নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক কেন উইলিয়ামছনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ এক ডাঙৰ সিদ্ধান্ত লৈছে। এই অৱসৰক লৈ আৱেগিক পোষ্ট বিৰাট কোহলীৰ ।
টিম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে তেওঁৰ অন্তৰংগ বন্ধু কেন উইলিয়ামছনৰ বাবে এটা আৱেগিক পোষ্ট লিখিছে। নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা মহান বেটছমেনগৰাকীয়ে ১২ জুনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ এক ডাঙৰ সিদ্ধান্ত লৈছে। নিউজিলেণ্ডৰ হৈ অভিলেখৰ পাহাৰ গঢ়া উইলিয়ামছনে ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ মাজতে এই ডাঙৰ সিদ্ধান্তটো লয়। তেওঁৰ অৱসৰৰ খবৰে ক্ৰীড়াপ্ৰেমীসকলৰ হৃদয় ভাঙি পেলাইছে। যোৱা বছৰ টেষ্ট ক্ৰীকেটৰ পৰা অৱসৰ ঘোষণা কৰা বিৰাট কোহলীয়ে উইলিয়ামছনৰ বাবে মন চুই যোৱা এটা পোষ্ট লিখিছে।

উল্লেখ্য যে বিৰাট কোহলী আৰু কেন উইলিয়ামছনে ইজনে সিজনক বহু বছৰ ধৰি চিনি পায়। ক্ৰিকেটৰ খেল পথাৰত দুয়োজনে সদায় ভিন্ন দলৰ হৈ খেলিছিল যদিও ইজনে সিজনৰ প্ৰতি থকা সন্মান সদায় বৃদ্ধিহে পাইছিল। শেহতীয়াকৈ অনুষ্ঠিত হোৱা আই পি এল ২০২৬ ৰ সময়তো দুয়োকে ইজনে সিজনক সাৱটি ধৰা আৰু কথা পাতি থকা দেখা গৈছিল। কোহলী আৰু উইলিয়ামছনৰ টেষ্ট কেৰিয়াৰো প্ৰায় একেই আছিল। দুয়োজনে বহু ডাঙৰ অভিলেখ গঢ়িলে যদিও ১০,০০০ ৰান সংগ্ৰহ কৰাৰ সপোনটো অসম্পূৰ্ণ হৈ ৰ’ল।
বিৰাট কোহলীয়ে নিউজিলেণ্ডৰ বন্ধু গৰাকীৰ বাবে এটা বিশেষ পোষ্ট লিখিছে। তেওঁ নিজৰ এক্স একাউণ্টত কেন উইলিয়ামছনৰ সৈতে এখন ছবি শ্বেয়াৰ কৰি লিখিছে, “প্ৰতিদ্বন্দ্বীৰ পৰা বন্ধু হোৱালৈকে যাত্ৰা। ইমান বছৰ ধৰি তোমাক বেটিং কৰা দেখা আৰু তোমাৰ বিৰুদ্ধে খেলাটো বৰ ধুনীয়া আছিল, কিন্তু তাতকৈও বেছি মই আমাৰ বন্ধুত্ব আৰু খেল তথা ইয়াৰ বাহিৰৰ কথাবোৰৰ ওপৰত আমাৰ একে চিন্তা-ভাৱনাক গুৰুত্ব দিওঁ।”
বিৰাটে আৰু লিখিছে, “আমাৰ প্ৰতিটো বাৰ্তালাপ আৰু সাক্ষাৎ মোৰ বাবে অতি বিশেষ। ভাই, মই সদায় আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। তুমি তোমাৰ কাম অতি সুন্দৰকৈ কৰিলা, এতিয়া তুমি ইয়াৰ সম্পূৰ্ণ আনন্দ ল’ব লাগে আৰু জিৰণি ল’ব লাগে। বহুত ভাল খেলিলে বন্ধু, জীৱনটো এতিয়াহে আৰম্ভ হৈছে।”
কেন উইলিয়ামছনে ১৬ বছৰ পূৰ্বে ভাৰতৰ বিৰুদ্ধে খেল খেলি আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ বিৰাট কোহলী, স্টিভ স্মিথ আৰু জো ৰুটৰ সৈতে ‘ফেৱ-৪’ ৰ অংশ আছিল। তেওঁ নিউজিলেণ্ডৰ হৈ আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় ৰান আৰু শতক অৰ্জন কৰা খেলুৱৈ।
লগতে পঢ়ক: মেক্সিকোৰ জয় বনাম ৰেড কাৰ্ডৰ অভিলেখ! বিশ্বকাপৰ উদ্বোধনী মেচতে ইতিহাস









