লাভ কৰা খবৰ অনুসৰি, ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ দাম ২৯ টকাকৈ বৃদ্ধি কৰা হৈছে
সাধাৰণ জনতাৰ ওপৰত পুনৰ মূল্যবৃদ্ধিৰ মোক্ষম আঘাত । এইবাৰ পুনৰ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছ (LPG) চিলিণ্ডাৰৰ মূল্য । লাভ কৰা খবৰ অনুসৰি, ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ দাম ২৯ টকাকৈ বৃদ্ধি কৰা হৈছে । এই সংশোধিত নতুন মূল্য আজি অৰ্থাৎ দেওবাৰ, ৭ জুনৰ পৰা সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব ।
দিল্লীত ৯৪২ টকা হ’ল ঘৰুৱা চিলিণ্ডাৰৰ দাম-
এই শেহতীয়া মূল্য বৃদ্ধিৰ পিছত দেশৰ ৰাজধানী দিল্লীত এটা ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৯১৩ টকাৰ পৰা বৃদ্ধি পাই ৯৪২ টকা হৈছেগৈ । উল্লেখ্য যে, পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বাবে গোলকীয় শক্তি বজাৰত দেখা দিয়া ব্যাঘাতৰ বাবে যোৱা ৭ মাৰ্চতো তেল কোম্পানীসমূহে এল পি জি-ৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৬০ টকাকৈ বৃদ্ধি কৰিছিল । তাৰ ঠিক তিনি মাহৰ পাছত পুনৰ এই মূল্যবৃদ্ধিয়ে গ্ৰাহকসকলক চিন্তাত পেলাইছে ।
চৰকাৰৰ পদক্ষেপ আৰু লোকচানৰ খতিয়ান-
ইফালে, যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত এক আন্তঃমন্ত্ৰালয় সংবাদ মেলত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই দেশত গেছৰ যোগান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ কয় যে চৰকাৰে ঘৰুৱা উৎপাদন বৃদ্ধি কৰাৰ লগতে আমদানি সুৰক্ষিত কৰি এল পি জি-ৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ।
অৱশ্যে, মূল্যবৃদ্ধিৰ প্ৰসংগত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি যুটীয়া সচিবগৰাকীয়ে কয় : “যিমান দূৰ ঘৰুৱা ৰন্ধন গেছৰ এল পি জি চিলিণ্ডাৰৰ আণ্ডাৰ-ৰিকভাৰী (কোম্পানীসমূহৰ লোকচান)ৰ প্ৰশ্ন আহে, ই এতিয়াও প্ৰায় ৭০০ টকাৰ ওচৰা-উচৰি হৈ আছে ।”
কিয় হ্ৰাস পাইছে এল পি জি-ৰ চাহিদা ?
শেহতীয়াকৈ এল পি জি-ৰ চাহিদা কিছু পৰিমাণে হ্ৰাস পোৱাৰ সন্দৰ্ভত সুজাতা শৰ্মাই তিনিটা মুখ্য কাৰণ উল্লেখ কৰে :
-ব্যৱসায়িক ব্যৱহাৰ হ্ৰাস : ব্যৱসায়িক আৰু ঔদ্যোগিক ব্যৱহাৰকাৰীসকলৰ দ্বাৰা এল.পি.জি.ৰ ব্যৱহাৰ পূৰ্বতকৈ হ্ৰাস পাইছে ।
-বুকিং প্ৰক্ৰিয়াৰ পৰিচালনা : চৰকাৰে বৰ্তমান ২৫ দিন আৰু ৪৫ দিনৰ বুকিং পিৰিয়ড (সময়সীমা) উন্নতভাৱে পৰিচালনা কৰিবলৈ সক্ষম হৈছে ।
-ডি এ চি ব্যৱস্থা : প্ৰযুক্তি-নিৰ্ভৰ ডি এ চি (Delivery Authentication Code) সংযোজিত ডেলিভাৰী ব্যৱস্থাৰ বাবেও চাহিদা আৰু যোগানৰ মাজত এক সন্তুলন আহিছে ।
আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অস্থিৰতাৰ বাবে দেশত এইদৰে বাৰে বাৰে ৰন্ধন গেছৰ মূল্য বৃদ্ধি হোৱাটোৱে মধ্যবিত্ত আৰু নিম্ন-মধ্যবিত্ত পৰিয়ালসমূহৰ পাকঘৰৰ বাজেট যে বিপৰ্যস্ত কৰিব, সেয়া নিশ্চিত ।
লগতে পঢ়ক : পশ্চিম এচিয়াৰ সংঘাতৰ আশংকাৰ মাজতো ভাৰতৰ অৰ্থনীতিৰ বাবে আশাব্যঞ্জক খবৰ









