অসমক দেশৰ শ্রেষ্ঠ ৰাজ্য কৰাই আমাৰ লক্ষ্য: এনডিএৰ নেতা নিৰ্বাচিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

অসমক দেশৰ শ্রেষ্ঠ ৰাজ্য কৰাই আমাৰ লক্ষ্য: এনডিএৰ নেতা নিৰ্বাচিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

এনডিএ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ভিতৰতে অন্যতম উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প দোহাৰে দেওবাৰে বিজেপি আৰু এনডিএ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ভিতৰতে অন্যতম উন্নত ৰাজ্য হিচাপে

এনডিএ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ভিতৰতে অন্যতম উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প দোহাৰে

দেওবাৰে বিজেপি আৰু এনডিএ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ ভিতৰতে অন্যতম উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প দোহাৰে । গুৱাহাটীত অনুষ্ঠিত নৱনিৰ্বাচিত বিধায়কসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাই ড০ শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে ঘোষণা কৰে ।

নিৰ্বাচিত হোৱাৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰি ড০ শৰ্মাই কয় যে অহা ১২ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নতুন মন্ত্ৰী পৰিষদে শপত গ্ৰহণ কৰিব । তেওঁ উল্লেখ কৰে যে মিত্ৰজোঁটে অতি সোনকালে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয়, “প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদত অসমে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে এনডিএ চৰকাৰ লাভ কৰিছে । আমি ৰাইজৰ বিশ্বাস অক্ষুণ্ণ ৰাখি অনাগত পাঁচ বছৰ কেৱল উন্নয়নৰ কামত মনোনিৱেশ কৰিম ।” ভাষণ প্ৰসংগত তেওঁ অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সহযোগৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে শেহতীয়া বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ-য়ে বিপুল জনাদেশ লাভ কৰিছে । মুঠ ১২৬খন আসনৰ ভিতৰত মিত্ৰজোঁটে ১০২খন আসনত জয়লাভ কৰিছে । ইয়াৰে বিজেপিয়ে অকলে ৮২খন আসন লাভ কৰাৰ বিপৰীতে মিত্ৰদল অগপ আৰু বিঅ’পিএফে ১০খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে । আনহাতে বিৰোধী দলসমূহে মাত্ৰ ৭৫খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় ।

লগতে পঢ়ক : ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ

শেহতীয়া প্ৰৱন্ধসমূহ