ফ্ৰান্সত স্কাইডাইভিং কৰিবলৈ যোৱা শিক্ষাৰ্থীৰ বিমান দুৰ্ঘটনাস্ত; ১১ জনৰ মৃত্যু

ফ্ৰান্সত স্কাইডাইভিং কৰিবলৈ যোৱা শিক্ষাৰ্থীৰ বিমান দুৰ্ঘটনাস্ত; ১১ জনৰ মৃত্যু

দেওবাৰে পূব ফ্ৰান্সত এখন অসামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ এঘাৰজন লোকৰ মৃত্যু হৈছে।বিমানখনত থকা পাইলট ,পাঁচজন ছাত্ৰ আৰু পাঁচজন প্ৰশিক্ষককে ধৰি ১০ জন যাত্ৰীৰ মৃত্যু হৈছে। দেওবাৰে পূৰ্ব ফ্ৰান্সত এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান দুৰ্ঘটনাটোৰ ফলত ১১ জন লোকৰ মৃত্যু হৈছে জানিব পৰা গৈছে। জানিব

দেওবাৰে পূব ফ্ৰান্সত এখন অসামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ এঘাৰজন লোকৰ মৃত্যু হৈছে।বিমানখনত থকা পাইলট ,পাঁচজন ছাত্ৰ আৰু পাঁচজন প্ৰশিক্ষককে ধৰি ১০ জন যাত্ৰীৰ মৃত্যু হৈছে।

দেওবাৰে পূৰ্ব ফ্ৰান্সত এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমান দুৰ্ঘটনাটোৰ ফলত ১১ জন লোকৰ মৃত্যু হৈছে জানিব পৰা গৈছে। জানিব পৰা মতে, পূব ফ্ৰান্সৰ টমব্লেইন চহৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। বিমানখনৰ পাইলট আৰু ১০ গৰাকী যাত্ৰীৰ মৃত্যু হৈছে। যাত্ৰীসকলৰ ভিতৰত পাঁচজন ছাত্ৰ আৰু পাঁচজন প্ৰশিক্ষক আছিল।স্থানীয় প্ৰশাসনে এক্সত এটা পোষ্টত উল্লেখ কৰিছে যে টমব্লেইন পৌৰসভাত অসামৰিক বিমানৰ সৈতে জড়িত এক কাণ্ড সংঘটিত হৈছে। এই বিমানখনে নেন্সি-এচি বিমানবন্দৰৰ পৰা উৰা মাৰিছিল।

স্থানীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি, বিমানখনত স্কাইডাভিংৰ বাবে এটা দল গৈ আছিল।বিমানখন পেৰাচুটিং স্কুলৰ আছিল আৰু নেন্সি-এচি বিমানবন্দৰৰ পৰা উৰা মৰাৰ সময়তেই দুৰ্ঘটনাগ্ৰস্ত হয়। ইপিনে, দেশখনৰ গৃহ মন্ত্ৰালয়ে জনোৱা মতে, গৃহ মন্ত্ৰী লৰেন্ট নুনেজ দুৰ্ঘটনাটোৰ স্থান অভিমুখে ৰাওনা হৈছে।

লগতে পঢ়ক: ৬.২ প্ৰাৱল্যৰ ভূমিকম্পত হাহাকাৰ