ছেচেলছলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী; ১১ বছৰত দ্বিতীয়বাৰৰ বাবে ভ্ৰমণ

তিনিদিনীয়া ভ্ৰমণসূচীৰে ছেচেলছলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী; ১১ বছৰত দ্বিতীয়বাৰৰ বাবে ভ্ৰমণ

২৭ জুনৰ পৰা ২৯ জুনলৈ তিনিদিনীয়া ছেচেলছ ভ্ৰমণৰ বাবে শনিবাৰে পুৱা ৮:৫০ বজাত ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।বিগত ১১ বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয়বাৰৰ বাবে ছেচেলছ ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুৱা ৮.৫০ বজাত তিনিদিনীয়া ভ্ৰমণসূচীৰে ছেচেলছলৈ ৰাওনা হয়।ৰাষ্ট্ৰপতি ড° পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণত ছেচেলছ

২৭ জুনৰ পৰা ২৯ জুনলৈ তিনিদিনীয়া ছেচেলছ ভ্ৰমণৰ বাবে শনিবাৰে পুৱা ৮:৫০ বজাত ৰাওনা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।বিগত ১১ বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয়বাৰৰ বাবে ছেচেলছ ভ্ৰমণ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে পুৱা ৮.৫০ বজাত তিনিদিনীয়া ভ্ৰমণসূচীৰে ছেচেলছলৈ ৰাওনা হয়।ৰাষ্ট্ৰপতি ড° পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণত ছেচেলছ ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী। ছেচেলছৰ স্বাধীনতাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত হ’বলগীয়া উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী। এক্স যোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে, “এই বছৰটো অধিক বিশেষ, কাৰণ এইটো হৈছে সোণালী জয়ন্তী উদযাপন।”

যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ছেচেলছক ভাৰতৰ এজন “মূল্যৱান সামুদ্ৰিক চুবুৰীয়া” বুলি অভিহিত কৰাৰ লগতে ভাৰতৰ ‘ভিছন মহাসাগৰ’ আৰু গ্লোবেল ছাউথৰ স্বাৰ্থ আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ অন্যতম মূল কাৰ্যসূচী হ’ল ছেচেলছৰ ৰাষ্ট্ৰপতি ড০ পেৰিক হাৰ্মিনিয়েৰ সৈতে বৈঠক।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দুয়োগৰাকী নেতাই সামুদ্ৰিক নিৰাপত্তা, উন্নয়নমূলক অংশীদাৰিত্ব, সক্ষমতা বৃদ্ধি আৰু প্ৰতিৰক্ষা সম্পৰ্ককে ধৰি ভাৰত-ছেচেলছ সহযোগিতাৰ সম্পূৰ্ণ দিশটো পুনৰীক্ষণ কৰিব। লগতে তেওঁলোকে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিব।

বিগত ১১ বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয়বাৰৰ বাবে ছেচেলছ ভ্ৰমণ কৰিছে।  ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীয়ে ২০১৫ চনত দ্বীপ ৰাষ্ট্ৰখন ভ্ৰমণ কৰিছিল। ছেচেলছৰ জনসংখ্যা ১ লাখ ৩৫ হাজাৰ, ইয়াৰে প্ৰায় ১২,০০০ লোক ভাৰতীয় মূলৰ—মুঠ জনসংখ্যাৰ প্ৰায় ৮ৰ পৰা ৯ শতাংশ।

এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই ছেচেলছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মোৰ বন্ধু ড০ পেট্ৰিক হাৰ্মিনীৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী।এই বছৰ ভাৰত আৰু ছিচেলছৰ মাজত ৫০ বছৰীয়া কূটনৈতিক সম্পৰ্ক সম্পূৰ্ণ হ’ল।” এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ছেচেলছৰ নেশ্যনেল এছেম্বলীকো সম্বোধন কৰিব আৰু দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ ওপৰত আলোকপাত কৰিব।

ইয়াৰ উপৰি তেওঁ ভাৰতীয় প্ৰবাসীসকলৰ সৈতেও মত বিনিময় কৰিব, যিসকলে ভাৰত আৰু ছেচেলছৰ মাজত জনসাধাৰণৰ স্তৰত সম্পৰ্ক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

লগতে পঢ়ক: ভাৰতলৈ আহিব ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প; আমেৰিকাৰ বৈদেশিক মন্ত্ৰী ৰুবিঅ’ৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ