ঝাৰখণ্ডৰ পৰা ৰাজ্যসভাৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত পৰিমল নাথৱানীয়ে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক কৃতজ্ঞতা জ্ঞাপন কৰে।
ঝাৰখণ্ডৰ পৰা ৰাজ্যসভাৰ ২খন আসনৰ বাবে বৃহস্পতিবাৰে (১৮ জুন) ভোটদান সম্পন্ন হয়। বিজেপিৰ সমৰ্থনত পৰিমল নাথৱানীয়ে ঝাৰখণ্ড ৰাজ্যসভা নিৰ্বাচনত জয়লাভ কৰিছে। এতিয়া নাথৱানীয়ে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু দলৰ সভাপতি নিতিন নবীনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। লগতে সাধাৰণ ৰাইজৰ স্বাৰ্থত কাম কৰাৰ আশ্বাস দিয়ে।
পৰিমল নাথৱানীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত (X) লিখিছে, “ৰাজ্যসভাৰ সদস্য হিচাপে চতুৰ্থটো কাৰ্যকালৰ বাবে সেৱা কৰাৰ সুযোগ পোৱাত মই অতি কৃতজ্ঞ। এই মুহূৰ্তটো মোৰ বাবে অতি আৱেগিক কাৰণ ঝাৰখণ্ডৰ পৰা এয়া মোৰ তৃতীয়টো কাৰ্যকাল হ’ব। এইখনেই সেই ভূমি য’ৰ পৰা ২০০৮ চনত মোৰ সংসদীয় যাত্ৰা আৰম্ভ হৈছিল। নিজৰ কৰ্মভূমিলৈ পুনৰ ঘূৰি অহাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়।”
তেওঁ আৰু লিখিছে, “মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীন আৰু বিজেপি নেতৃত্বাধীন এনডিএ-ক তেওঁলোকৰ সমৰ্থনৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঝাৰখণ্ড বিধানসভাৰ সেই সকলো সদস্যকো আন্তৰিক ধন্যবাদ জনাইছোঁ যিসকলে এই সমগ্ৰ যাত্ৰাটোত ভোট দি সমৰ্থন কৰিলে। নতুন সংকল্প আৰু সততাৰে ঝাৰখণ্ড আৰু ইয়াৰ ৰাইজৰ স্বাৰ্থ আৰু আশা-আকাংক্ষাক আগুৱাই নিবলৈ সকলো সম্ভৱপৰ প্ৰয়াস অব্যাহত থাকিব। জোহাৰ ঝাৰখণ্ড!”
ৰাজ্যসভাৰ সদস্যপদৰ বাবে এই নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা ইণ্ডিয়া (INDIA) মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে জেএমএমৰ (JMM) বৈদ্যনাথ ৰাম আৰু কংগ্ৰেছৰ প্ৰণৱ ঝা, তথা এনডিএ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী পৰিমল নাথৱানীৰ মাজত হৈছিল। সূত্ৰ অনুসৰি, জেএমএম প্ৰাৰ্থী বৈদ্যনাথ ৰামে ৩১টা ভোট লাভ কৰে। আনহাতে, এনডিএ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী পৰিমল নাথৱানীয়ে ২৮টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰণৱ ঝাই ১৯টা ভোট লাভ কৰে। ইফালে ৩টা ভোট বাতিল হৈছে।
উল্লেখ্য যে, ঝাৰখণ্ডৰ ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনক লৈ বিগত কেইবাদিনো ধৰি ৰাজ্যখনৰ ৰাজনীতি উত্তপ্ত হৈ আছিল। বিজেপি আৰু ইয়াৰ সহযোগী দলসমূহৰ বিধায়কসকল ৰাঁচীৰ এখন হোটেলত বাহৰ পাতি আছিল, আনহাতে কংগ্ৰেছেও নিজৰ বিধায়কসকলক একত্ৰিত কৰি ৰাখিবলৈ এক সুকীয়া ৰণনীতি গ্ৰহণ কৰিছিল। ৰাজনৈতিক দলসমূহৰ মাজত ক্ৰছ ভোটিঙৰ আশংকা আৰু নিৰ্বাচনী অংকক লৈ ধাৰাবাহিকভাৱে বৈঠকৰ অন্তহীন পৰ্ব চলি আছিল।
লগতে পঢ়ক: ঋতব্ৰত বেনাৰ্জীয়েই থাকিব বিৰোধী দলপতিঃ উচ্চ ন্যায়ালয়ত মমতাৰ মুখথেকেচা!









