেশৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি বিনষ্ট কৰা আৰু চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ কৌশল বুলি অভিহিত কৰিছে।শ্বেখ হাছিনাৰ এই মন্তব্য এনে এক সময়ত আহিছে যেতিয়া ঢাকাৰ ৰাজনৈতিক মহলত তেওঁৰ নিষিদ্ধ ঘোষিত দল আৱামী লীগ গ্ৰাম্য আৰু নগৰীয়া দুয়োটা অঞ্চলতে পুনৰ সক্ৰিয় হৈ উঠাৰ খবৰ সৰ্বত্ৰ চৰ্চিত হৈছে।

দলটোৰ এই কথিত পুনৰুত্থানক লৈয়েই তাৰেক ৰহমানৰ নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰে আৱামী লীগৰ সদস্যসকলক স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনুমতি দিছে, যদিও তেওঁলোকে কেৱল নিৰ্দলীয় প্ৰাৰ্থী হিচাপেহে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব পাৰিব। আৱামী লীগক কেৱল এটা সংগঠন নহয়, বৰঞ্চ এটা শক্তি বুলি অভিহিত কৰি শ্বেখ হাছিনাই কয় যে সংখ্যালঘুসকলৰ ওপৰত হোৱা যিকোনো আক্ৰমণ বাংলাদেশৰ স্বাধীনতাৰ ওপৰত হোৱা আক্ৰমণ। তেওঁ স্পষ্ট কৰি কয়, “মোৰ উভতি যোৱাটো ব্যক্তিগত উচ্চাকাংক্ষাৰ প্ৰশ্ন নহয়। ই এক বৃহৎ বিষয়ৰ সৈতে জড়িত। বাংলাদেশৰ জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ, গণতন্ত্ৰৰ পুনৰুদ্ধাৰ, আইনৰ শাসন আৰু আমাৰ মুক্তি সংগ্ৰামৰ চেতনাৰ ৰক্ষা।”

যেতিয়া শ্বেখ হাছিনাই এই বছৰত নিজৰ দেশলৈ উভতি যোৱাৰ দাবী কৰিলে, তেতিয়া শাসকীয় বি এন পি (BNP) আৰু বিৰোধী দল জামাত-এ-ইছলামীৰ সদস্যসকলে তেওঁক মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত পোৱা মৃত্যুদণ্ড আৰু তেওঁৰ বিৰুদ্ধে থকা বহুতো গোচৰৰ কথা সোঁৱৰাই দিয়ে।

ইয়াৰ প্ৰত্যুত্তৰত শ্বেখ হাছিনাই কয়, “মোক মৃত্যুলৈ ভয় নাই। ১৯৭৫ চনত মই মোৰ পিতৃ-মাতৃ, মোৰ ভাইসকল আৰু প্ৰায় সমগ্ৰ পৰিয়ালক হেৰুৱাইছিলোঁ… মোক গ্ৰেনেড নিক্ষেপ কৰি হত্যা কৰাৰ চেষ্টাও চলোৱা হৈছিল। মোৰ বিৰুদ্ধে বহু ষড়যন্ত্ৰ কৰা হৈছিল। কিন্তু ষড়যন্ত্ৰৰ প্ৰতিটো জাল ভাঙি মই বাংলাদেশৰ জনসাধাৰণৰ সৈতে থিয় দিছিলোঁ।” তেওঁ নিজৰ বিৰুদ্ধে দিয়া মৃত্যুদণ্ডৰ ৰায়ক অবৈধ, অসাংবিধানিক আৰু ৰাজনীতি প্ৰেৰিত প্ৰক্ৰিয়াৰ অংশ বুলি অভিহিত কৰে।

শ্বেখ হাছিনাই তাৰেক ৰহমানৰ নেতৃত্বাধীন বৰ্তমানৰ বি এন পি চৰকাৰ আৰু মহম্মদ ইউনুছৰ নেতৃত্বাধীন পূৰ্বৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ওপৰতো চোকা আক্ৰমণ কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে তাত কোনো গণতন্ত্ৰ নাই। আইনৰ কোনো শাসন নাই। কোনো নিৰাপত্তা নাই। অৰ্থনীতি দুৰ্বল হৈ পৰিছে। সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ হৈছে আৰু উগ্ৰবাদ দ্ৰুতগতিত বিয়পি পৰিছে। আনহাতে, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এজন ঘনিষ্ঠ সূত্ৰই হাছিনাৰ দাবীক খাৰিজ কৰি কয় যে, “আমি অলপো চিন্তিত নহয়। তেওঁ আৰু তেওঁৰ দলৰ লোকে এনে ধৰণৰ মন্তব্য বাৰে বাৰে কৰি থাকে, যি আমাৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ কৌশল হ’ব পাৰে। কিন্তু ই এক বৃহৎ সংখ্যাগৰিষ্ঠতাৰে নিৰ্বাচিত চৰকাৰ আৰু জনসাধাৰণ আমাৰ লগত আছে।”

লগতে পঢ়ক: আব্দুল খালেকক প্ৰদেশ কংগ্ৰেছৰ মিডিয়া উপদেষ্টা নিযুক্তি