কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এলৰ নতুন ছিজন? আগবাঢ়িব পাৰে দুটা দিন

কেতিয়াৰ পৰা আৰম্ভ হ’ব আই পি এলৰ নতুন ছিজন? আগবাঢ়িব পাৰে দুটা দিন

ওচৰ চাপি আহিছে আই পি এল ২০২৬ৰ দিন। আই পি এল ২০২৬ ত অংশগ্ৰহণ কৰিব লগা দল সমূহে আৰম্ভ কৰিছে অনুশীলন। ইফালে প্ৰথমখন খেলৰ তাৰিখ এদিন বা দুদিন আগুৱাব পাৰে বুলিও খবৰ ওলাইছে। ইতিমধ্যে আই পি এল ২০২৬ৰ প্ৰস্তুতি আৰম্ভ হৈছে।আনকি বহু দলে অনুশীলন আৰম্ভ

ওচৰ চাপি আহিছে আই পি এল ২০২৬ৰ দিন। আই পি এল ২০২৬ ত অংশগ্ৰহণ কৰিব লগা দল সমূহে আৰম্ভ কৰিছে অনুশীলন। ইফালে প্ৰথমখন খেলৰ তাৰিখ এদিন বা দুদিন আগুৱাব পাৰে বুলিও খবৰ ওলাইছে।

ইতিমধ্যে আই পি এল ২০২৬ৰ প্ৰস্তুতি আৰম্ভ হৈছে।আনকি বহু দলে অনুশীলন আৰম্ভ কৰিছে। ইফালে, মাৰ্চ মাহৰ শেষ সপ্তাহৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা থকাৰ খবৰ ওলাইছে।

অৱশ্যে এই সময়সূচী এতিয়াও বিচিচিআইয়ে ঘোষণা কৰা নাই।এতিয়া পোহৰলৈ আহিছে যে আইপিএলৰ আৰম্ভণি দুটা দিন আগবাঢ়িব পাৰে। অৱশ্যে কোনদিনা প্ৰথমখন মেচ অনুষ্ঠিত হ’ব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।

আই পি এল ২০২৬ৰ প্ৰথমখন মেচ কেতিয়া অনুষ্ঠিত হ’ব বি চি চি আইয়ে সেয়া এতিয়াও ঘোষণা কৰা নাই ।যদিও পূর্বে আশা কৰা হৈছিল যে প্রথমখন খেল ২৬ মাৰ্চত অনুষ্ঠিত হ’ব,কিন্তু এতিয়া যেন দিনটো এদিন বা দুদিন আগবাঢ়িব পাৰে।

ক্ৰিকবাজে প্ৰকাশ কৰা অনুসৰি ২৮ মাৰ্চত বিচিচিআইয়ে প্ৰথমখন মেচ অনুষ্ঠিত কৰিব পাৰে,কিন্তু ২৯ মাৰ্চৰ কথাও বিবেচনা কৰা হৈছে।

ইফালে সমগ্ৰ আই পি এল ছিজনৰ সূচী বি চি চি আইয়ে মাৰ্চ মাহৰ প্ৰথম সপ্তাহতেই ঘোষণা কৰিব বুলি আশা কৰা হৈছে।

যদিও বিচিচিআইয়ে ২৬ মাৰ্চৰ পৰা আইপিএল আৰম্ভ হোৱাৰ কথা ঘোষণা কৰা নাছিল,কিন্তু আভ্যন্তৰীণভাৱে আলোচনা হৈ আছিল।

প্ৰথমে ৩১ মে’ত ফাইনেল অনুষ্ঠিত হ’বলগীয়া আছিল,কিন্তু এতিয়া এনে লাগে যেন এইটোও আগুৱাই নিয়াৰ সম্ভাৱনা আছে।কিন্তু এই সকলোবোৰ এতিয়াও ঘোষণা কৰা হোৱা নাই।

লগতে পঢ়ত: ‘এই কঠিন সময়ত মোৰ প্ৰাৰ্থনা আপোনালোকৰ লগত’; ৰিংকু সিঙৰ পিতৃৰ মৃত্যুত বিৰাট কোহলীৰ শোক প্ৰকাশ

শেহতীয়া প্ৰৱন্ধসমূহ