হঠাত্ পথৰ কাষৰ এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত এজন ব্যক্তি আৰু তেওঁৰ আঠ বছৰীয়া পুত্ৰই কৰুণভাৱে প্ৰাণ হেৰুৱাব লগা হয়
গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত সংঘটিত হৈছে এক অত্যন্ত মৰ্মান্তিক আৰু হৃদয়বিদাৰক দুৰ্ঘটনা । ২২ জুনত এখন চলন্ত দুচকীয়া বাহনৰ (স্কুটী) ওপৰত হঠাত্ পথৰ কাষৰ এজোপা প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত এজন ব্যক্তি আৰু তেওঁৰ আঠ বছৰীয়া পুত্ৰই কৰুণভাৱে প্ৰাণ হেৰুৱাব লগা হয় । এই শোকাৱহ ঘটনাই সমগ্ৰ চানডুবী অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে ।
এই শোকাৱহ দুৰ্ঘটনাটো চানডুবীৰ ৰাজাপাৰা অঞ্চলত সংঘটিত হৈছে । মৃত দুৰ্ভগীয়া পিতা-পুত্ৰক ক্ৰমে- কাৰ্তিক ৰাভা (৪০) আৰু ভৃগুমণি ৰাভা (৮) বুলি চিনাক্ত কৰা হৈছে ।
প্ৰাপ্ত বাতৰি অনুসৰি, পিতৃ কাৰ্তিক ৰাভাই তেওঁৰ আঠ বছৰীয়া পুত্ৰক লগত লৈ এখন স্কুটীৰে ৰাজাপাৰাত থকা এজন আত্মীয়ৰ ঘৰলৈ বুলি ৰাওনা হৈছিল । তেওঁলোকে যেতিয়াই মুদুকী-হাটিগড় চ’ক পাৰ হৈছিল, ঠিক সেই সময়তে পথৰ কাষত থকা এজোপা শুকাই যোৱা গছ অপ্ৰত্যাশিতভাৱে তেওঁলোকৰ চলন্ত বাহনখনৰ ওপৰত ভাঙি পৰে । গছজোপা বাগৰি পৰাত কোনো ধৰণৰ চিকিৎসাসেৱা লাভ কৰাৰ পূৰ্বেই দুয়োগৰাকীৰে থিতাতে মৃত্যু হয় ।
দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰাৰ লগে লগে স্থানীয় ৰাইজে ততালিকে প্ৰশাসন আৰু আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ কিছু সময়ৰ পিছতে মিৰ্জাৰ পলাশবাৰী থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
আৰক্ষীয়ে গছজোপাৰ তলৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰে । ইয়াৰ পিছত জেচিবি আৰু অন্যান্য সঁজুলিৰ সহায়ত পথৰ পৰা গছজোপা আঁতৰাই অঞ্চলটোত স্বাভাৱিক যান-বাহন চলাচল পুনৰ আৰম্ভ কৰা হয় ।
এই কৰুণ ঘটনাই এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে । পথৰ কাষত থকা মৃত, শুকান আৰু বিপদজনক গছসমূহ সময়মতে কাটি আঁতৰাই নিদিয়াৰ বাবেই এইদৰে দুটাকৈ সজীৱ প্ৰাণ হেৰাই যাবলগীয়া হ’ল বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
লগতে পঢ়ক : এৰি দিয়া হৈছে খান্দং বান্ধৰ পানী! নৈপৰীয়া ৰাইজলৈ জাৰি জৰুৰী নিৰ্দেশনা









