৪৮ টা দল, ১০৪ খন শ্বাসৰুদ্ধকৰ মেচ… আজিৰে পৰা আৰম্ভ ফিফা ফুটবল বিশ্বকাপ

৪৮ টা দল, ১০৪ খন শ্বাসৰুদ্ধকৰ মেচ… আজিৰে পৰা আৰম্ভ ফিফা বিশ্বকাপৰ মহাৰণ

আজিৰে পৰা ১৯ জুলাইলৈ ফুটবল উন্মাদনাত ডুব যাব সমগ্ৰ বিশ্ব । আজিৰে পৰা সমগ্ৰ বিশ্বক ফুটবলৰ যাদুৰে সন্মোহিত কৰিবলৈ আৰম্ভ হ’ব ফিফা বিশ্বকাপ ২০২৬ । প্ৰতীক্ষাৰ অৱসান! আজিৰে পৰা সমগ্ৰ বিশ্বক ফুটবলৰ যাদুৰে সন্মোহিত কৰিবলৈ আৰম্ভ হ’বলৈ গৈ আছে ফিফা বিশ্বকাপ ২০২৬ । কানাডা, মেক্সিকো

আজিৰে পৰা ১৯ জুলাইলৈ ফুটবল উন্মাদনাত ডুব যাব সমগ্ৰ বিশ্ব । আজিৰে পৰা সমগ্ৰ বিশ্বক ফুটবলৰ যাদুৰে সন্মোহিত কৰিবলৈ আৰম্ভ হ’ব ফিফা বিশ্বকাপ ২০২৬ ।

প্ৰতীক্ষাৰ অৱসান! আজিৰে পৰা সমগ্ৰ বিশ্বক ফুটবলৰ যাদুৰে সন্মোহিত কৰিবলৈ আৰম্ভ হ’বলৈ গৈ আছে ফিফা বিশ্বকাপ ২০২৬ । কানাডা, মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া আয়োজনত হ’বলগীয়া এইবাৰৰ বিশ্বকাপ ইতিহাসৰ আটাইতকৈ বৃহৎ ক্ৰীড়া মহোৎসৱ, য’ত প্ৰথমবাৰৰ বাবে অংশ ল’ব ৪৮টা দলে আৰু অনুষ্ঠিত হ’ব মুঠ ১০৪খন শ্বাসৰুদ্ধকৰ মেচ । ফুটবল জগতৰ কেইবাজনো মহা তাৰকাৰ দুভৰিৰ যাদু চাবলৈ এতিয়া উদগ্ৰীৱ হৈ পৰিছে কোটি কোটি অনুৰাগী ।  

উদ্বোধনী খেলখনতে মুখামুখি হ’ব গ্ৰুপ ‘এ’ৰ দুই মহাশক্তি যুটীয়া আয়োজক মেক্সিকো আৰু আফ্ৰিকান শক্তি দক্ষিণ আফ্ৰিকা । ঘৰুৱা দৰ্শকৰ বিপুল সমৰ্থনৰ জোৰত মেক্সিকোৰ দল ‘এল ত্ৰি’ এই খেলখনত ফেভাৰিট হিচাপে খেলপথাৰত নামিব ।

আমোদজনক কথাটো হ’ল, এই খেলখনে অনুৰাগীক মনত পেলাই দিছে ২০১০ চনৰ দক্ষিণ আফ্ৰিকা বিশ্বকাপৰ উদ্বোধনী মেচখনলৈ । সেইবাৰ চিপিৱে চাবালালাৰ ঐতিহাসিক গ’লেৰে দক্ষিণ আফ্ৰিকাই অগ্ৰগতি লাভ কৰিছিল যদিও মেক্সিকোৰ তাৰকা ৰাফায়েল মাৰ্কেজে গ’ল পৰিশোধ কৰি খেলখন ১-১ ড্ৰ’ কৰিছিল ।

সেই সময়ৰ তাৰকা খেলুৱৈ ৰাফায়েল মাৰ্কেজ এইবাৰ খেলপথাৰত নহয়, বৰঞ্চ মেক্সিকোৰ মুখ্য প্ৰশিক্ষক হাভিয়াৰ এগুইৰেৰ সহকাৰী প্ৰশিক্ষক হিচাপে ডাগ-আউটত বহি ৰণনীতি প্ৰস্তুত কৰিব!

ইফালে এই বিশ্বকাপত ভাৰতৰ কোনো দল নাই যদিও লক্ষ লক্ষ ভাৰতীয় ফুটবল অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে এই ক্ৰীড়া মহোৎসৱৰ শুভাৰম্ভণিৰ ক্ষণলৈ বাট চাইছে । নিজৰ প্ৰিয় তাৰকাগৰাকীৰ দুভৰিৰ ছন্দত নাচি উঠিবলৈ সাজু হৈছে অনুৰাগী ।

ফিফা বিশ্বকাপ ২০২৬ ৰ লাইভ মেচ কেনেকৈ চাব ?

সকলোবোৰ মেচ টিভিত জি এণ্টাৰটেইনমেণ্টৰ (Zee Entertainment) নতুন স্পৰ্টচ নেটৱৰ্ক ‘ইউনাইট৮ স্পৰ্টচ’ (Unite8 Sports)-ত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ’ব । আনহাতে, OTT প্লেটফৰ্মৰ কথা ক’বলৈ গ’লে, মেচসমূহৰ লাইভ ষ্ট্ৰীমিং জি৫-ত হ’ব । কোৱাৰ্টাৰ ফাইনেলৰ পৰা পৰৱৰ্তী আটাইকেইখন মেচৰ লগতে কেইখনমান নিৰ্বাচিত মেচ ডিডি স্পৰ্টচ-তো দেখুওৱা হ’ব ।

ইয়াত মন কৰিবলগীয়া এটা কথা হ’ল যে জি৫-ত মেচ চাবলৈ আপোনাৰ ওচৰত জি৫ চাবস্ক্ৰিপচন থকাটো প্ৰয়োজনীয় । যদি আপোনাৰ ওচৰত জি৫ চাবস্ক্ৰিপচন নাই, তেন্তে আপুনি এনেকুৱা যিকোনো ৰিচাৰ্জ প্লেন বাছি ল’ব পাৰে যাৰ সৈতে আপুনি জি৫-ৰ সুবিধা লাভ কৰে, অথবা আপুনি জি৫-ৰ অফিচিয়েল চাইটৰ জৰিয়তেও চাবস্ক্ৰিপচন প্লেন ক্ৰয় কৰিব পাৰে ।

কেতিয়া আৰু ক’ত হ’ব উদ্বোধনী মেচ ?

ফিফা বিশ্বকাপ ২০২৬-ৰ প্ৰথমখন খেল ১১ জুনৰ নিশা ভাৰতীয় সময় অনুসৰি ১২:৩০ বজাত আৰম্ভ হ’ব, য’ত মেক্সিকো চিটি ষ্টেডিয়ামত মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মুখামুখি হ’ব । ইয়াৰ পৰৱৰ্তী খেলখন দক্ষিণ কোৰিয়া আৰু চেকিয়াৰ মাজত অনুষ্ঠিত হ’ব । এই মেচখন শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৭:৩০ বজাত আৰম্ভ হ’ব । ১৩ জুনত ভাৰতীয় সময় অনুসৰি নিশা ১২:৩০ বজাত কানাডাৰ মুখামুখি হ’ব বছনিয়া আৰু হাৰ্জেগোভিনা আৰু ইয়াৰ পিছতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পেৰাগুৱেৰ মাজত অনুষ্ঠিত হ’ব মেচ, যিখন লচ এঞ্জেলছ ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি পুৱা ৬:৩০ বজাত আৰম্ভ হ’ব ।

লগতে পঢ়ক : একমাত্ৰ টেষ্টত ঐতিহাসিক জয় ভাৰতৰ : এক ইনিংছ আৰু ৩০০ ৰানৰ বৃহৎ ব্যৱধানত ধূলিস্যাৎ আফগানিস্তান

শেহতীয়া প্ৰৱন্ধসমূহ