‘এতিয়া এটা হে শিৱসেনা আছে, বেলেগ ফৈদ নাই’; উদ্ধৱ থাকৰেক তীক্ষ্ণ সমালোচনা অমিত শ্বাহৰ

‘শিৱসেনাৰ বেলেগ  ফৈদ নাই’… উদ্ধৱ থাকৰেক তীক্ষ্ণ সমালোচনা অমিত শ্বাহৰ

একনাথ শিণ্ডেৰ শিৱসেনা আৰু উদ্ধৱ ফৈদৰ মাজত পুনৰ বিভাজন আৰম্ভ হৈছে।উদ্ধৱ সেনাৰ ৬ জন সাংসদে যিকোনো মূহুৰ্ততে একনাথ শিণ্ডে ফৈদত যোগদান কৰিব পাৰিব বুলি চৰ্চা চলিছে। গৃহমন্ত্ৰী অমিত শ্বাহে শিৱসেনাৰ দুয়োটা গোটৰ মাজত চলি থকা সংঘাতৰ মাজতে তীব্ৰ কটাক্ষ কৰিছে। তেওঁ কাৰো নাম নোলোৱাকৈয়ে উদ্ধৱ

একনাথ শিণ্ডেৰ শিৱসেনা আৰু উদ্ধৱ ফৈদৰ মাজত পুনৰ বিভাজন আৰম্ভ হৈছে।উদ্ধৱ সেনাৰ ৬ জন সাংসদে যিকোনো মূহুৰ্ততে একনাথ শিণ্ডে ফৈদত যোগদান কৰিব পাৰিব বুলি চৰ্চা চলিছে।

গৃহমন্ত্ৰী অমিত শ্বাহে শিৱসেনাৰ দুয়োটা গোটৰ মাজত চলি থকা সংঘাতৰ মাজতে তীব্ৰ কটাক্ষ কৰিছে। তেওঁ কাৰো নাম নোলোৱাকৈয়ে উদ্ধৱ শিবিৰক তীব্ৰ সমালোচনা কৰি কয় যে এতিয়া এটা হে শিৱসেনা আছে, বেলেগ কোনো গোট বাকী থকা নাই। গৃহমন্ত্ৰী অমিত শ্বাহ শনিবাৰে কোলহাপুৰত আছিল। তাত তেওঁ মহালক্ষ্মী আম্বাবাই মন্দিৰ প্ৰাংগণত উন্নয়নমূলক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই সময়ছোৱাতে তেওঁ হাঁহি হাঁহি কয়, ‘প্ৰথমতে একনাথ শিণ্ডেৰ নামৰ আগত ‘শিণ্ডে গোট’ লগাব লাগিছিল, কিন্তু এতিয়া কেৱল এটাহে ‘শিৱসেনা’ বাকী ৰৈছে, এতিয়া আন কোনো গোট বাকী থকা নাই।’ অমিত শ্বাহে একনাথ শিণ্ডেক পৰিচয় কৰাই দি এই মন্তব্য কৰে।

অমিত শ্বাহে পৰিয়ালসহ পুৱাই কোলহাপুৰত উপস্থিত হৈ মহালক্ষ্মী আম্বাবাই দেৱীৰ পূজা-অৰ্চনা কৰে। ইয়াৰ পিছতে তেওঁ প্ৰকল্পসমূহৰ উদ্বোধন কৰে। দৰ্শনৰ অন্তত তেওঁ উন্নয়ন আঁচনিৰ অধীনত পৰিক্ৰমা পথ আৰু ৰাম মন্দিৰৰ সংৰক্ষণ তথা সংবৰ্ধন কাৰ্যৰ শুভাৰম্ভ কৰে। এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীচ আৰু উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেও উপস্থিত আছিল।

আচলতে একনাথ শিণ্ডেৰ শিৱসেনা আৰু উদ্ধৱ গোটৰ মাজত পুনৰ সংঘাতৰ সৃষ্টি হৈছে। উদ্ধৱ সেনাৰ ৬ গৰাকী সাংসদৰ বিষয়ে চৰ্চা চলিছে যে তেওঁলোকে যিকোনো মূহুৰ্ততে একনাথ শিণ্ডে গোটত যোগদান কৰিব পাৰে। এই সকলোকে চম্ভালিবলৈ দিল্লীত উদ্ধৱ সেনাৰ এখন বৈঠক অনুস্থিত হৈছিল, কিন্তু এইসকল লোক তাত উপস্থিত হোৱা নাছিল। এনে পৰিপ্ৰেক্ষিতত এয়া স্পষ্ট যে আটাইকেইজন সাংসদেই বিদ্ৰোহ কৰিবলৈ সাজু হৈছে। ইফালে, শুকুৰবাৰে দুয়োটা গোটে শিৱসেনা প্ৰতিষ্ঠা হোৱাৰ ৬০ বছৰ পূৰ্তি উপলক্ষে সুকীয়া সুকীয়া কাৰ্যসূচীৰ আয়োজন কৰে।

অমিত শ্বাহে কাৰ্যসূচীত ভাষণ প্ৰদান কৰি কয় যে উদ্ধৱ ঠাকৰে কংগ্ৰেছৰ কোলাত গৈ বহিছে। কংগ্ৰেছে কাণ মেলি শুনি লওক… যিজন এই দেশত জন্ম হৈছে, তেৱেঁই এই দেশত থাকিব। আমি সকলো অনুপ্ৰৱেশকাৰীক দেশৰ পৰা বাহিৰ কৰি দিম।

শেহতীয়া প্ৰৱন্ধসমূহ