কেপ ভাৰ্দেৰ ইতিহাস ৰচনা; নকআউট পৰ্যায়ত প্ৰৱেশ কৰা বিশ্বৰ আটাইতকৈ সৰু দেশ

কেপ ভাৰ্দেৰ ইতিহাস ৰচনা; নকআউট পৰ্যায়ত প্ৰৱেশ কৰা বিশ্বৰ আটাইতকৈ সৰু দেশ

দুৰ্বল বুলি গণ্য কৰা দল কেপ ভাৰ্দে প্ৰথম বিশ্বকাপত খেলিছিল আৰু প্ৰথমবাৰৰ বাবেই বিশ্ব মঞ্চত নিজৰ যোগ্যতা প্ৰমাণ কৰিলে। স্পেইন আৰু উৰুগুৱেৰ পাছত এতিয়া ছৌদি আৰৱৰ সৈতে ড্ৰ’ হোৱাৰ পিছত কেপ ভাৰ্দে বিশ্বৰ ভিতৰতে নকআউট পৰ্যায়ত প্ৰৱেশ কৰা আটাইতকৈ সৰু দেশ হিচাপে পৰিগণিত হৈছে। কেপ

দুৰ্বল বুলি গণ্য কৰা দল কেপ ভাৰ্দে প্ৰথম বিশ্বকাপত খেলিছিল আৰু প্ৰথমবাৰৰ বাবেই বিশ্ব মঞ্চত নিজৰ যোগ্যতা প্ৰমাণ কৰিলে। স্পেইন আৰু উৰুগুৱেৰ পাছত এতিয়া ছৌদি আৰৱৰ সৈতে ড্ৰ’ হোৱাৰ পিছত কেপ ভাৰ্দে বিশ্বৰ ভিতৰতে নকআউট পৰ্যায়ত প্ৰৱেশ কৰা আটাইতকৈ সৰু দেশ হিচাপে পৰিগণিত হৈছে।

কেপ ভাৰ্দেৰ প্ৰথমটো বিশ্বকাপৰ যাত্ৰা এতিয়াও শেষ হোৱা নাই। চৌদি আৰবৰ সৈতে ০-০ গ’লত ড্ৰ খেলি কেপ ভাৰ্দে বিশ্বকাপ ফুটবলৰ নক-আউট পৰ্যায়ত প্ৰৱেশ কৰা বিশ্বৰ আটাইতকৈ সৰু দেশ হিচাপে পৰিগণিত হৈছে। শুকুৰবাৰে হিউষ্টনত গ্ৰুপ-ষ্টেজৰ অন্তিমখন মেচত কেপ ভাৰ্দে আৰু চৌদি আৰবৰ খেলখন ০-০ গ’লত ড্ৰ হয়। ইয়াৰ লগে লগে আফ্ৰিকাৰ পশ্চিম উপকূলত অৱস্থিত এই দ্বীপ ৰাষ্ট্ৰখন জনসংখ্যাৰ হিচাপত পুৰুষৰ বিশ্বকাপৰ নকআউট পৰ্যায়ত উপনীত হোৱা আটাইতকৈ সৰু দেশ হিচাপে পৰিগণিত হয়।প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত খেলা দলটোৱে নিজৰ প্ৰথমখন মেচত প্ৰতিযোগিতাখনৰ অন্যতম প্ৰিয় দল স্পেইনক ড্ৰ-ত ৰাখি এক বৃহৎ অঘটন ঘটাইছিল। ইয়াৰ পাছতে উৰুগুৱেৰ বিৰুদ্ধে ২-২ গ’লত ড্র খেলত বিশ্বকাপৰ প্রথমটো গ’ল দিয়ে।

কেপ ভাৰ্দেৰ বাবে বৃহৎ প্ৰত্যাহ্বান এতিয়াও বাকী আছে, ৩ জুলাইত মিয়ামী গাৰ্ডেনছ, ফ্লৰিডাত ৰাউণ্ড-অফ-৩২ৰ যুঁজত তেওঁলোকে মুখামুখি হ’ব চেম্পিয়ন আৰ্জেণ্টিনাৰ। কেপ ভাৰ্দেৰ জনসংখ্যা ৫,২৫,০০০, যি আমেৰিকাৰ আটাইকেইখন ৰাজ্যৰ জনসংখ্যাতকৈ কম। ইয়াৰ আটাইতকৈ ওচৰত থকা ৰাজ্যখন হ’ল ৱাইমিং, যাৰ জনসংখ্যা ৫,৭৬,০০০। তেওঁলোকে বিশ্বকাপত অংশ লোৱা পূৰ্বৰ সৰু দেশসমূহকো অতিক্ৰম কৰি গৈছে।

সেনেগালৰ (২০০২) পিছত কেপ ভাৰ্দে হ’ল বিশ্বকাপত নিজৰ তিনিওখন গ্ৰুপ মেচত অপৰাজিত থকা প্ৰথমটো নতুন দল। ডাঙৰ ফুটবল প্ৰতিযোগিতাত তিনিওখন গ্ৰুপ মেচ ড্ৰ কৰাটোৱে আগবাঢ়ি যোৱাৰ নিশ্চয়তা নিদিয়ে, কিন্তু অতীতত বহু দলে এনে কৰিছে, যাৰ ভিতৰত ১৯৫৮ চনৰ ৱেলছ, ১৯৯০ চনৰ আয়াৰলেণ্ড আৰু নেডাৰলেণ্ড আৰু ১৯৯৮ চনৰ চিলি অন্তৰ্ভুক্ত। অৱশ্যে, ২০১০ চনৰ বিশ্বকাপত নিউজিলেণ্ডেও তিনিখন মেচ ড্ৰ কৰিছিল যদিও বাহিৰ হৈ গৈছিল।

কেপ ভাৰ্দেৰ এই সফলতা তেওঁলোকৰ ৪০ বছৰীয়া গ’লৰক্ষক ভোজিনহা অবিহনে অসম্পূৰ্ণ। প্ৰথমাৰ্ধৰ ষ্টপেজ টাইমত মহম্মদ কান্নোৰ হেডাৰ ৰোধ কৰি ভোজিনহাই চৌদি আৰবক গ’ল কৰাৰ পৰা বিৰত ৰাখিছিল। ৬৬ মিনিটত তেওঁ মহম্মদ আবু আল-শামাতৰ শ্বট ৰোধ কৰিবলৈ দিয়া জাঁপটোও আছিল এক অনবদ্য প্ৰদৰ্শন। তৃতীয়টো ৰক্ষা কৰে ৯২ মিনিটত, য’ত তেওঁ আব্দুল্লা আল-হামদানৰ শ্বটটো ৰখাই দিয়ে। নিজৰ এই উৎকৃষ্ট খেলৰ বাবে ভোজিনহাই মাত্ৰ কেইদিনমানৰ ভিতৰতে ইনষ্টাগ্ৰামত ডেৰ কোটিৰো অধিক অনুগামী অৰ্জন কৰিছে।

লগতে পঢ়ক: ‘আমি কোনো দলকে সহজভাৱে ল’ব নালাগে’; পৰাজয়ক লৈ ক্ষোভ প্ৰকাশ অধিনায়ক শ্ৰেয়াছ আয়াৰৰ

শেহতীয়া প্ৰৱন্ধসমূহ