‘মন কী বাত’ত অসমৰ হাড়গিলাৰ প্ৰসংগ; পূৰ্ণিমা দেৱী বৰ্মনক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

‘মন কী বাত’ত অসমৰ হাড়গিলাৰ প্ৰসংগ; পূৰ্ণিমা দেৱী বৰ্মনক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ত স্থান পালে অসমৰ ‘হাড়গিলা আৰ্মী’ৰ প্ৰসংগ।হাড়গিলা চৰাই সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ‘মন কী বাত’ কাৰ্যসূচীৰ ১৩৫ সংখ্যক খণ্ডত অসমৰ লুপ্তপ্ৰায় ‘হাড়গিলা’ চৰাইৰ সংৰক্ষণৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, যিটো চৰাইক এক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ত স্থান পালে অসমৰ ‘হাড়গিলা আৰ্মী’ৰ প্ৰসংগ।হাড়গিলা চৰাই সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ‘মন কী বাত’ কাৰ্যসূচীৰ ১৩৫ সংখ্যক খণ্ডত অসমৰ লুপ্তপ্ৰায় ‘হাড়গিলা’ চৰাইৰ সংৰক্ষণৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, যিটো চৰাইক এক সময়ত অশুভ বুলি গণ্য কৰা হৈছিল, সেয়া আজি অসমৰ গাঁওসমূহৰ পৰিচয় হৈ পৰিছে। তেওঁ এই প্ৰজাতিটোৰ সংৰক্ষণৰ বাবে ‘হাড়গিলা সেনা’ নামেৰে জনাজাত হাজাৰ হাজাৰ গ্ৰাম্য মহিলাৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘অসমত হাড়গিলা নামৰ এক বিৰল চৰাই পোৱা যায়, যিয়ে প্ৰকৃতি পৰিষ্কাৰ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু দীৰ্ঘদিন ধৰি অসমৰ কিছু অংশত ইয়াক অশুভ বুলি গণ্য কৰা হৈছিল। মানুহে ইয়াক নিজৰ আশে-পাশে দেখিবলৈ ভাল পোৱা নাছিল আৰু প্ৰায়ে হাড়গিলাৰ বাহ থকা গছবোৰ কাটি পেলাইছিল। ভাবকচোন, যিটো চৰায়ে পৰিৱেশ পৰিষ্কাৰ কৰাত সহায় কৰে, সেয়াই মানুহৰ ভয়ৰ বলি হ’বলগীয়া হৈছিল।’

আচলতে, হাড়গিলা নামটো অসমীয়া শব্দ ‘হাড়’ আৰু ‘গিলা’ৰ পৰা আহিছে। ইয়াৰ প্ৰায় ১.৫ মিটাৰ উচ্চতা, ক’লা ৰঙৰ শৰীৰ আৰু হাড় খোৱাৰ প্ৰৱণতাৰ বাবে এই চৰাইবিধক বহুলভাৱে অপৱিত্ৰ আৰু অশুভ বুলি বিশ্বাস কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, স্থানীয় সমাজত বৈজ্ঞানিক সজাগতা সৃষ্টি কৰি মহিলাসকলে এই চৰাইবিধৰ প্ৰতি থকা জনসাধাৰণৰ ধাৰণা সলনি কৰিবলৈ সক্ষম হৈছে। তেওঁ জনায় যে, জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনে স্থানীয় মহিলাসকলৰ সৈতে একত্ৰিত হৈ এই ভুল ধাৰণাবোৰ আঁতৰাবলৈ পদক্ষেপ গ্ৰহণ কৰে। তেওঁ মহিলাসকলক বিজ্ঞানসন্মত তথ্যবোৰ বুজাই দিয়ে, যাৰ ফলত লাহে লাহে তেওঁলোক এই অভিযানৰ সৈতে জড়িত হৈ পৰে। ইয়াৰ পাছতেই এক ডাঙৰ পৰিৱৰ্তন আহে—যিটো চৰাইক আগতে অশুভ বুলি খেদি পঠিয়াইছিল, আজি সেইটোৱেই গাঁওসমূহৰ পৰিচয় হৈ পৰিছে। হাজাৰ হাজাৰ গ্ৰাম্য মহিলা হাড়গিলা সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে আৰু আজি তেওঁলোক ‘হাড়গিলা সেনা’ নামেৰে পৰিচিত।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই পদক্ষেপে প্ৰমাণ কৰে যে সজাগতা আৰু সামাজিক অংশগ্ৰহণে কেনেদৰে জৈৱ বৈচিত্র্য ৰক্ষা কৰাৰ লগতে দীৰ্ঘদিনীয়া সামাজিক বিশ্বাসবোৰ সলনি কৰাত সহায় কৰিব পাৰে।

লগতে পঢ়ক: ‘আপোনালোকৰ সৈতে আমাৰ সম্পৰ্ক বিশ্বাসৰ…’; ছেচেলছৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

শেহতীয়া প্ৰৱন্ধসমূহ