'যদি একনায়কত্ববাদীসকলৰ সৈতে এনেদৰে…’; মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত জেলেনস্কিৰ প্ৰথম প্ৰতিক্ৰিয়া

‘যদি একনায়কত্ববাদীসকলৰ সৈতে এনেদৰে…’; মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত জেলেনস্কিৰ প্ৰথম প্ৰতিক্ৰিয়া

নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্ল’ডিমিৰ জেলেনস্কিয়ে। ভেনিজুৱেলাত আমেৰিকাই গ্ৰহণ কৰা সামৰিক ব্যৱস্থা আৰু ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰা ঘটনাই নিশ্চিতভাৱে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে। আমেৰিকাৰ এই কাৰ্য্যক লৈ বহু দেশৰ পৰা প্ৰতিক্ৰিয়া দেখা গৈছে।ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্ল’ডিমিৰ জেলেনস্কিৰ

নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্ল’ডিমিৰ জেলেনস্কিয়ে।

ভেনিজুৱেলাত আমেৰিকাই গ্ৰহণ কৰা সামৰিক ব্যৱস্থা আৰু ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক গ্ৰেপ্তাৰ কৰা ঘটনাই নিশ্চিতভাৱে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে।

আমেৰিকাৰ এই কাৰ্য্যক লৈ বহু দেশৰ পৰা প্ৰতিক্ৰিয়া দেখা গৈছে।ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্ল’ডিমিৰ জেলেনস্কিৰ এক বিবৃতিও আহিছে।কোনো নেতাৰ নাম নোলোৱাকৈয়ে কটু সুৰত এই বক্তব্য আগবঢ়ায় জেলেনস্কিয়ে।

ভেনিজুৱেলাৰ বিৰুদ্ধে ড’নাল্ড ট্ৰাম্পৰ এই কাৰ্যক লৈ যেতিয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি গৰাকীক তেওঁৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধা হৈছিল,তেতিয়া তেওঁ কটু সুৰত কয়,”যদি একনায়কত্ববাদীৰ সৈতে এনেদৰে মোকাবিলা কৰাটো সম্ভৱ, তেন্তে আমেৰিকাই জানে,ইয়াৰ পিছত কি কৰিব।’

অৱশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে কোনো নেতাৰ নাম উল্লেখ কৰা নাই।যদিও তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কথা কৈছিল,এই সকলোবোৰ মই বুজিলোঁ। ইউৰোপীয় দেশসমূহৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত তেওঁ এই মন্তব্য কৰে।

লগতে পঢ়ক: আমেৰিকাৰ জিম্মাত ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি… বন্দিত্বৰ প্ৰথমখন ফটো প্ৰকাশ ট্ৰাম্পৰ

শেহতীয়া প্ৰৱন্ধসমূহ