শেষ হ’ল ১৪ বছৰীয়া বিবাহৰ সম্পৰ্ক; -জয় ভানুশালিয়ে নিশ্চিত কৰিলে বিবাহ বিচ্ছেদৰ কথা

অন্ত পৰিল ১৪ বছৰীয়া বিবাহৰ সম্পৰ্ক; -জয় ভানুশালীয়ে বিবাহ বিচ্ছেদত লগালে মোহৰ

অৱশেষত জয় ভানুশালী আৰু মাহী বিজে নিশ্চিত কৰিলে বিবাহ বিচ্ছেদৰ কথা। শেষ হ’ল শেষ হ’ল ১৪ বছৰীয়া বিবাহৰ সম্পৰ্ক টিভি উদ্যোগৰ বিখ্যাত দম্পতী মাহী বিজ আৰু জয় ভানুশালীয়ে অৱশেষত বিবাহ বিচ্ছেদৰ কথা নিশ্চিত কৰিলে।দুয়োজনে পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে,যাৰ বাবে তেওঁলোকৰ ১৪ বছৰীয়া বিবাহৰ

অৱশেষত জয় ভানুশালী আৰু মাহী বিজে নিশ্চিত কৰিলে বিবাহ বিচ্ছেদৰ কথা। শেষ হ’ল শেষ হ’ল ১৪ বছৰীয়া বিবাহৰ সম্পৰ্ক

টিভি উদ্যোগৰ বিখ্যাত দম্পতী মাহী বিজ আৰু জয় ভানুশালীয়ে অৱশেষত বিবাহ বিচ্ছেদৰ কথা নিশ্চিত কৰিলে।দুয়োজনে পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে,যাৰ বাবে তেওঁলোকৰ ১৪ বছৰীয়া বিবাহৰ অন্ত পৰিল।

এই খবৰ ওলোৱাৰ পিছত তেওঁলোকৰ অনুৰাগীসকল আৱেগিক হৈ পৰিল,কাৰণ মাহী আৰু জয়ক শক্তিশালী আৰু সুখী দম্পতী হিচাপে গণ্য কৰা হয়।দীৰ্ঘদিন ধৰি দম্পতীহালৰ বিচ্ছেদৰ উৰাবাতৰি চলি আছিল।

মাহী বিজ আৰু জয় ভানুশালীয়ে যৌথ বিবৃতিত কয় যে,তেওঁলোকে এই সিদ্ধান্ত অতি চিন্তাশীল আৰু শান্তিভাৱে লৈছে।দুয়োজনে স্পষ্ট কৰি দিলে যে তেওঁলোকৰ সম্পৰ্কত কোনো দোষ বা বেয়া নাই।

এই বিচ্ছেদ নেতিবাচকতাৰ বাবে নহয়,বৰঞ্চ মানসিক শান্তি,পাৰস্পৰিক সন্মান আৰু উন্নত ভৱিষ্যতৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।

ইনষ্টা ষ্ট’ৰী আপডেটত দম্পতীহালে লিখিছে-‘আজি আমি এনে এটা পইণ্টত উপনীত হ’লোঁ,যাক জীৱনে আমাৰ বাবে বাছি লৈছে’।

‘আমি একেলগে প্ৰেম, প্ৰগতি, বুজাবুজি আৰু মানৱতাৰ ভাগ কৰা মূল্যবোধক আগুৱাই লৈ গৈছিলো।শান্তিৰ কাৰণে,আমাৰ ল’ৰা-ছোৱালীৰ বাবে, সুখৰ বাবে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল – ইজনে সিজনৰ বাবে,আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো’।

‘আমি প্ৰথম আৰু প্ৰধানকৈ বেষ্ট ফ্ৰেণ্ড হৈ থাকিম আৰু জীৱনে আমাৰ বাবে যিয়েই নহওক কিয়,আমি সম্পূৰ্ণ সন্মান আৰু বুজাবুজিৰে ইয়াৰ সন্মুখীন হ’ম’।

‘যদিও এতিয়া আমাৰ পথ বেলেগ, এই সিদ্ধান্তত কোনো খলনায়ক নাই।এই কাহিনীটো নেতিবাচকতা বা কোনো ভুলৰ বিষয়ে নহয়’।

‘অনুগ্ৰহ কৰি বুজি লওক যে আমি শান্তি আৰু আমাৰ মানসিক স্বাস্থ্যৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছো-আন কোনো কাৰণত নহয়’।

‘আমি ইজনে সিজনক সন্মান কৰি যাম,আমি ইজনে সিজনক সহায় কৰিম আৰু ইজনে সিজনৰ বাবে প্ৰাৰ্থনা কৰি যাম।আমি আপোনালোকক আমাৰ সিদ্ধান্তক সন্মান কৰিবলৈও অনুৰোধ জনাইছো,আমাক মৰম আৰু বুজাবুজি দিয়ক, আৰু আমাৰ গোপনীয়তাক সন্মান কৰক,যাতে আমি আগবাঢ়িব পাৰো – মাহী আৰু জয় ভানুশালি।’

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত বিশিষ্ট অভিনেতা আশীষ বিদ্যাৰ্থী; তীব্ৰবেগী বাইকে মাৰিলে খুন্দা

শেহতীয়া প্ৰৱন্ধসমূহ